ETV Bharat / sports

IPLৰ ৰোমাঞ্চকৰ খেলত দিল্লীৰ হাতত ধৰাশায়ী গুজৰাট - DC VS GT IPL 2024

DC VS GT IPL 2024: আই পি এল ২০২৪ ৰ ৪০ সংখ্যক মেচত দিল্লী কেপিটেলছে গুজৰাট টাইটানছক ৪ ৰানত পৰাস্ত কৰে । দিল্লীয়ে নিৰ্ধাৰিত কৰি দিয়া ২২৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটৰ দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২২০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:12 PM IST

Updated : Apr 25, 2024, 9:23 AM IST

DC VS GT
DC VS GT IPL 2024

নিউজ ডেস্ক, ২৪ এপ্ৰিল: দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৪ৰ ৪০ সংখ্যক মেচখনত দিল্লী কেপিটেলে গুজৰাট টাইটানছক ৪ ৰাণত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ২২৪ ৰান সংগ্ৰহ কৰে । দিল্লীৰ এই লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছৰ দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ২২০ ৰানহে কৰিবলৈ সক্ষম হয় ৷ গুজৰাট টাইটানছৰ আৰম্ভণি অতি হতাশজনক আছিল ৷ গুজৰাটে দ্বিতীয় অভাৰত অধিনায়ক শুভ্মান গিলৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় । গিলে মাত্ৰ ৬ ৰানহে কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পাছতে দ্বিতীয় উইকেটৰ বাবে সাহা আৰু সুদৰ্শনৰ মাজত ৪৯টা বলত ৮২ ৰানৰ অংশীদাৰিত্ব হয় । ২৫টা বলত ৩৯ ৰান সংগ্ৰহ কৰি আউট হৈছিল সাহা । ওমৰজাই মাত্ৰ এটা ৰানহে কৰে । সাই সুদৰ্শনে ৭টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৩৯টা বলত ৬৫ ৰান সংগ্ৰহ কৰে । শ্বাহৰুখে ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল, ৰাহুল তেৱাতিয়াই ৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল । ডেভিড মিলাৰে ২১টা বলত দ্ৰুত পঞ্চাশ ৰান সংগ্ৰহ কৰে যদিও ২৩টা বলত ৫৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ছাই কিশোৰে ৬টা বলত ১৩ ৰান সংগ্ৰহ কৰে । ১১টা বলত ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ৰছিদ খান । দিল্লীৰ হৈ ৰশিখে তিনিটা আৰু কুলদীপে দুটা উইকেট দখল কৰে ।

উল্লেখ্য যে, এই ছিজনত এই দুটা দলৰ মাজত প্ৰথমখন খেলত দিল্লীয়ে গুজৰাটক ৬ উইকেটত পৰাস্ত কৰিছিল । বুধবাৰৰ খেলখনত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলে । দিল্লী কেপিটেলছৰ আৰম্ভণি দুৰ্বল আছিল যদিও অক্ষৰ পেটেল আৰু অধিনায়ক ঋষভ পন্টৰ যুটিয়ে দলটোক ২২৪ ৰাণৰ এক শক্তিশালী স্থিতিত উপনীত কৰে ।

দিল্লীৰ দুই অপেনাৰ পৃথ্বি শ্ব আৰু জেক ফ্ৰেছাৰে ক্ৰমে ১১ আৰু ২৩ ৰাণ কৰি বিদায় লোৱাৰ পিচত সাই হপেও ৫ ৰাণ কৰিয়েই আউট হয় । কিন্তু অক্ষৰ পেটেল আৰু ঋষভ পন্টে দলক ৪৪ ৰাণৰ পৰা ১৫৭ ৰাণলৈ আগুৱাই নিয়ে । ৪৩ টা বলত ৫ টা বাউণ্ডেৰী আৰু ৪ টা ছিক্সাৰৰ সহায়ত ৬৬ ৰাণ সংগ্ৰহ কৰে অক্ষৰে ।

ইফালে অধিনায়ক পন্টে ৪৩ টা বলত ৫ টা বাউণ্ডেৰী আৰু ৮ টা ছিক্সাৰৰ সহায়ত ৮৮ ৰাণৰ অপৰাজিত ইনিংছ খেলে । ষ্টাবছে মাত্ৰ ৭ টা বলত ৩ টা বাউণ্ডেৰী আৰু ২ টা ছিক্সাৰৰ সহায়ত ২৬ ৰাণ সংগ্ৰহ কৰে । নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত দিল্লীয়ে সংগ্ৰহ কৰে ২২৪ ৰাণ । গুজৰাটৰ হৈ ৱেৰিয়াৰে ১৫ ৰাণৰ বিনিময়ত ৩ টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।

এই পৰ্যন্ত দিল্লী আৰু গুজৰাটৰ মাজত মুঠ ৪ খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত দুয়োটা দলে ২-২ মেচত জয়লাভ কৰি ২-২ মেচত পৰাজয়ৰ সন্মুখীন হৈছে । এতিয়া এই মেচত দুয়োটা দলে নিজৰ নিজৰ পৰিসংখ্যা আৰু অধিক উন্নত কৰাৰ সুযোগ পাব ।

লগতে পঢ়ক: লক্ষ্ণৌৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত চি এছ কে - IPL 2024

Last Updated : Apr 25, 2024, 9:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.