ETV Bharat / sports

আই পি এল 2024ৰ উদ্বোধনী খেলত চিএছকেৰ হাতত ৬ উইকেটত পৰাস্ত আৰচিবি - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 8:30 PM IST

Updated : Mar 23, 2024, 12:10 AM IST

IPL 2024 : আৰম্ভ হ’ল ক্ৰিকেটৰ মহাৰণ আই পি এল 2024 ৷ আই পি এল 2024-ৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰি জয়েৰে অভিযান আৰম্ভ যোৱা বৰ্ষৰ বিজয়ী চেন্নাই ছুপাৰ কিংছৰ । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ আৰচিবিয়ে বান্ধি দিয়া ১৭৪ ৰাণৰ লক্ষ্য ৪ উইকেটৰ বিনিময়ত ১৮.৪ অভাৰতে অতিক্ৰম কৰে চেন্নাইৰ দলে ।

CSK vs RCB
টছত জিকি বেটিঙৰ সিন্ধান্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

স্পৰ্টছ ডেস্ক, ২২ মাৰ্চ: ক্ৰিকেটপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই 22 মাৰ্চ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে ক্ৰিকেটৰ মহাৰণ আই পি এল 2024 ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথমখন খেলত আজি চেন্নাই ছুপাৰ কিংছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে ৷

জয়ৰ বাবে ১৭৪ ৰাণৰ পম খেদি ঘৰুৱা দলটোৱে ৪ টা উইকেট হেৰুৱাই ৮ টা বল বাকী থাকোতেই ১৮.৪ অভাৰত লক্ষ্যত উপনীত হয় । ইমপেক্ট খেলুৱৈ শিৱম দুৱে আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ অপৰাজিত ইনিংছ দুটাই চেন্নাইৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । দুবেই ২৮ টা বলত ৪ টা চাৰি আৰু এটা ছয়েৰে ৩৪ ৰাণৰ অপৰাজিত হৈ থকাৰ বিপৰীতে জাদেজাই ১৭ বলত ২৫ ৰাণ কৰে য’ত আছিল এটা অভাৰ বাউণ্ডেৰী ।

ঘৰুৱা দলটোৰ হৈ আইপিএলত অভিষেক ঘটোৱা ৰাচিন ৰবীন্দ্ৰই ৩৭ ৰাণৰ বৰঙনি আগবঢ়োৱাৰ উপৰিও জ্যেষ্ঠ খেলুৱৈ আজিংক্য ৰাহানেই ২৭ ৰাণ আৰু ডেৰেল মিচেলে ২২ ৰাণ কৰি হালধীয়া বাহিনীৰ জয়ত বিশেষ ভূমিকা গ্ৰহণ কৰে ।

আলহী দলৰ হৈ অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণে ২৭ ৰাণ খৰচ কৰি ২ টা উইকেট লোৱাৰ বিপৰীতে যশ দয়ালে ২৮ ৰাণ দি আৰু কৰণ শৰ্মাই ২৪ ৰাণৰ বিনিময়ত একোটাকৈ উইকেটৰ পতন ঘটায় ।

ইয়াৰ পূৰ্বে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ফাফ ডুপ্লেছিয়ে চেপকৰ পিচত প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় কিন্তু দলটোৱে এক আশাব্য়ঞ্জক আৰম্ভণি লাভ কৰাত সফল নহ’ল । এটা সময়ত ৭৮ ৰাণত ৫ উইকেট হেৰুৱাই অতিথি দলটো বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও উইকেটৰক্ষক বেটছমেন অনুজ ৰাৱত আৰু অভিজ্ঞ দীনেশ কাৰ্তিকে মিলি সেই স্থিতিৰ পৰা দলক উদ্ধাৰ কৰি এক সন্মানজনক স্কোৰত উপনীত কৰোৱাবলৈ সক্ষম হয় । নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৩ ৰাণ সংগ্ৰহ কৰে বেংগালুৰুৰ দলটোৱে ।

ৰাৱতে ২৫ বলত ৪৮ ৰাণৰ এক আগ্ৰাসী ইনিংছ উপহাৰ দিয়ে য’ত আছিল ৪ টা বাউণ্ডেৰী আৰু ৩ টা ছয় । বিপৰীতে কাৰ্তিকে ২৬ বলত ৩৮ ৰাণ কৰি ৰাৱতক যোগ্য সংগ দিয়ে । কাৰ্তিকে নিজৰ ইনিংছটো ৪ টা বাউণ্ডেৰী আৰু ৩ টা ছয়ৰে সজায় ।

ইয়াৰ পূৰ্বে পাৰিবাৰিক কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশ লোৱাৰ পৰা বিৰত থকা তাৰকা খেলুৱৈ বিৰাট কোহলীৰ খেলপথাৰত প্ৰত্যৱৰ্তন বৰ আশাপ্ৰদ নহ’ল । ২০ টা বলৰ সন্মুখীন হৈ বিৰাটে এটা ৬ৰ সহায়ত কেৱল ২১ ৰাণহে কৰিবলৈ সক্ষম হয় । অৱশ্যে এই ইনিংছতে ক্ৰিকেটৰ সংক্ষিপ্ত সংস্কৰণত ১২০০০ ৰাণ কৰাৰ অভিলেখ গঢ়ে কোহলীয়ে । লগতে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেন ৰূপে পৰিগণিত হয় টীম ইণ্ডিয়াৰ শীৰ্ষ খেলুৱৈগৰাকী ।

আনহাতে দলক এক আক্ৰমণাত্মক আৰম্ভণি দিয়া অধিনায়ক ডুপ্লেছিয়ে ৮ চাৰি কোৱাই ২৩ বলত ৩৫ ৰাণ কৰে । পিছে মিডিল অৰ্ডাৰত ৰজত পাতিদাৰ (১), গ্লেন মেক্সৱেল (১) আৰু ১৭.৫ কোটি টকাত মুম্বাই ইণ্ডিয়ানছৰ পৰা অহা কেমেৰুণ গ্ৰীণে (১৮) দলীয় স্কোৰত বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় । চেন্নাইৰ হৈ ২৯ ৰাণৰ বিনিময়ত ৪ টা দখল কৰি আটাইতকৈ সফল ব’লাৰ হিচাপে পৰিণত হয় মুস্তাফিজুৰ ৰহমান । দীপক চাহাৰে ৩৭ ৰাণ দি এটা উইকেট দখল কৰে ।

খেলৰ আৰম্ভণিতে আড়ম্বৰপূৰ্ণ অনুষ্ঠান উপভোগ কৰে দৰ্শকে ৷ য'ত এ আৰ ৰহমান, চনু নিগম, অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে এক সুন্দৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ৷

দুয়োটা দলৰ খেলুৱৈ:

চেন্নাই ছুপাৰ কিংছ : ৰুতুৰাজ গায়কোৱাড (অধিনায়ক), ৰাচিন ৰবীন্দ্ৰ, আজিংক্য ৰাহানে, ডেৰেল মিচেল, ৰবীন্দ্ৰ জাদেজা, সমীৰ ৰিজৱী, এম এছ ধোনী (উইকেটৰক্ষক), দীপক চাহাৰ, মহীশ থিকছনা, মুস্তাফিজুৰ ৰহমান, তুষাৰ দেশপাণ্ডে

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু : ফাফ ডু প্লেছি(অধিনায়ক), বিৰাট কোহলী, ৰজত পাটিদাৰ, গ্লেন মেক্সৱেল, কেমেৰুন গ্ৰীণ, দিনেশ কাৰ্তিক, অনুজ ৰাৱত (উইকেটৰক্ষক), কৰ্ণ শৰ্মা, আলজাৰী জোচেফ, মায়ংক ডাগৰ, মহম্মদ ছিৰাজ ৷

লগতে পঢ়ক:আজিৰে পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB - IPL 2024 FIXTURE

Last Updated : Mar 23, 2024, 12:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.