ETV Bharat / sports

শ্ৰীলংকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয়, নায়কৰ ৰূপ আনৰিচ নৰ্টজে - ICC T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 7:26 AM IST

ICC T20 World Cup 2024: নাছাউ ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন খেলতে যথেষ্ট হতাশাৰ সন্মুখীন শ্ৰীলংকাৰ দল । মাত্ৰ ৭৭ ৰাণতে অলআউট দলটো । দক্ষিণ আফ্ৰিকাৰ বলাৰ আনৰিচ নৰ্টজেয়ে মাত্ৰ ৭ ৰাণ দি ৪ টা উইকেট দখল কৰে । আকৰ্ষণীয় ৰাণ ৰেটৰ সৈতে দক্ষিণ আফ্ৰিকাৰ টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ।

ICC T20 World Cup 2024
শ্ৰীলংকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয় (ETV Bharat)

স্পৰ্টছ ডেস্ক,৪ জুন : চলিত টি-২০ বিশ্বকাপত সোমবাৰৰ এখন মেচত দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয় । দক্ষিণ আফ্ৰিকাৰ বলাৰ বিশেষকৈ আনৰিচ নৰ্টজেৰ সন্মুখত ধৰাশায়ী শ্ৰীলংকা দল । শ্ৰীলংকাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু খেলখনত দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণ উন্নত মানৰ আছিল । যাৰবাবে মাত্ৰ ৭৭ ৰাণ কৰিয়ে ইনিংছ সামৰিব লগা হ'ল শ্ৰীলংকা দলে । দক্ষিণ আফ্ৰিকাৰ বলাৰ নৰ্টজে কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৪ টা উইকেট দখল কৰিবলৈ সক্ষম হয় । মাত্ৰ ৭ ৰাণ দি নৰ্টজেয়ে এই উইকেটসমূহ দখল কৰে । যাৰ ফলত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৬ উইকেটৰ ব্যৱধানত বিজয় সুৰক্ষিত কৰে ।

দক্ষিণ আফ্ৰিকাৰ হৈ আন বলাৰসকল ক্ৰমে কাগিচো ৰাবাডা (২/২১) আৰু কেশৱ মহাৰাজেও (২/২২) প্ৰভাৱশালী বলিং প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় । শ্ৰীলংকাই ১৯.১ অভাৰত ৭৭ ৰাণতে অলআউট হয় । শ্ৰীলংকাৰ এয়া টি-২০ ইতিহাসৰ সৰ্বনিম্ন স্ক'ৰ আছিল । তুলনামূলকভাৱে দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলৰ বাবেও এই স্ক'ৰ ইমান সহজ নাছিল । টাৰ্গেট সৰু হ'লেও শ্ৰীলংকাৰ বলাৰসকলে প্ৰথমে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল । যাৰবাবে ২৭ ৰাণতে দক্ষিণ আফ্ৰিকাই ২ টা উইকেট হেৰুৱাইছিল ।

শ্ৰীলংকাৰ ৰিস্ট স্পিনাৰ ৱানিন্দু হাচাৰাঙ্গাই ৩ অভাৰত তেওঁৰ ১৭ ৰাণ দি ২ টা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ বেটছমেনক কিছু নিয়ন্ত্ৰণৰ চেষ্টা কৰে । তেওঁ কুইন্টন ডি কক (২০) আৰু ট্ৰিষ্টান ষ্টবছ (১৩)ৰ উইকেট দখল কৰে । কিন্তু স্ক'ৰ ব'ৰ্ডৰ চাপৰ অভাৱৰ বাবে দক্ষিণ আফ্ৰিকাই ১৬.২ শ্ৰীলংকাই বান্ধি দিয়া লক্ষ্যত উপনীত হয় । ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ নেট ৰাণ-ৰেটত এক গুৰুত্বপূৰ্ণ বৃদ্ধি দেখা গৈছে ।

খেলখনৰ পৰা দক্ষিণ আফ্ৰিকাই ১.০৪৮ ৰ এনআৰআৰৰ সৈতে দুই পইণ্ট অৰ্জন কৰে । দলটোৱে এতিয়া গ্ৰুপ-Dক নেতৃত্ব দিব । এই গ্ৰুপত বাংলাদেশ, নেপাল আৰু নেডাৰলেণ্ডো আছে ।

ইফালে নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ড্ৰপ-ইন পিটছে লংকান বেটছমেনসকলৰ বাবে এক দুঃস্বপ্ন হিচাপে প্ৰমাণিত হয় । কিয়নো দলটোৱে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় আনহাতে আউটফিল্ডো লেহেমীয়া আছিল ।

লগতে পঢ়ক:আই পি এলৰ সময়ত সদায়েই টি-২০ বিশ্বকাপৰ বাচনিৰ বিষয়টোৱে মোক চিন্তিত কৰিছিল: সঞ্জু চেমছন - T20 World Cup 2024

লগতে পঢ়ক:টি-২০ বিশ্বকাপ ২০২৪ ত বিজয়ীৰ লগতে বাকী দলসমূহে কিমান ধন লাভ কৰিব ? চাওক সবিশেষ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.