ETV Bharat / sports

"বেটৰ পৰা ওলাই জুই, চাৰি-ছয়ৰ বৰষুণ" সুকীয়া শৈলীৰে জন্মদিনৰ শুভেচ্ছা যুৱৰাজৰ - INDIAN CRICKETER BIRTHDAY

author img

By ETV Bharat Sports Team

Published : Sep 4, 2024, 7:47 PM IST

Yuvraj Singh: শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা বাওঁহতীয়া তাৰকা বেটছমেনজনৰ আজি জন্মদিন । এই বিশেষ দিনটোৰ বাবে প্ৰাক্তন তাৰকা বেটছমেন যুৱৰাজ সিঙে জনাইছে অভিনন্দন । পঢ়ক বিতং খবৰ...

INDIAN CRICKETER BIRTHDAY
স্পিনাৰ অভিষেক শৰ্মাৰ আজি জন্মদিন (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেটত বেটৰ ধুমুহাৰে বলাৰক দিশহাৰা কৰি তোলা বাওঁহতীয়া বিস্ফোৰক বেটছমেন তথা স্পিনাৰ অভিষেক শৰ্মাৰ আজি জন্মদিন ৷ খেলুৱৈগৰাকীয়ে ভৰি দিছে 24 বছৰত ৷

অভিষেক শৰ্মাৰ জন্মদিন উপলক্ষে গুৰু আৰু আদৰ্শ যুৱৰাজ সিঙে এক অনন্য শৈলীৰে ক্ৰিকেটাৰগৰাকীক জনাইছে শুভেচ্ছা ৷ অভিষেকে যুৱৰাজৰ পৰা আক্ৰমণাত্মক বেটিং আৰু উৎকৃষ্ট বলিঙৰ সূক্ষ্ম কৌশল আয়ত্ব কৰিছে । সম্প্ৰতি খেলুৱৈগৰাকীক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু ভাৰতীয় ক্ৰিকেট দলৰ বাবে নিজৰ দক্ষতা প্ৰদৰ্শন কৰা দেখা গৈছে ।

যুৱৰাজ সিঙে অভিষেক শৰ্মাক জনাই শুভেচ্ছা

যুৱৰাজ সিঙে এই বিশেষ দিনটোৰ শুভেচ্ছা জনাবলৈ গৈ লিখিছিল এনেদৰে, "শুভ জন্মদিন অভিষেক ছাৰ । আশা কৰোঁ আপুনি এই বছৰৰ দৰে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব ৷ আগন্তুক বছৰটোৰ বাবে যথেষ্ট মৰম আৰু শুভকামনা" ৷

যুৱৰাজ সিঙে তেওঁৰ পোষ্টটোত অভিষেক শৰ্মাক ছাৰ বুলি সম্বোধন কৰিছে, যিটো খেলুৱৈগৰাকীৰ বাবে এক ডাঙৰ উপহাৰ ।

যুৱৰাজ সিঙে এই বিশেষ দিনটোক উদ্দেশ্যি এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে ৷ য’ত তেওঁক অভিষেকক প্ৰশিক্ষণ দিয়া দেখা গৈছে । অফ-স্পিন বলিং কৰাৰ এক মুহূৰ্ত ভিডিঅ’টোত দেখুওৱা হৈছে ৷ ভিডিঅ’টোত অভিষেকক শিকোৱাৰ পিছত যুৱৰাজে কৈছে, "আপুনি ছয় কোবাইছে, পিছে লেহেমকৈ নেখেলিব" ।

বৰ্তমানলৈকে অভিষেক শৰ্মাৰ যাত্ৰা কেনেকুৱা

অভিষেক শৰ্মাৰ জন্ম 2000 চনৰ 4 ছেপ্টেম্বৰত পঞ্জাৱৰ অমৃতসৰত হৈছিল । অভিষেকে অনুৰ্ধ-19 ত ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছিল ৷ তাৰপিছত আই পি এলত দিল্লী ডেয়াৰডেভিলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ প্ৰদৰ্শন আগবঢ়াইছিল খেলুৱৈগৰাকীয়ে ।

  • তেওঁ শেহতীয়াকৈ ভাৰতৰ জিম্বাব’ৱে ভ্ৰমণত শুভমান গিলৰ অধিনায়কত্বত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল । অভিষেকে 63 খন মেচত 61 টা ইনিংছত 7 টা অৰ্ধ-শতকৰে সংগ্ৰহ কৰিছে 1,377 ৰাণ ৷
  • বৰ্তমানলৈকে ভাৰতৰ হৈ 5 খন টি-20 মেচৰ 4 টা ইনিংছত 4 টা শতকৰ সৈতে 124 ৰাণ সংগ্ৰহ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে । অভিষেকে এই সময়ছোৱাত নিজৰ নামত সংগ্ৰহ কৰিছে 9 টা চাৰি আৰু 9 টা ছয় ৷
  • 2018-19 বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত পঞ্জাৱৰ হৈ তেওঁ 42 টা বলত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰে ।
  • অনুৰ্ধ-16 ঘৰুৱা ক্ৰিকেটৰ 2015-16 বিজয় মাৰ্চেণ্ট ট্ৰফীত প্ৰথম শতক অৰ্জন কৰিছিল আৰু 109.09 গড়ে 1,200 ৰাণ সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক: নতুন ছিজন, নতুন কাম: পুনৰ এবাৰ প্ৰশিক্ষকৰ দায়িত্বত ৰাহুল দ্ৰাবিড় - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.