ETV Bharat / politics

গেৰুৱা হ'ল ৰকিবুল হুছেইনৰ দুৰ্গ : চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাই উৰুৱালে বিজয় ধ্বজা

গেৰুৱা হ'ল চামগুৰি । অন্ত পৰিল ৰকিৰাজৰ । বিজয় মুকুট পিন্ধি শেষ হাঁহি মাৰিলে বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই ।

BJPs Diplu Ranjan Sharma captures Samguri
গেৰুৱা হ'ল ৰকিবুল হুছেইনৰ দুৰ্গ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী: ব্যাপক চৰ্চাত থকা সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গত ফুলিল পদুম ফুল । সাংসদ ৰকিবুল হুছেইনৰ পুত্র তানজিল হুছেইনক পৰাজিত কৰি চামগুৰিত জয়ী হ'ল বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা । চামগুৰিৰ উপ-নিৰ্বাচনত ব্যাপক হিংসা হোৱাৰ উপৰি কংগ্ৰেছ দলে বিভিন্ন কেন্দ্ৰত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ।

কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত চামগুৰিকলৈ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছিল । অৱশেষত চামগুৰিত দিপ্লু ৰঞ্জন শৰ্মাই শেষ হাঁহি মাৰি উৰুৱালে বিজয় ধ্বজা । খহি পৰিল ৰকিবুল হুছেইনৰ দুৰ্গ ।

দিপ্লুৰঞ্জন শৰ্মাৰ বিষয়ে কিছু আভাস :

বিজেপিৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্বত থকা দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰৰ জখলাবন্ধাত যদিও ৰাজনৈতিক ক্ষেত্রখনৰে জড়িত হোৱাৰে পৰা তেওঁৰ ঠিকনা হৈছিল গুৱাহাটী । বেছিভাগ সময় তেওঁ গুৱাহাটীতে অতিবাহিত কৰি আহিছে ।

জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰা দিপ্লুৰঞ্জন শৰ্মাই ১৯৯৭ চনত নগাঁও কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে । হাইস্কুলীয়া জীৱনৰ পৰাই আৰ এছ এছৰ লগত জড়িত দিপ্লু ৰঞ্জন শৰ্মা গুৱাহাটীৰ গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান জ্যোতি প্ৰকাশনৰ লগত জড়িত হৈ পূৰ্বৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাত আগ-ভাগ লৈছিল ।

ৰাজনৈতিক ক্ষেত্রখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ উপৰি বিশিষ্ট ব্যৱসায়ী আৰু সমাজকৰ্মী হিচাপে দিপ্লুৰঞ্জন শৰ্মাৰ সুকীয়া এটা পৰিচয় আছে । দীৰ্ঘদিনৰে পৰা বিজেপিৰ দলীয় দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰি অহা দিপ্লুৰঞ্জন শৰ্মাই ২০১৩ চনৰে পৰা চামগুৰি, পুৰণিগুদাম, আমনি, লাওখোলা, আমবাগান আদি বিস্তৃত অঞ্চলত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হৈ কাম কৰি আহিছিল ।

উল্লেখ্য যে, ২০১৫ চনৰ ১৫ নৱেম্বৰত চামগুৰিৰ ভেলৌগুৰিত দিপ্লুৰঞ্জন শৰ্মাই বিজেপিৰ এক বিশাল গণসমাৱেশ অনুষ্ঠিত কৰিছিল । যি গণসমাৱেশত অংশগ্ৰহণ কৰিছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই । তেতিয়াৰে পৰাই তেওঁ দলীয় নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

২০১৫ চনৰ পৰা ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্বত থকা দিপ্লুৰঞ্জন শৰ্মাক পৰৱৰ্তী সময়ত দলে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছিল । দলীয়ভাৱে দিয়া প্ৰতিটো দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰাৰ বাবেই প্ৰতিদান স্বৰূপে দলে তেওঁক চামগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল । এইক্ষেত্রতো তেওঁ সফলতা অৰ্জন কৰে ।কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত চামগুৰিত তেওঁ বিজেপিৰ পতাকা ধ্বজ্বা উৰুৱাবলৈ সক্ষম হয় ।

উল্লেখ্য যে, মনোনয়ন দাখিলৰ সময়ত দিয়া শপতনামা অনুসৰি দিপ্লুৰঞ্জন শৰ্মাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১ কোটি ৯১ লাখ ২৪ হাজাৰ ২৪৬ টকা । বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানত বিজেপি প্ৰাৰ্থীজনৰ নামৰ বিপৰীতে থকা ঋণ অথবা দায়বদ্ধতাৰ পৰিমাণ হৈছে ৭২ লাখ ৫৪ হাজাৰ ৫০৮ টকা ।

লগতে পঢ়ক: উপ-নিৰ্বাচনৰ ফলাফলক লৈ ভূপেন বৰাই কি ক'লে ?

লগতে পঢ়ক: ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলে দুখ দিছে ড৹ শৰ্মাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.