ETV Bharat / politics

দিপ্লুৰঞ্জন নে তানজিলৰ হাতলৈ আহিব চামগুৰি বিধানসভা সমষ্টিৰ বাঘজৰীডাল - BY ELECTION RESULTS 2024

অপেক্ষা আৰু কিছু সময়, 8 বজাৰ পৰা আৰম্ভ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা ৷ দিপ্লুৰঞ্জন, তানজিলৰ আজি ভাগ্য নিৰ্ণয় ৷

Samaguri By Election Results 2024
দিপ্লুৰঞ্জন, তানজিলৰ ভাগ্য নিৰ্ণয় কৰিবলৈ আৰম্ভ ভোটগণনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 9:03 AM IST

নগাঁও : আজি ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা । পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা । আজি নিৰ্ণয় হ'ব পাঁচটা সমষ্টিত অৱতীৰ্ণ হোৱা 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য । এই 34 গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা জয়ী হৈ কোন পাঁচগৰাকী দিছপুৰলৈ আহিব সেয়া আজি নিৰ্ণয় হ'ব ।

বিয়লিৰ পূৰ্বেই হয়তো অন্ত পৰিব উপ-নিৰ্বাচনক লৈ কৰা সকলো অপেক্ষা । নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত আৰম্ভ হৈছে ভোটগণনা । পুৱা 8 বজাৰ লগে লগে পোষ্টেল বেলটৰ গণনা আৰম্ভ কৰা হৈছে । মুঠ 267 খন পোষ্টেল বেলট ইছ্যু কৰা হৈছিল যদিও এই পৰ্যন্ত কিমান পোষ্টেল বেলটত ভোটদান হৈছে এই তথ্য এই পৰ্যন্ত সদৰী কৰা নাই ।

দিপ্লুৰঞ্জন, তানজিলৰ ভাগ্য নিৰ্ণয় কৰিবলৈ আৰম্ভ ভোটগণনা (ETV Bharat Assam)

চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মুঠ 11 গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হোৱাটো এক প্ৰকাৰ নিশ্চিত । অৱশ্যে কিছু সময় পাছতেই স্পষ্ট হ'ব সমষ্টিটোৰ পৰা কোনে মাৰিব শেষ হাঁহি ।

সমষ্টিটোৰ মুঠ 1 লাখ 80 হাজাৰ ভোটাৰৰ এক লাখ 42 হাজাৰ গৰাকী ভোটাৰে ভোটদান কৰিছে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত । ভোটগণনাৰ আৰম্ভণিতেই বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি আশাবাদী বিজেপি নেতা সুৰেশ বৰা ।

লগতে পঢ়ক : বিধানসভাৰ উপ-নিৰ্বাচন : ৫ সমষ্টিৰ ৩৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি

উপনিৰ্বাচনত চামগুৰিত ভোটদানৰ হাৰ আছিল ৭৯.৫৫ শতাংশ । এইবাৰ পাঁচ সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় ভোট যুঁজ হৈছে চামগুৰি সমষ্টিত । আনহাতে বিশেষভাৱে চৰ্চাত আছিল চামগুৰি । চামগুৰিত মূল ভোট যুঁজ হ’ব বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজত হ'ব বুলি ধাৰণা কৰা হৈছে ।

সমষ্টিটোত অৱতীৰ্ণ হৈছিল ১১ গৰাকী প্ৰাৰ্থী । তেওঁলোক হৈছে -

  1. বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা
  2. কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন
  3. আম আদমি পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী
  4. এছ ইউ চি আইৰ প্ৰাৰ্থী আব্দুছ চবুৰ মিঞা
  5. ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী বীৰেন বসাক
  6. ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থী ৰবুল হক
  7. নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা খাতুন
  8. নিৰ্দলীয় প্ৰাৰ্থী শশী তাঁতী
  9. নিৰ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলাম
  10. নিৰ্দলীয় প্ৰাৰ্থী মুচাব্বিৰ আলি আহমেদ আৰু
  11. নিৰ্দলীয় প্ৰাৰ্থী আব্দুল মাজিদ

লগতে পঢ়ক : এতিয়া ফলাফলৰ সময়, দিপ্লুৰঞ্জনে ভেদিব পাৰিবনে ৰকিবুলৰ অভেদ্য দুৰ্গ?

লগতে পঢ়ক : চামগুৰিত বিজেপিয়ে শেষনিশাৰ খেল আৰম্ভ কৰিছিল : দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.