ETV Bharat / politics

অসমত ৪০% মুছলমান জনসংখ্যাৰ তথ্য ক’ত পালে মুখ্যমন্ত্ৰীয়ে ? বুজা নাই সুস্মিতা দেবে ! - Assam Muslim population row - ASSAM MUSLIM POPULATION ROW

Sushmita Dev slams CM Himanta: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি জীৱন-মৰণৰ সমস্যা বুলি মন্তব্য কৰাৰ পিচতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেবেও তীব্ৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাক ৷

ASSAM MUSLIM POPULATION ROW
Sushmita Dev slams CM Himanta (Social Media)
author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:29 AM IST

Updated : Jul 18, 2024, 12:58 PM IST

শিলচৰ, ১৮ জুলাই: ‘‘১৯৫১ চনত অসমত মুছলমান ১২% নহয় ২৫% আছিল । ২০২১ চনত ক’ভিডৰ অজুহাত দেখুৱাই আপুনি জনগণনা কৰা নাই, তেনেহ’লে আপুনি ক’ত পালে ৪০% মুছলমান ৷ ৰাইজক ভুল আৰু মিছা তথ্য দি সাম্প্ৰদায়িক ৰাজনীতি নকৰিব ।’’ অসমৰ মুখ্যমন্ত্ৰী হিমন্তত বিশ্ব শৰ্মাক এই আহ্বান তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবৰ ।

মুখ্যমন্ত্ৰীক সমালোচনা (Sushmita Dev FB Page)

‘‘পৰিৱৰ্তিত জনগাঁথনি অসমৰ বাবে এক বৃহৎ সমস্যা হৈ পৰিছে । অসমত আজি মুছলমান জনসংখ্যা ৪০% ৷ ১৯৫১ চনত এই হাৰ আছিল ১২% ৷ এয়া এতিয়া ৰাজনৈতিক নহয়, অসমত জীৱন-মৃত্যুৰ সমস্যা হৈ পৰিছে ।’’ ঝাৰখণ্ডত বিজেপিৰ বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ কৰি বুধবাৰে এনে এক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় অসমত ।

এইবাৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাকৰ তৃণমূলৰ নেত্ৰী তথা পশ্চিম বংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবে কয় যে হিমন্ত বিশ্ব শৰ্মাই ৰাইজক ভুল আৰু মিছা তথ্য দিছে । ১৯৫১ চনত অসমত মুছলিম জনসংখ্যা ১২ শতাংশ নহয় ২৫ শতাংশ আছিল ৷ ২০২১ চনত ভাৰত চৰকাৰে লোকপিয়ল কৰা কথা আছিল ৷ কিন্তু কোভিড মহামাৰীৰ অজুহাত দেখুৱাই এই লোকপিয়ল কৰা নহ’ল । তেনেহ’লে এতিয়া যে অসমত মুছলমান জনসংখ্যা ৪০ শতাংশ আছে, এই হিচাপটো ক’ত পালে বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে সাংসদ সুস্মিতা দেবে । ৰাইজক ভুল আৰু মিছা তথ্য দি সাম্প্ৰদায়িক ৰাজনীতি নকৰাৰ বাবে মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে সাংসদ সুস্মিতা দেবে ।

লগতে পঢ়ক: মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

Last Updated : Jul 18, 2024, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.