ETV Bharat / politics

পশ্চিমবংগত টিএমচিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, ইণ্ডিয়া ব্লকত খলকনি

TMC candidate list: ইণ্ডিয়া ব্লকৰ অংশ টিএমচিয়ে পশ্চিমবংগৰ সকলো আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । বিৰোধী দল বিশেষকৈ কংগ্ৰেছৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া । মনোনয়ন প্ৰত্যাহাৰ নোহোৱালৈকে ৰাজ্যখনত মিত্ৰজোঁটৰ সম্ভাৱনা মুকলি থাকিব বুলি আশা প্ৰকাশ কংগ্ৰেছৰ ।

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 6:05 PM IST

TMC candidate list
পশ্চিমবংগত টিএমচিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ ইণ্ডিয়া ব্লকত খলকনি

নেশ্যনেল ডেস্ক,১০ মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ দেশত বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । ৰাজনৈতিক দলসমূহৰ মাজতো প্ৰাৰ্থী তালিকা প্ৰকাশৰ প্ৰতিযোগিতা আৰম্ভ হৈছে । বিজেপি আৰু কংগ্ৰেছৰ সমান্তৰালকৈ দেওবাৰে তৃণমূল কংগ্ৰেছ দলেও পশ্চিংমবংগৰ ৪২ খন লোকসভা আসনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে । প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু কীৰ্তি আজাদৰ দৰে বহুতো নতুন মুখ দেখা গৈছে এই তালিকাত । দলটোৱে ১৬ গৰাকী বৰ্তমানৰ সাংসদক পুনৰ মনোনীত কৰিছে । ১২ গৰাকী মহিলাকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

ইফালে টিএমচিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ লগে লগে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইণ্ডিয়াৰ অংশ টিএমচিয়ে পশ্চিমবংগত আটাইকেইখন আসনতে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে । অৱশ্যে টিএমচিৰ তালিকাৰ পৰোক্ষ প্ৰসংগত কংগ্ৰেছে প্ৰত্যুত্তৰ দি কয় যে তেওঁলোকে দুয়োটা দলৰ মাজত পাৰস্পৰিক আসন ভাগ-বটোৱাৰাৰ তীব্ৰ ইচ্ছা প্ৰকাশ কৰিছে ।

টিএমচিৰ মুৰব্বী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পূৰ্বে এখন ৰাজহুৱা সভাত ঘোষণা কৰিছিল যে তেওঁৰ দলে ৰাজ্যখনৰ সকলো আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ঠিক পিচতে টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে পশ্চিমবংগৰ সকলো আসনৰ বাবে তেওঁলোকৰ দলৰ তালিকা ঘোষণা কৰে । যাক কংগ্ৰেছৰ বাবে আন এক বিফলতা হিচাপে দেখা গৈছে । কিয়নো সমগ্ৰ দেশৰ আন বহুতো ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত কংগ্ৰেছে সংগ্ৰাম কৰি আছে । বিৰোধী দলসমূহৰ সৈতে আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত চুক্তি কৰাৰ দাবী কৰাৰ সময়তে টিএমচিয়ে তালিকাখন প্ৰকাশ কৰাৰ লগে লগে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

টিএমচিয়ে পশ্চিমবংগৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পূৰ্বে ইণ্ডিয়া ব্লকৰ অংশীদাৰসকলৰ সৈতে আলোচনা কৰাত গুৰুত্ব নিদিলেও কংগ্ৰেছে আশা প্ৰকাশ কৰিছে যে মনোনয়ন প্ৰত্যাহাৰ নোহোৱালৈকে মিত্ৰজোঁটৰ সম্ভাৱনা মুকলি থাকিব । এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে মনোনয়ন প্ৰত্যাহাৰৰ পূৰ্বে তেওঁলোকৰ মিত্ৰতা যিকোনো সময়তে বাস্তৱত পৰিণত হ'ব পাৰে ।

ইফালে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সৰ পোষ্টত লিখিছে যে কংগ্ৰেছে পশ্চিমবংগৰ টিএমচিৰ সৈতে আসন ভাগ-বটোৱাৰা চুক্তি কৰাৰ ইচ্ছা বাৰে বাৰে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :১১ মাৰ্চত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক, তাৰ পূৰ্বে জ্যেষ্ঠসকলৰ ওপৰত দৃষ্টি কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.