ETV Bharat / politics

জাতীয় সাজ পাৰিধান কৰি প্ৰেমলাল গঞ্জুৰ মনোনয়ন দাখিল : বিৰোধীক শুভেচ্ছা জ্ঞাপন - Prem Lal Ganju - PREM LAL GANJU

Sonitpur Lok Sabha Constituency: শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছে ৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সংগ দিয়ে ভূপেন বৰা, ৰকিবুল হুছেইন আদিয়ে ৷

PREM LAL GANJU CONGRESS
প্ৰেমলাল গঞ্জুৰ মনোনয়ন দাখিল
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 7:41 PM IST

শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰথমখন মননোনয়নপত্ৰ দাখিল

তেজপুৰ, ২২ মাৰ্চ: শুকুৰবাৰে মনোনোয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে ৷ পদব্ৰজে তেজপুৰস্থিত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা নিৰ্বাচনী বিষয়া তথা ৰিৰ্টাৰ্ণিং বিষয়া আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ হাতত মনোনোয়ন পত্ৰ দাখিল কৰে গঞ্জুৱে ৷

11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ মনোনয়ন পত্ৰ দাখিল কৰি দুই লাখ ভোটত জয়লাভৰ দাবী কৰিলে শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে ৷ উল্লেখ্য যে তেজপুৰৰ জয়মতী পথাৰৰ পৰা পদব্ৰজে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷

মনোনয়ন পত্ৰ দাখিল কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ভোট আদায়ৰ নামত টকাৰ ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰেমলাল গঞ্জুৰ স্বাৰ্থত আপে শোণিতপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ বিষয়টো দলৰ শীৰ্ষ নেতৃত্বৰ বিষয় বুলি উল্লেখ কৰে ৷ মনোনয়ন পত্ৰ দাখিলৰ বাবে যোৱাৰ সময়ত প্ৰেমলাল গঞ্জুক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ উপৰিও বহুসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ৷

অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অনুষ্ঠিত হ’ব 19 এপ্ৰিলত ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ সময়সীমা হৈছে 27 মাৰ্চ ৷ 28 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব ৷ আনহাতে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সময়সীমা হৈছে ৩০ মাৰ্চ ৷ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ল কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত ৷

লগতে পঢ়ক: কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান সমৰজিত হাফলংবাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.