ETV Bharat / politics

বদৰুদ্দিন আজমলৰ পৰাজয়ে মুখ্যমন্ত্ৰীক শংকিত কৰিছে ! - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 5:23 PM IST

Raijor Dal general secretary: বদৰুদ্দিন আজমলৰ পৰাজয়ে মুখ্যমন্ত্ৰীক শংকিত কৰা বুলি মন্তব্য ৰাইজৰ দলৰ ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰাৰ বাট আজমলৰ পৰাজয়ে বন্ধ কৰা বুলি উল্লেখ দলটোৰ নেতৃত্বৰ ৷

Raijor Dal general secretary
ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন (ETV Bharat Assam)

গুৱাহাটী, ৭ জুন: ‘‘বদৰুদ্দিন আজমল উৎখাত হোৱাৰ বাবে মুখ্যমন্ত্ৰী শংকিত হৈছে ৷ বদৰুদ্দিন আজমল যদি ক্ৰিয়া, হিমন্ত বিশ্ব শৰ্মাই উজনিত প্ৰতিক্ৰিয়াৰ ৰাজনীতি কৰে ৷ সেই ৰাজনীতি কৰাৰ বাট বন্ধ হৈ গ’ল ৷’’- ধুবুৰীত ৰকিবুল হুছেইনৰ বৃহৎ জয়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় ৰাছেল হুছেইনে ৷

উল্লেখ্য যে বৃহৎসংখ্যক ভোটৰ ব্যৱধানত ধুবুৰীত ৰকিবুল হুছেইন জয়ী হোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছিল যে ই অশনি সংকেত ৷ মুখ্যমন্ত্ৰীয়ে কৰা সেই মন্তব্যক সাম্প্ৰদায়িক আখ্যা দি তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ নেতৃত্বই । উল্লেখ্য যে ধুবুৰীত ৰকিবুল হুছেইনৰ বৃহৎ জয় জাতীয় জীৱনৰ বাবে অশনি সংকেত বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে হিন্দু মানুহ যে সাম্প্ৰদায়িক নহয় সেয়া যোৰহাটে প্ৰমাণ কৰিছে ৷

লগতে পঢ়ক: মৃণাল শইকীয়াই গোপনে সহায় কৰিছিল চাগৈ গৌৰৱ গগৈক ! সন্দেহ উপজিছে মুখ্যমন্ত্ৰীৰ - CM Himanta on Mirnal Saikia

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে ৷ তেওঁ কয়, ‘‘যদি ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেত, তেন্তে আজমলৰ পৰাজয়ো অসমৰ বাবে অশনি সংকেতেই হ’ব । কিয়নো ধুবুৰী সমষ্টিৰ পৰা এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমলৰ পৰাজয়ত শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট সমষ্টিৰ ভোটাৰক লৈ কৰা মন্তব্যৰ প্ৰসংগত ৰাছেল হুছেইনে কয়, ‘‘হিন্দু মানুহ যে সাম্প্ৰদায়িক নহয় সেয়া যোৰহাটে প্ৰমাণ কৰিছে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ অসমীয়া খিলঞ্জীয়াসকলক অপমানিত কৰিছে ।’’

লগতে পঢ়ক: গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো তেনেই সাধাৰণ কথা: মৃণাল শইকীয়া - Mrinal Saikia Controversy

আনহাতে গৌৰৱ গগৈৰ তেজ নীলা আদি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অতি নিম্ন স্তৰলৈকে যোৱা বুলিও কয় ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল ধৰ্মৰ ৰাজনীতি কৰি থকা বুলি মন্তব্য কৰি ৰাছেল হুছেইনে কয় যে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাম একো কৰা নাই ৷ মুখ্যমন্ত্ৰী আৰু তেওঁৰ সংগীসকলে কেৱল চৰকাৰৰ ধন লুণ্ঠন কৰিছে ৷

তদুপৰি তেওঁ কয়, ‘‘যদিহে মুখ্যমন্ত্ৰীগৰাকী চদ্মবেশী খিলঞ্জীয়া নহয়, তেন্তে অসমত শুদ্ধ NRC ৰ কাম কৰক ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যা সমাধান কৰক । তাৰ বিপৰীতে ছদ্মবেশী খিলঞ্জীয়াৰ পৰিচয় ত্যাগ কৰক আৰু এজন অসমীয়া হিচাপে চিনাকী দিয়ক ৷’’

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.