ETV Bharat / politics

এক দেশ, এক নিৰ্বাচন: অসমৰ বিৰোধী ৰাজনৈতিক দলৰ বিৰোধিতা, বি পি এফৰ আদৰণি - ONE NATION ONE ELECTION

'এক দেশ এক নিৰ্বাচন' বিধেয়কক লৈ তীব্ৰ প্ৰতিক্ৰিয়া । সংসদৰ চলিত শীতকালীন অধিৱেশনতে বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা ।

'One nation, one election', opposition political parties opposed in Assam
অসমৰ বিৰোধী ৰাজনৈতিক দলৰ বিৰোধিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 9:39 PM IST

গুৱাহাটী: 'এক দেশ এক নিৰ্বাচন' বিধেয়কত বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছত সংসদৰ চলিত শীতকালীন অধিৱেশনতেই সংসদৰ মজিয়াত বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত সমগ্ৰ দেশৰ লগতে অসমতো এই বিষয়ত ব্যাপক চৰ্চা অব্যাহত আছে । শাসকীয় দল বিজেপি আৰু বিজেপিৰ মিত্ৰ দলসমূহে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাক আদৰণি জনোৱাৰ বিপৰীতে অসমৰ বিৰোধী দলসমূহৰ মাজত বিধেয়কখনক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে ।

বিৰোধীৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহে এই প্ৰসংগত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । অসম কংগ্ৰেছে ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্ত মৰ্মেই চলিব ৷ আনহাতে বিৰোধী আঞ্চলিক দলসমূহৰ ভিতৰত ৰাইজৰ দল, অসম জাতীয় পৰিষদে 'এক দেশ, এক নিৰ্বাচন' নীতিৰ ঘোৰ বিৰোধিতা কৰাৰ বিপৰীতে ৰাজ্যৰ আন এক অঞ্চলিক বিৰোধী দল বি পি এফে পোনপটীয়া আদৰণি জনাইছে 'এক দেশ, এক নিৰ্বাচন' নীতিক ।

বিজেপিয়ে একেৰাতিতে সংবিধান বদলি কৰিব :

'এক দেশ, এক নিৰ্বাচন'ৰ তীব্ৰ বিৰোধিতা আঞ্চলিক দল ৰাইজৰ দলৰ । ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই লৈ বিজেপিক কৰিছে তীব্ৰ সমালোচনা । সকলো বিৰোধীক একত্ৰিত হৈ 'এক দেশ, এক নীতি'ৰ বিৰোধিতা কৰাৰ পোষকতা অখিল গগৈৰ ৷ গগৈৰ মন্তব্য,"ভাৰতীয় সংবিধানৰ বহুকেইটা গুৰুত্বপূৰ্ণ অনুচ্ছেদ সংশোধন তথা কৰ্তন কৰি বিজেপি চৰকাৰে ইতিমধ্যেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যসমূহৰ হাতত থকা অধিকাৰ কৰ্তন কৰিছে । 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী হ'লে বিজেপিয়ে একেৰাতিতে সংবিধান বদলি কৰি পেলাব আৰু এককেন্দ্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক শেষ কৰি পেলাব । এই ব্যৱস্থাৰ বিৰুদ্ধে সকলো বিৰোধী দলক একগোট হ'বৰ বাবে আহ্বান জনাইছোঁ ।"

আঞ্চলিক ৰাজনীতিলৈ আহিব বৃহৎ প্ৰত্যাহ্বান:

একেদৰেই ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ আঞ্চলিক দল অসম জাতীয় পৰিষদেও 'এক দেশ, এক নিৰ্বাচন’ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ স্পষ্ট মত যে বিষয়টো লৈ সাংবিধানিক আৰু ন্যায়িক দিশৰ ব্যাপক আলোচনাৰ প্ৰয়োজন আছে । লুৰীণজ্যোতি গগৈৰ মন্তব্য, “এক দেশ , এক নিৰ্বাচন, এক ভাষা, এক ধৰ্ম, এক জাতি এয়া ভাৰতবৰ্ষৰ যি বৈচিত্ৰতা তাৰ পৰিপন্থী ৷ এয়া অতিকেন্দ্ৰীভূত চিন্তা ৷ গণতন্ত্ৰৰ মাধুৰ্য এইটোৱেই যে ইয়াত ভিন্নতা থাকিব ।"

তেওঁ লগতে কয়,"এই 'এক দেশ, এক নিৰ্বাচন' গোটেই ধাৰণাটোৱেই ভুল । এখন দেশ, এটা নিৰ্বাচন কাৰিকৰীভাৱেও এয়া সম্ভৱপৰ নহয় । ক’ৰবাত অনাস্থা অহাৰ বাবে চৰকাৰ ভাগিলে তেতিয়া নিৰ্বাচন পাতিবনে নাই ? এটা সময়ত ভাৰতবৰ্ষত একে সময়তে নিৰ্বাচন আছিল ৷ কিন্তু পিছত এইটো সম্ভৱ হৈ নুঠিল বাবেই আজিৰ এই পৰিৱেশ আহিল । গতিকে এইটো বিষয়ত এক সাংবিধানিক আৰু ন্যায়িক ব্যাপক আলোচনাৰ প্ৰয়োজনীয়তা আছে ।”

লগতে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়,"'এক দেশ, এক নিৰ্বাচন' হ’লে আঞ্চলিক ৰাজনীতিৰ ধাৰালৈ আহিব বৃহৎ প্ৰত্যাহ্বান ।" 'এক দেশ, এক নিৰ্বাচন’ আৰু আঞ্চলিক দল প্ৰসংগত লুৰীণজ্যোতি গগৈৰ মন্তব্য, ''আঞ্চলিক দলসমূহলৈ এটা ব্যাপক প্ৰত্যাহ্বান আহিব । কেন্দ্ৰীভূত চিন্তা এটা যেতিয়া আহিব , প্ৰত্যাহ্বান আহিবই ৷ স্বাভাৱিকতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰেই পৰিণতি আঞ্চলিক দলসমূহ ৷ গতিকে 'এক দেশ, এক নিৰ্বাচন' হ’লে আঞ্চলিক ৰাজনীতিৰ ধাৰা আৰু ভাৰতবৰ্ষৰ সামগ্ৰিক ৰাজনৈতিক ব্যৱস্থালৈ এটা যে প্ৰত্যাহ্বান আহিব সেয়া নিশ্চিত ।"

এই নীতি প্ৰৱৰ্তন হ’লে দেশত দ্বি-দলীয় ব্যৱস্থা হোৱাৰ আশংকা কৰিছে অসম জাতীয় পৰিষদে ৷ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়,“ পৃথিৱীৰ বিভিন্ন দেশত দ্বি-দলীয় যিবোৰ ব্যৱস্থা চলি আছে, তেনেকুৱাই হ’ব । তেঁওলোকে দুটাই শক্তি কৰিব খোজে, কংগ্ৰেছ আৰু বিজেপি ৷ তাৰ মাজত আঞ্চলিক শক্তিৰে নিজৰ অস্তিত্বৰ বাবে যুঁজি থকা দলবোৰৰ কথা ভাৰতীয় সংবিধানে কৈছে ৷ গাৰ জোৰেৰে একনায়কত্ববাদেৰে যি পদক্ষেপ ল’ব খুজিছে সেয়া একেবাৰে গ্ৰহণযোগ্য নহয় ।”

এক দেশ, এক নিৰ্বাচনে কোনো ৰাজনৈতিক দলৰেই ক্ষতি নকৰে: বি পি এফ

অসমত বিৰোধী আঞ্চলিক দল বি পি এফে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাক জনাইছে আদৰণি । দলটোৰ সাধাৰণ সম্পাদক তথা বিধায়ক, বি পি এফৰ বিধায়িনী দলৰ নেতা দুৰ্গাদাস বড়োৱে ই টিভি ভাৰতক কয়, “মই ভাবো কোনো এটা ৰাজনৈতিক দলক উদ্দেশ্য কৰি এই বিধেয়ক অনা হোৱা নাই । দেশ স্বাধীন হোৱাৰ পিছৰে পৰা মধ্যকালীন নিৰ্বাচন হৈ আহিছে । বিশেষকৈ ১৯৯৯ত যেতিয়া মধ্যকালীন নিৰ্বাচন হ’বলগীয়া হ’ল । তাৰ পিছৰ পৰা লোকসভা আৰু বিধানসভা নিৰ্বাচন সুকীয়া সুকীয়াকৈ পাতি অহা হৈছে ৷"

মধ্যকালীন লোকসভা নিৰ্বাচনত পূৰ্বে নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতা সুঁৱৰি বি পি এফ নেতা দুৰ্গাদাস বড়োৱে কয়,“এসময়ত ময়ো লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ । মোৰ অভিজ্ঞতাৰ পৰা মই এম এল এ আৰু এম পি, দুয়োটা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাটো বিচাৰোঁ । এই এক দেশ এক নিৰ্বাচন ব্যৱস্থাই কোনো ৰাজনৈতিক দলৰ ক্ষতি নকৰে । আঞ্চলিক বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কাৰোৰে ই ক্ষতি নকৰে । এয়া মই ব্যক্তিগতভাৱে কোৱাৰ লগতে বি পি এফৰ বিধায়িনী দলৰ নেতা হিচাপে কৈছোঁ । এই ব্যৱস্থা হ’লে ৰাষ্ট্ৰৰ এক বৃহৎ অংকৰ ধনৰ খৰচ কমিব । দুয়োটা নিৰ্বাচন একেলগে পতাটো মই পোনপটীয়াভাৱে সমৰ্থন জনাইছো ।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কংগ্ৰেছৰ:

'এক দেশ, এক নিৰ্বাচন' নীতিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । কেন্দ্ৰীয় কেবিনেটে 'এক দেশ, এক নিৰ্বাচন' বিধেয়কত অনুমোদনৰ জনোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নীতিক আদৰণি জনায় । ইয়াৰ উপৰিও অসমত ২০২৬ত হ’বলগীয়া নতুন চৰকাৰখন মাত্ৰ তিনি বছৰহে থাকিব বুলি বৃহস্পতিবাৰে ওড়িশাত ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে । ইতিমধ্যেই কংগ্ৰেছে এই বিধেয়কখন সংসদৰ যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছে কংগ্ৰেছে ।

লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে এই নীতিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত আক্ৰমণ বুলি আখ্যা দিছে । এই প্ৰসংগত মুখ্যমন্ত্ৰীক উভতি ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়,"হিমন্ত বিশ্ব শৰ্মা কেতিয়াৰ পৰা নিৰ্বাচন আয়ুক্ত হ’ল ? তেওঁ কেতিয়া সংসদৰ অধিকাৰ পালে ? হিমন্ত বিশ্ব শৰ্মাই কেতিয়াৰ পৰা ৰাষ্ট্ৰপতিৰ অধিকাৰ পালে ? তেওঁ কোন এনেদৰে ক’বলৈ ? এই বিষয়টো সংসদত আলোচনা হ’ব । আমাৰো সংসদত নিজৰ সাংসদ আছে । ইণ্ডিয়া এলায়েন্সৰো যথেষ্ট সাংসদ আছে ৷ আলোচনা হোৱাৰ পিছতহে সংসদত সিদ্ধান্ত হ’ব । আলোচনাত কি হয় আমি লক্ষ্য ৰাখিম ।”

লগতে পঢ়ক: বিজেপিৰ নতুন চাৰি মন্ত্ৰী দবাখেলৰহে মন্ত্ৰী : ভূপেন বৰা - BHUPEN BORA SLAMS ASSAM CM

১৫ ডিচেম্বৰত অসমৰ প্ৰায় ২০ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড - RATION CARD DISTRIBUTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.