ETV Bharat / politics

বিদায়বেলাত ফণীভূষণ চৌধুৰীৰ চকুত আবেগৰ চকুলো: অশ্ৰুসিক্ত নয়নেৰে বিধায়ক পদৰ পৰা পদত্যাগ - Phani Bhusan Choudhury

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 6:38 PM IST

Phani Bhusan Choudhury resign as MLA: বিধায়ক পদ ত্যাগ কৰি আৱেগিক হৈ পৰিল ফণীভূষণ চৌধুৰী ৷ দুগালেৰে বাগৰি আহিল চকুলো ৷

PHANI BHUSAN CHOUDHURY
বিদায়বেলাত ফণীভূষণ চৌধুৰীৰ চকুত আবেগৰ চকুলো (ETV Bharat Assam)

গুৱাহাটী, ১৪ জুন : সুদীৰ্ঘকাল বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়ক হৈ অহা অগ‌পৰ জেষ্ঠ্য নেতা ফণীভূষণ চৌধুৰীয়ে বিধায়ক পদ ত্যাগ কৰাৰ আগমুহূৰ্তত আবেগিক হৈ পৰে । সংবাদ মাধ্যমৰ আগত মন্তব্য দিওঁতে তেওঁৰ মাত থোকাথুকি হৈ পৰা দেখা যায় । এক প্ৰকাৰে অশ্ৰু নিগৰি আহে অগ‌পৰ জ্যেষ্ঠ নেতাগৰাকীৰ ।

উল্লেখ্য যে নিজৰ বিৰুদ্ধে গৈ দলীয় স্বাৰ্থত বৰপেটা লোকসভা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হৈ ফণীভূষণ চৌধুৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক লক্ষাধিক ভোটৰ‌ ব্যৱধানত পৰাজিত কৰি জয়ী হৈছিল অগপৰ প্ৰাৰ্থীগৰাকী । উল্লেখ্য যে ১৯৮৫ চনৰেপৰা বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হৈ ৮বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ফণীভূষণ চৌধুৰী । তেওঁ আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত তেওঁৰ বিধায়ক পদৰ পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে দাখিল কৰে ।

লগতে পঢ়ক: দলে মোক যথেষ্টখিনি দিছে, কিন্তু দলক মই দিব পৰা নাই : ফণীভূষণ চৌধুৰী

পদত্যাগৰ আগমুহূৰ্তত চৌধুৰীয়ে সাংবাদিকৰ‌ আগত মন্তব্য কৰি আবেগিক‌ হৈ পৰে । তেওঁ কয়, ‘‘আজিৰ দিনটো মোৰ বাবে স্মৰণীয় দিন । বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ লগত মোৰ ৩৮ বছৰ ৫ মাহ ৬ দিনৰ সম্পৰ্ক আছিল ৷ বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ লগত সুখে-দুখে লগত আছিলো । বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ প্ৰতি মোৰ মৰম-চেনেহ চিৰদিন থাকিব । ইচ্ছাৰ বিৰুদ্ধে গৈও মই এতিয়া সাংসদ হিচাপে বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ বাহিৰে‌ বাকী ৯ টা সমষ্টিক সমানভাৱে চাব লাগিব ।’’

অশ্ৰুসিক্ত নয়নেৰে ফণীভূষণ চৌধুৰীয়ে কয়, ‘‘আজিৰ দিনটোত বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ প্ৰতি ন্যায় কৰিলোঁ নে অন্যায় কৰিলোঁ একো ধৰিব পৰা নাই ।’’ এনেকৈ কৈ তেওঁ অশ্ৰুসিক্ত নয়নেৰে সাংবাদিকসকলৰ পৰা আঁতৰি যায় । ইপিনে ফণীভূষণ চৌধুৰীয়ে পদত্যাগ কৰাৰ‌ সময়ত অগপৰ সভাপতি অতুল বৰা আৰু উপ-সভাপতি কেশৱ মহন্তই সংগ দিয়ে ।

লগতে পঢ়ক: বহুদিনীয়া আশা পূৰণ: ১৫ বছৰৰ পিচত লোকসভালৈ অগপৰ প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.