ETV Bharat / politics

এটা নাৰিকলৰ পানী দুডাল পাইপেৰে খোৱাটোহে প্ৰকৃত প্ৰেম: ৰূপজ্যোতি কুৰ্মী

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 3:53 PM IST

MLA Rupjyoti Kurmi : সূৰ্য-চন্দ্ৰ, বায়ু-পানী থকালৈ কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্ৰেম থাকিব ৷ প্ৰেম হ’লে তেনেকুৱা হ’ব লাগে বুলি মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

MLA Rupjyoti Kurmi
ৰাজনৈতিক প্ৰেমৰ সংজ্ঞা আগবঢ়াইছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে
কংগ্ৰেছক সমালোচনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

গুৱাহাটী, 20 ফেব্ৰুৱাৰী : এইবাৰ ৰাজনৈতিক প্ৰেমৰ সংজ্ঞা আগবঢ়াইছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ তেওঁৰ মতে এটা নাৰিকলত দুডাল পাইপেৰে পানী খোৱাটোহে আচল প্ৰেম ৷ বৰ্তমান কংগ্ৰেছ দলৰ বিপৰ্যয়ক লৈ ৰকিবুল হুছেইন, ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া প্ৰসংগত নিজৰ মন্তব্য আগবঢ়াই এইদৰে কয় মৰিয়নীৰ বিধায়কজনে ৷

শেহতীয়াকৈ নিজ মাতৃৰ পৰামৰ্শ মতে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই বিজেপিলৈ যোৱাৰ কথা নাভাবে বুলি সংবাদ মাধ্যমত মন্তব্য কৰিছিল ৷ এই প্ৰসংগত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা চলি থকাৰ মাজতে সদনৰ বাহিৰত মাতৃ প্ৰেম আৰু দলীয় প্ৰেম প্ৰসংগত ব্যাখ্যা আগবঢ়ায় বিধায়ক কুৰ্মীয়ে ৷ “মোৰ মাৰ ৰাজনৈতিক জীৱন ওচৰৰ পৰা পাইছো ৷ সেয়া মোৰ আবেগ ৷ মাক দেখিছিলো কংগ্ৰেছৰ কাৰণে কিমান কৰিছিল ৷ মায়ে যিমান সন্মান পাব লাগিছিল কংগ্ৰেছে নিদিলে ৷ কেবিনেটে মন্ত্ৰী দিয়া নাছিল ৷ দিল্লীত মাৰ হৈ চাহপাতৰ পেকেট মই লৈ গৈছিলো ৷ চাহপাতৰ পেকেট দিহে মা মন্ত্ৰী হৈছিল ৷”— কংগ্ৰেছ দলত নিজৰ মাতৃয়ে প্ৰাপ্য ৰাজনৈতিক মৰ্যাদা নোপোৱা বুলি অভিযোগ কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

ইফালে কংগ্ৰেছ দলক কটাক্ষ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়- “ভেলেণ্টাইন ডে’ত কংগ্ৰেছে চেটিং ৰখাব নোৱাৰিলে ৷ প্ৰেমত চিটিং হ’ব নালাগে ৷ এটা নাৰিকলত দুডাল পাইপেৰে পানী খোৱাটোহে প্ৰেম ৷ কংগ্ৰেছত ভূপেন বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াৰ মাজতহে প্ৰেম আছে ৷” আনহাতে আজি কংগ্ৰেছ আৰু এ আই ইউ ডি এফে একেলগে গৰুখুঁটি প্ৰকল্পক লৈ সদন ত্যাগ কৰা প্ৰসংগতো বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয়- “লাড়ু বনাই বিয়া পাতিম বুলি ভাবিছিল এ আই ইউ ডি এফে, কংগ্ৰেছে সেই লাড়ুৰে বিয়া পাতিছে ৷ সূৰ্য-চন্দ্ৰ, বায়ু-পানী থকালৈ কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্ৰেম থাকিব ৷ প্ৰেম হ’লে তেনেকুৱা হ’ব লাগে ৷“এইদৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰা পৰিলক্ষিত হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

লগতে পঢ়ক : বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগ কৰাক লৈ কিয় সৰৱ হ’ল মন্ত্ৰী পীযুষ হাজৰীকা?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.