ETV Bharat / politics

বিজেপি দলত অন্তঃকন্দল নোহোৱাৰ কি বিশেষ কিটিপ উল্লেখ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে ? - লুৰীণজ্যোতি গগৈ

Lok sabha Election 2024:অসম বিধানসভাৰ চলিত বাজেট অধিবেশন চলি থকাৰ সময়তে বিৰোধী ঐক্যৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷ অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক কংগ্ৰেছৰ ভোটাৰসকলেও ভোট নিদিয়ে বুলি কয় বিধায়ক ফুকনে ৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল জ্যেষ্ঠ বিজেপি বিধায়কগৰাকী ৷

MLA prasanta Phukan slams Lurinjyoti Gogoi regarding dibrugarh lok sabha constituency
বিজেপি দলত অন্তঃকন্দল নোহোৱাৰ কি বিশেষ কিটিপ উল্লেখ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে ?
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 2:21 PM IST

বিজেপি দলত অন্তঃকন্দল নোহোৱাৰ কি বিশেষ কিটিপ উল্লেখ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে ?

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচন ৷ দেশৰ লগতে ৰাজ্যৰ প্ৰন্তে-প্ৰান্তে ৰাজনৈতিক দলবোৰৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷ শুকুৰবাৰে অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ সময়ত বিধানসভা চৌহদৰ সমুখত বিৰোধী ঐক্যৰ বিৰুদ্ধে পুনৰ সৰৱ হোৱা পৰিলক্ষিত হ’ল জ্যেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷

বিধায়ক প্ৰশান্ত ফুকনে ইণ্ডি এলায়েঞ্চক কঠোৰভাৱে সমালোচনা কৰি অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক কংগ্ৰেছৰ ভোটাৰসকলেও ভোট নিদিয়ে বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ৷ উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চই জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰাৰ সম্ভৱনা আছে ৷ প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছৰ ভোটাৰসকলেই লুৰীণজ্যোতিক ভোট নিদিয়ে বুলি বিজেপি বিধায়ক প্ৰশান্ত ফুকনে শুকুৰবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চই লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে চিন্তা-চৰ্চা চলাইছে । প্ৰশান্ত ফুকনে কয়, "লুৰীণজ্যোতিয়ে আছুত থকাৰ সময়ত কংগ্ৰেছক যিমান গালি-গালাজ পাৰিছে, তাৰ‌ বাবে তৃণমূল পৰ্যায়ৰ 70 শতাংশ কংগ্ৰেছৰ মানুহে লুৰীণজ্যোতিক সমৰ্থন নকৰে । লুৰীণজ্যোতিয়ে বিজেপি প্ৰাৰ্থীৰ হাতত 3 লাখ ভোটৰ ব্যৱধানত হাৰিব ।"

"কংগ্ৰেছ দলটো লাহে লাহে নিঃশেষ হৈ যাব ।‌ কংগ্ৰেছৰ আগৰ সাংগঠনিক ভেঁটি এতিয়া আৰু নাই," ফুকনে পুনৰ কয় ৷ আনহাতে, বিজেপি দললৈ ন ন সদস্যৰ আগমনে দলটোত সংঘাতৰ সৃষ্টি কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ফুকনে আসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দলটোৰ ভিতৰত এনে বিপৰ্যয়ৰ কেতিয়াও সৃষ্টি নহয় বুলি দাবী কৰে ৷

তদুপৰি, মুখ্যমন্ত্ৰীগৰাকী আঠা লগাই ৰাখিব পৰা এক বিশেষ গুণৰ অধিকাৰী বুলি ডিব্ৰুগড় সমষ্টিৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক: এআইইউডিএফৰ সমৰ্থনত কংগ্ৰেছে সদন ত্যাগ কৰা কাৰ্যক নাটক বুলিলে সাংসদ আজমলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.