ETV Bharat / politics

মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত বিজেপিত যোগদান নকৰো: মীৰা বৰঠাকুৰ - Mira Borthakur

Mira Borthakur BJP Join controversy: যিকোনো পৰিস্থিতিত বিজেপি দলত যোগদান নকৰাৰ ঘোষণা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ । তেওঁ বিজেপিত যোগদান কৰিব বুলি একাংশই কুচক্ৰান্ত কৰিছে । মূল্যবৃদ্ধিক লৈ বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰীগৰাকীৰ ।

Mira Borthakur BJP Join controversy
মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত বিজেপিত যোগদান নকৰো
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:46 PM IST

মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত বিজেপিত যোগদান নকৰো

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : সৰ্বস্বান্ত হ'লেও বা মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত বিজেপিত যোগদান নকৰে মীৰা বৰঠাকুৰে । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । সংবাদমেলত তেওঁ কয় যে জে'লত ভৰালেও তেওঁ বিজেপি দলত যোগদান নকৰে । সৰ্বস্বান্ত হ'লেও তেওঁ বিজেপিত যোগদান নকৰে । শেহতীয়াকৈ কেইবাগৰাকী কংগ্ৰেছ নেতাৰ বিজেপি গমন আৰু বিজেপি দলক মুকলি সমৰ্থনৰ পৰিপ্ৰেক্ষিতত মীৰা বৰঠাকুৰৰ এই মন্তব্য অসমৰ ৰাজনীতিত ব্যাপক চৰ্চিত হৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ কংগ্ৰেছ নেতা তথা একাংশ‌‌ বিধায়ক বিজেপিলৈ গমন কৰিছে । একে সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা‌ বৰঠাকুৰো বিজেপিত যোগদান কৰিব বুলি এক বিতৰ্ক চলিছে ।

মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ এখন ফটো ভাইৰেল হোৱাৰ লগতে একাংশ‌ ছপা মাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ হৈছিল । এই প্ৰসংগত সামাজিক মাধ্যমত ব্যাপক চৰ্চাও চলিছে । মীৰা বৰঠাকুৰে কয় যে দুজন হতাশগ্ৰস্ত ব্যক্তিয়ে ২০২১ চনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা তেওঁৰ এখন পুৰণি ফটো বাতৰি কাকতত প্ৰকাশ কৰি তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ অপচেষ্টা কৰিছে । এই কাৰ্যক তেওঁ গৰিহণা দিয়ে । তেওঁ কয় যে এয়া তেওঁক ৰাইজৰ সন্মুখত হেয় প্ৰতিপ্ৰন্ন কৰাৰ কুচক্ৰান্ত । তেওঁ এই কাৰ্যক ৰাজনৈতিক কুচক্ৰান্ত আৰু অভিসন্ধি বুলি অভিহিত কৰিছে ।

ইফালে সংবাদমেলত তেওঁ অভিযোগ কৰে যে বিজেপিৰ শাসনকালত দেশত ব্যাপক মূল্যবৃদ্ধি হৈছে । জনসাধাৰণ জুৰুলা হৈ পৰিছ । বিজেপিৰ শাসনত ৰন্ধন গেছৰ দাম দুগুণ বৃদ্ধি পাইছে । নহৰুৰ দামো ৪০০ টকালৈ বৃদ্ধি পাইছে । কেৱল এয়াই নহয় আটা, চাউল, তেল আদি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰে দাম দুগুণ তিনিগুণলৈ বৃদ্ধি হৈছে । কিন্তু ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে ঋণ লৈ হেলিকপ্টাৰ চলাই আছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :ৰাজনৈতিক অভিসন্ধি ! সামাজিক মাধ্যমত বিষোদগাৰ মীৰা বৰঠাকুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.