ETV Bharat / politics

হাগ্ৰামা মহিলাৰী কৌতুক অভিনেতা বুলি সকলোৱে জানে : পীযুষ হাজৰীকা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

NDA candidate Jayanta Basumatary : চিৰাঙৰ বাসুগাঁৱত কোকৰাঝাৰ লোকসভাৰ এনডিএ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ।

Minister Pijush Hazarika and MLA Kamalakhya Dey Purkayastha campaigning for NDA candidate Jayanta Basumatary of Kokrajhar Lok Sabha
নিৰ্বাচনী প্ৰচাৰ (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:17 AM IST

মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষ্য (etv bharat assam)

চিৰাং, ৩ মে’ : চিৰাঙৰ বাসুগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে বিয়লি ৫ বজাত বাসুগাঁও ধান বজাৰৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ লোকসভা সমষ্টীৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় তেওঁলোকে । নিৰ্বাচনী সভাত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয়, ‘‘আমি অহা এবছৰৰ ভিতৰতে ডি ভোটাৰ সমস্যা, নাগৰিকত্ব সমস্যা, আধাৰ কাৰ্ডৰ সমস্যা, ভূমিসহ অন্যান্য সমস্যা সমাধান কৰিম । অসমৰ মুখ্যমন্ত্ৰী অতিকে স্পষ্টবাদী মানুহ । তেওঁ এই প্ৰতিশ্ৰুতি দিছে । ইয়াৰ বাবে আমি এনডিএৰ প্ৰাৰ্থীক জয়ী কৰি এনডিএক শক্তিশালী কৰিব লাগিব ৷’’

আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘‘আজি কোনো এটা উগ্ৰপন্থী সংগঠন বিটিআৰত সক্ৰিয় হিচাবে নাই । শান্তি স্থাপন হ’ল বিটিআৰত । এই শান্তি আমি আনিলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত । শান্তি স্থাপনৰ লগে লগে প্ৰগতি আৰম্ভ হ’ল বিটিআৰত । অসমত কেবাখনো মেডিকেল কলেজ হ’ল । উগ্ৰপন্থী সংগঠনৰ বাবে চিকিৎসক আহিব বিচৰা নাছিল ইয়ালৈ । কিন্তু আজি আমি বছৰত ২৫ হেজাৰ চিকিৎসক পাও । বিশ্ববিদ্যালয়ো কেবাখনো হ’ল । এই অঞ্চলৰ পথৰ অৱস্থা ভাল নাছিল । কিন্ত মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰতিটো সমষ্ঠিত ৫০ কোটি টকা কেৱল পথ বনোৱাৰ বাবেই দিয়া হৈছিল যাৰ বাবে পথসমূহ ভাল হৈছে বিটিআৰত’’ ।

Minister Pijush Hazarika and MLA Kamalakhya Dey Purkayastha campaigning for NDA candidate Jayanta Basumatary of Kokrajhar Lok Sabha
নিৰ্বাচনী সভা (etv bharat assam)

লগতে বানৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে । ‘‘বিগত সময়ত সকলো নিয়ম ভংগ কৰি মই নিজে বান পৰিস্থিতি ভ্ৰমণ কৰি বুজ লৈছিলো আৰু ৪৫০ কোটি টকা দিয়া হ’ল মথাউৰী নিৰ্মাণেৰে বান সমস্যা সমাধানৰ বাবে । কংগ্ৰেছ বিপিএফে ৰাইজক ৰাম ঠগন দিলে বিগত সময়ত । আমি ৰেচন কাৰ্ড থকা লোকক আয়ুষ্মান কাৰ্ড দিলো । চৰকাৰী ঘৰৰ নামত কংগ্ৰেছ-বিপিএফে লুটিছে । আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যাৱতীয় উন্নয়ণ কৰিবলৈ সক্ষম হৈছো । এইবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’বই হ’ব । অসমত সুতা কম্বলৰ ৰাজনীতি চলিছিল কংগ্ৰেছৰ নেতৃত্বত ।’’- নিৰ্বাচনী প্ৰচাৰত এইসমূহ কথা উল্লেখ কৰে পীযুষ হাজৰীকাই ।

Minister Pijush Hazarika and MLA Kamalakhya Dey Purkayastha campaigning for NDA candidate Jayanta Basumatary of Kokrajhar Lok Sabha
নিৰ্বাচনী প্ৰচাৰ (etv bharat assam)

মন্ত্ৰী পীযুষ হাজৰীকাই লগতে আৰু কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে এই অঞ্চলৰ জংগলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে । আমি আগলৈ এই অঞ্চলত বন্দুক ৰাজ চলিব নিদিও । আমি সকলো জাতি-জনগোষ্ঠী ধৰ্মৰ লোক একেলগে থাকিব লাগিব । বিগত সময়ত বিপিএফে ভূমি পট্টা দিয়া নাছিল । কিন্ত আমি দিছো । আমি থকালৈ আপোনালোকক কোনেও উচ্ছেদ কৰিব নোৱাৰে । কোনো হত্যা-হিংসা, ধনদাবী ভাবুকি আমি দিবলৈ নিদিও । পূৰ্বতে অসমখন বন্ধ প্ৰদেশ আছিল । সদায় আন্দোলন, অসম বন্ধ হৈছিল । সেয়া সকলো বন্ধ হ’ল ।’’

অসমত এক লাখ ঊনৈশ হেজাৰ চাকৰি দিলো আকৌ ৫০ হেজাৰ চাকৰি দিম বুলি নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই । কোকৰাঝাৰত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী দুই লক্ষাধিক ভোটত জয়ী হ’ব বুলি কয় পীযুষ হাজৰীকাই । হাগ্ৰামা মহিলাৰীক কৌতুক অভিনেতা বুলি সকলোৱে জানে বুলিও কয় মন্ত্ৰীজনে ।

লগতে পঢ়ক : পৰাজয়ৰ আশংকাত ভীতিগ্ৰস্ত হৈ নিজৰ দলীয় কৰ্মীক প্ৰহাৰ কৰিছে আজমলে; ৰকিবুল হুছেইন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.