ETV Bharat / politics

বিহালীত বিজেপিয়ে দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি কটাক্ষ লুৰীণজ্যোতিৰ - LURINJYOTI GOGOI SLAMS BHUPEN BORA

Congress Vs Opposition Forum: উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাক কেন্দ্ৰ কৰি ক্ষোভ কমা নাই লুৰীণজ্যোতি গগৈৰ ।

Lurinjyoti Gogoi on Congress
অসম জাতীয় পৰিষদৰ সভাপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 10:55 PM IST

নলবাৰী : বিহালী বিধানসভা সমষ্টিত উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাক কেন্দ্ৰ কৰি কংগ্ৰেছৰে হোৱা বিৰোধী ঐক্য়ৰ সংঘাতৰ হোৱা নাই অন্ত । নলবাৰীত দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলীত মৰ্চাৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কৰা মন্তব্য়ই এই সংঘাত চলি থকাৰ ইংগিতেই দিলে ।

উপ-নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰতাৰ পৰা ওলাই অহাক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অজাপ নেতা লুৰীণজ্যোতি গগৈয়ে কয়," বিজেপিক পৰাভূত কৰিবলৈ মূল শক্তিটোৱেই হৈছে একতা । বিৰোধীৰ যাতে ভোট বিভাজন নহয় তাক মূলমন্ত্ৰ হিচাপে লৈ একতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে । কিন্ত কংগ্ৰেছে তাক গুৰুত্ব নিদি সকলো সমষ্টিতেই অকলে নিৰ্বাচন খেলাৰ চিন্তা-চৰ্চা কৰিলে । "

অসম জাতীয় পৰিষদৰ সভাপতি (ETV Bharat Assam)

তেওঁ পুনৰ কয়,"আমি অসম সন্মিলীত মৰ্চাই পাঁচটা সমষ্টিৰ এটা সমষ্টিত চিপিআইএমএল দলক বিচাৰিছিলো । ইয়াৰ আগত বঙাইগাঁও সমষ্টি ৰাইজৰ দলে বিচাৰিছিল । গতিকে এইটোক লৈ যুক্তিৰে বিবেচনা কৰিব লাগে । আৰু একতাৰ পৰিৱেশটো ২৬ নিৰ্বাচনলৈ অক্ষুন্ন ৰাখিব লাগে ।" লগতে তেওঁ কয় যে ২৬ ত যি বিধানসভা নিৰ্বাচন হ'ব তাত আধাৰ বা যি ভেঁটি গঠিত হ'ব সেয়া উপ-নিৰ্বাচন নাইবা পঞ্চায়ত নিৰ্বাচনতহে । গতিকে এইখিনি সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল একতা আৰু ঐক্যবদ্ধতাৰ । কিন্ত কংগ্ৰেছে সেয়া উপলব্ধি নকৰি অহং মনোভাৱেৰে নস্যাৎ কৰি অসম মিত্ৰজোঁটৰ পৰা ওলাই গৈ সকলো সমষ্টিত নিজাকৈ নিৰ্বাচন খেলাৰ যি চিন্তা কৰিলে তাত এক সামূহিক ক্ষতি কৰিব ।

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে পুনৰ কয়,"আহি থকা দিনবোৰত বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমি ঐক্যভাবে যুঁজিব লাগিব । কিন্তু কংগ্ৰেছে নিজৰ অহংকৰ এৰিব লাগিব।" তেওঁ কয় যে উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত এটা সমষ্টিয়েই কংগ্ৰেছে এৰি নিদিলে আৰু ১২৬ সমষ্টিত কি ধৰণে আলোচনা কৰিব ৰাইজৰ মাজত কিমান ধৰনৰ ভূল বুজাবুজি হব পাৰে সেয়া বুজিব লাগিছিল ।

বিহালীত বিজেপিয়ে দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে

আনহাতে, বিহালীত ভূপেন বৰাই অসম সন্মিলীত মৰ্চাই বিজেপিৰ সৈতে বুজাবুজি কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া আগবঢ়ায় লুৰীণজ্যোতি গগৈয়ে । তেওঁ কয় যে ভূপেন বৰাৰ কথা শুনি মানুহে হাঁহিছে । তেওঁৰ এই কথাটো শুনি আটাইতকৈ ডাঙৰ কমেদী কৰা বুলি মানুহে হাঁহিছে । তেওঁ কয়,"মানুহ মুৰ্খ নহয় । কালিলৈকে বিজেপি বন্দনা গোৱা, হিমন্ত বিশ্ব বন্দনা গোৱা লোকজনে বিজেপি ত্যাগ নকৰোতে ,কংগ্ৰেছত যোগদান নকৰাওতে ভূপেন বৰাই কিয় টিকট দিলে ? বিজেপিয়ে দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । এজনক অফিচিয়েলী আৰু আনজনক কংগ্ৰেছলৈ ঠেলি দি প্ৰাৰ্থিত্ব দিছে । ৰাইজ ইমান মুৰ্খ নহয় । আসমত শিক্ষিতৰ হাৰ বাঢ়িছে । গতিকে ৰাইজে এইবোৰ বুজি নোপোৱাকৈ থাকিব নেকি বুলি প্ৰশ্ন কৰে লুৰীণজ্যোতি গগৈয়ৈ ।

কংগ্ৰেছৰে আদৰ্শগত মিল নাই

ইপিনে,কংগ্ৰেছৰে মিত্ৰতা কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ৈ কয়,"আমাৰ কোনো দলৰে আদৰ্শ নীতিৰ মিল নাই । জাতীয়তাবাদৰ সকলো চিন্তা আৰু আদৰ্শ সুকীয়া । কিন্ত আমি বিজেপিক পৰাভূত কৰিবলৈহে সকলো একত্ৰিত হৈছিলো । আমি জাতীয়তাবাদী চিন্তা আদৰ্শক কেতিয়াও জলাঞ্জলি দি কংগ্ৰেছৰ লগত মিত্ৰতা কৰা নাছিলো ।" ৰাইজে সেয়া ভুল বুজিব নালাগে বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ৈ ।

চাৰি সমষ্টিত কাক সমৰ্থন কৰিব অসম সন্মিলীত মৰ্চাই

আনহাতে, উপ নিৰ্বাচনত পাঁচ সমষ্টিৰ বিহালীক বাদে আন চাৰিটা সমষ্টিত অসম সন্মিলীত মৰ্চাই কাক সমৰ্থন কৰিব সেয়া বৰ্তমানেও আলোচনা হোৱা নাই বুলি সদৰী কৰে লুৰীণজ্যোতি গগৈয়ে । আলোচনাৰ মাধ্যমেৰেহে সদৰী কৰিব বুলি তেওঁ মন্তব্য় আগবঢ়ায় । বিহালীত চিপিআইম এলৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়," কংগ্ৰেছ বিহীন অসম মিত্ৰজোঁট ৰূপে সংগ্ৰাম অব্যাহত থাকিব ।"

লগতে পঢ়ক:কংগ্ৰেছ অবিহনেই চলি থাকিব ‘অসম’: এইবাৰ সভাপতি অজিত কুমাৰ ভূঞা

তেওঁলোকে পাঁচজনীয়া সমিতিৰ কথাও নাৰাখিলে: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.