ETV Bharat / politics

নেতৃত্বই কংগ্ৰেছত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে : কমলাক্ষ দে' পুৰকায়স্থ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 10:11 PM IST

Kamalakhya Dey Purkayastha: কংগ্ৰেছ দলৰ ভিতৰুৱা কথা-বাৰ্তাবোৰক ‘লেতেৰা’ আখ্যা বুলি কৈছে কমলাক্ষ দেৱ পুৰকায়স্থই ৷ প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী দেখি দুখো লাগিছে বিধায়কগৰাকীৰ ৷

Kamalakhya Dey Purkayastha
বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ
বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: কংগ্ৰেছ ত্যাগ কৰা নাই যদিও কংগ্ৰেছক সমালোচনা কৰাৰ পৰা বিৰত থকা নাই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই । কংগ্ৰেছত থাকিয়ে বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে মনৰ ক্ষোভ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিধানসভাৰ অধিৱেশনৰ মাজতে বুধবাৰে বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা সদৰী কৰাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা কমলাক্ষ দে’ পুৰকায়স্থলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক পুৰকায়স্থই কয় যে কাৰণ দৰ্শোৱাৰ ভাষ্য দেখি তেওঁৰ দুখ লাগিছে ।

কংগ্ৰেছ দলৰ ওপৰত ক’বলগীয়া একো নাই বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছ দলে তেওঁক স্বীকৃতি দিছে তথা তিনিবাৰকৈ বিধায়ক হোৱাৰ সুবিধা দিছে । দলৰ বিপৰীতে দলৰ নেতৃত্বৰ ওপৰত ক্ষোভ উজাৰি তেওঁ কয় যে নেতৃত্বই দলটোত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে ।

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনিটা সমষ্টিত জয়ৰ সম্ভাৱনা আছে বুলি সদৰী কৰি তেওঁ কয় যে কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰীত সম্ভাৱনা আছে যদিও ধুবুৰীত নিজিকে । তাৰ মাজতো যিবোৰ কথা চলি আছে সেইবোৰ ক’বলৈ গ’লে ভয়ংকৰ অৱস্থা হ'ব । প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে তেওঁৰ কামৰ প্ৰশংসা কৰাৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি তেওঁ অভিযোগ কৰে ।

কংগ্ৰেছ এৰা নাই যদিও প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদটো এৰা বুলি জানিবলৈ দি তেওঁ কয় যে আজিৰ তাৰিখত দলটোৰ শ্ব'কজ কৰাৰ অৱস্থাত নাই । তেওঁৰ কোনোধৰণৰ পৰামৰ্শ দলটোৰ সভাপতিয়ে গুৰুত্ব নিদি বৰং তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰতহে লিপ্ত হয় বুলি বিধায়কগৰাকীয়ে অভিযোগ কৰে ।

তেওঁ লগতে কয় যে তিনিজনীয়া পেনেল লিষ্টৰ ক্ষেত্ৰতো সভাপতিৰ মতেই সকলো হৈছে । কংগ্ৰেছ দলৰ ভিতৰুৱা কথা-বাৰ্তাবোৰক ‘লেতেৰা’ আখ্যা দি তেওঁ কয় যে কংগ্ৰেছৰ নেতৃত্বৰ অৱস্থাৰ কথা ৰাজ্যৰ চুকে-কোণে থকা কংগ্ৰেছীয়ে ভালদৰে জানে ।

কংগ্ৰেছৰ সংগঠনিক ভেঁটি নোহোৱা হৈ গৈছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে কংগ্ৰেছৰ সদস্য হৈ আছে বাবেহে দলৰ ক্ষেত্ৰত ক’বলৈ অসুবিধা পাইছে । ইফালে গৌৰৱ গগৈৰ নাম তিনিটাকৈ সমষ্টিৰ বাবে ৰখাৰ প্ৰসংগত বিধায়ক কমলাক্ষই কয় যে এজন মানহক পচন্দ কৰিবৰ বাবে তিনিটা সমষ্টি দিয়াটো কেতিয়াও মানি ল’ব নোৱাৰি ।

আনহাতে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এজন ব্যক্তি হিচাবে যিমান সন্মান আছে তাতকৈ দহগুন বেছি মুখ্যমন্ত্ৰীৰ মানসিকতা, চিন্তাধাৰ আৰু অসমক লৈ থকা দৃষ্টিৰ প্ৰতি কংগ্ৰেছী বিধায়কগৰাকীৰ সন্মান আছে ।

লগতে পঢ়ক: বিধায়ক কংগ্ৰেছৰ, সমৰ্থন চৰকাৰক : নুবুজা অংক বুজাবলৈ আহিব আৰু দুই কংগ্ৰেছ বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.