ETV Bharat / politics

ৰুদ্ধদ্বাৰ বৈঠকত বিৰোধী ঐক্য মঞ্চৰ চাৰি নেতা; কিহৰ আলোচনা দিচাং ৰিজ’ৰ্টত ? - LS Polls 2024 - LS POLLS 2024

OPPOSITION UNITY FORUM MEETING: সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত মিলিত হ'ল বিৰোধী ঐক্য মঞ্চৰ একাংশ নেতা । অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰ্যালোচনা বৈঠক । 2026 ৰ বিধানসভা নিৰ্বাচনকলৈ বিৰোধীৰ বিশেষ পৰিকল্পনা ।

LS POLLS 2024
OPPOSITION UNITY FORUM MEETING (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:24 PM IST

গুৱাহাটী, 21 মে': কি হ'ব নিৰ্বাচনী ফলাফল ? আৰম্ভ হৈছে পৰ্যালোচনা । শাসকীয় দলৰ সমানে বিৰোধী শিবিৰো আসনৰ হিচাপ-নিকাচক লৈ ব্যস্ত হৈ পৰিছে । মঙলবাৰে সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত একগোট হ'ল বিৰোধী ঐক্য মঞ্চৰ কেইবাজনো নেতা । লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে ৰিজ'ৰ্টত বৈঠকত মিলিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ।

বৈঠকত লোকসভা নিৰ্বাচনৰ ফলাফলকলৈ পৰ্যালোচনা কৰাৰ লগতে 2026 ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হোৱাৰ বাবেও আলোচনা কৰা হয় । সোণাপুৰৰ ৰিজ’ৰ্টত ৰুদ্ধদ্বাৰ বৈঠকত আগন্তুক সময়ত কিদৰে আগুৱাই যাব তাকে লৈ ৰণনীতি যুগুতৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা কৰে বিৰোধী ঐক্য মঞ্চৰ নেতাকেইজনে ।

লক্ষণীয় বিষয় যে 2026 ৰ বিধানসভা নিৰ্বাচনক লৈ বিশেষ পৰিকল্পনা কৰিছে বিৰোধী ঐক্য মঞ্চই । উল্লেখ্য যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ হৈ কংগ্ৰেছ দলে 13 টা সমষ্টিত প্ৰাৰ্থী কৰোৱাৰ বিপৰীতে এটা সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থী কৰাইছে ।

লগতে পঢ়ক: এইবাৰ ইণ্ডি এলায়েঞ্চে দখল কৰিব সংসদ : নুৰুল হুদা - Lok Sabha Election 2024

লগতে পঢ়ক: নিৰ্বাচন শেষ হ’ল, অখিল গগৈৰ সুৰো সলনি হ’ল ! কাৰ কথা মতে নচলে ৰাইজৰ দল ? - Assembly elections 2026

ডিব্ৰুগড় সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চৰ হৈ নিৰ্বাচন খেলিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । নিৰ্বাচনৰ পাছত মঙলবাৰে সন্ধিয়া বিৰোধী ঐক্য মঞ্চৰ চাৰিগৰাকী নেতা বৈঠকত মিলিত হয় ।

উল্লেখ্য যে বিষয় যে কংগ্ৰেছৰ নেতৃত্বত 16 টাকৈ বিৰোধী ৰাজনৈতিক দল লোকসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হৈ গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ । কিন্তু কংগ্ৰেছে মিত্রদল অজাপক এটা সমষ্টি এৰি 13 টাত নিৰ্বাচন খেলাক লৈ বিৰোধী ঐক্য মঞ্চত সংঘাতৰ সৃষ্টি হৈছিল । আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু চি পি আই এম দলে বিৰোধী ঐক্য মঞ্চৰ বিৰুদ্ধে গৈ নিজাকৈ প্ৰাৰ্থী দিছিল ।

লোকসভা নিৰ্বাচনৰ পাছত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী ঐক্য মঞ্চক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ লক্ষ্যৰে আজি বৈঠকত মিলিত হয় ঐক্য মঞ্চৰ চাৰিজনকৈ নেতা ।

লগতে পঢ়ক: বিজেপিৰ গৃহকন্দল: কেপ্টেইন ফিল্ডত নমাই নাই বুলি কিয় ক’লে ভূপেন বৰাই ? - Bhupen Bora slams BJP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.