ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ অষ্টমখন প্ৰাৰ্থী তালিকা প্ৰকাশ; বিদিশাত শিৱৰাজৰ বিৰুদ্ধে প্ৰতাপ ভানু শৰ্মাক প্ৰক্ষেপ - Lok Sabha election 2024

author img

By ANI

Published : Mar 28, 2024, 10:58 AM IST

LS polls 2024: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে দলটোৰ অষ্টমখন প্ৰাৰ্থী তালিকা। ইফালে বিজেপিয়ে প্ৰকাশ কৰিছে সপ্তমখন প্ৰাৰ্থী তালিকা । এই পৰ্যন্ত কংগ্ৰেছে ১৯০টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে বিজেপিয়ে ৪০২ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

CONGRESS CANDIDATES LIST LOK SABHA
LS polls 2024

নিউজ ডেস্ক, 28 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ঝাৰখণ্ডৰ প্ৰাৰ্থীৰ অষ্টমখন তালিকা প্ৰকাশ কৰে । ঝাৰখণ্ডত খুঁটি আসনৰ পৰা কালিচৰণ মুণ্ডা, লোহাৰদগাৰ পৰা সুখদেও ভগত আৰু হাজৰিবাগৰ পৰা জয় প্ৰকাশভাই পেটেলে প্ৰতিদ্বন্দ্বিতা কৰিব । মধ্যপ্ৰদেশত ৰাও যাদবেন্দ্ৰ সিঙে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, দামোহৰ পৰা তৰ্ৱৰ সিং লোধি আৰু প্ৰতাপ ভানু শৰ্মাই বিদিশা লোকসভা সমষ্টিৰ বাবে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ।

তেলেংগানাত আদিলাবাদৰ পৰা আঠৰাম চুগুনা, নিজামাদৰ পৰা তাতিপাৰ্থী জীৱন ৰেড্ডী, মেডাকৰ পৰা নীলম মধু আৰু ভোংগীৰৰ পৰা চামালা কিৰণ কুমাৰ ৰেড্ডীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰক্ষেপ কৰা হৈছে । উত্তৰ প্ৰদেশৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে চাৰিজন প্ৰাৰ্থীৰ নাম । ডলী শৰ্মাক গাজিয়াবাদৰ পৰা, শিৱৰাম বাল্মিকীক বুলন্দচহৰৰ পৰা, নকুল ডুবেক সীতাপুৰৰ পৰা আৰু বীৰেন্দ্ৰ চৌধাৰীক মহাৰাজগঞ্জৰ পৰা টিকট প্ৰদান কৰা হৈছে ।

কংগ্ৰেছে ৰাজস্থান আৰু তামিলনাডুত লোকসভা নিৰ্বাচনৰ ৫ জন প্ৰাৰ্থীৰ ষষ্ঠ তালিকা প্ৰকাশ কৰে । ৰাজস্থানৰ পৰা চাৰিজন আৰু তামিলনাডুৰ এজন প্ৰাৰ্থী ঘোষণা কৰিছে দলটোৱে । ৰাজস্থানত আজমেৰ লোকসভা আসনৰ পৰা ৰামচন্দ্ৰ চৌধাৰী, ৰাজসামন্দৰ পৰা সুদৰ্শন ৰাৱট, ভিলৱাৰাৰ পৰা দামোদৰ গুৰ্জাৰ আৰু কোটা সমষ্টিত প্ৰহ্লাদ গুঞ্জাল লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ মুখামুখি হ’ব ।

ৰাজস্থানত ২৫টা সংসদীয় সমষ্টি আছে । ৰাজ্যখনত দুটা পৰ্যায়ত ভোটদান অনুষ্ঠিত কৰা হ'ব । প্ৰথম পৰ্যায়ত (১৯ এপ্ৰিল) ১২খন আসনত ভোটগ্ৰহণ হ’ব, বাকী ১৩খন আসনত দ্বিতীয় পৰ্যায়ত (২৬ এপ্ৰিল) ভোটগ্ৰহণ হ’ব । তামিলনাডুত তিৰুনেলভেলী সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব চি ৰবাৰ্ট ব্ৰুচে ।

১৯ এপ্ৰিলত তামিলনাডুত লোকসভাৰ ৩৯খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । কংগ্ৰেছে জনায় যে তামিলনাডুৰ ভিলাভানকোড সমষ্টিৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব থাৰাহাই কাথবাৰ্টে । ইয়াৰ পূৰ্বে দেওবাৰে কংগ্ৰেছ দলে আগন্তুক লোকসভা নিৰ্বাচনৰ তিনিজন প্ৰাৰ্থীৰ পঞ্চম তালিকা প্ৰকাশ কৰি জয়পুৰৰ পৰা প্ৰতাপ সিং খচৰিয়াৱাছৰ নাম উল্লেখ কৰি সুনীল শৰ্মাৰ ঠাইত পূৰ্বে ঘোষণা কৰা প্ৰাৰ্থীৰ নাম উল্লেখ কৰে ।

১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৫৪৩খন লোকসভা আসনৰ বাবে ৭টা পৰ্যায়ত নিৰ্বাচন । সাধাৰণ নিৰ্বাচনত প্ৰায় ৯৭ কোটি ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে । কংগ্ৰেছে ১৯০টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে বিজেপিয়ে এই পৰ্যন্ত লোকসভাৰ ৪০২খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

অহা ৪ জুনত ভোটগণনা হ’ব । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ৩০৩ খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে মাত্ৰ ৫২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ২৮২ খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে মাত্ৰ ৪৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

ইফালে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ সপ্তম প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । প্ৰাক্তন নিৰ্দলীয় সাংসদ নৱনীত ৰাণাই ২৭ মাৰ্চত বিজেপিত যোগদান কৰিছিল আৰু মহাৰাষ্ট্ৰৰ অমৰাৱতী সমষ্টিৰ পৰা তেওঁক গেৰুৱা দলটোৱে টিককট প্ৰদান কৰিছে ।

নৱনীত ৰাণাই কয়, "এটা ৰাষ্ট্ৰীয় দলে এজন ব্যক্তিৰ ওপৰত ইমান ডাঙৰ দায়িত্ব অৰ্পণ কৰাটোৱে কেৱল দেখুৱায় যে দলটোৰ জ্যেষ্ঠ নেতৃত্ব তৃণমূল পৰ্যায়ত কাম কৰা সকলৰ সৈতে আছে । এতিয়া যেতিয়া মই বিজেপিত যোগদান কৰিছো, মই সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিম।"

লগতে পঢ়ক: ই-ইপিআইচি কাৰ্ড কি আৰু ইয়াক কেনেদৰে লাভ কৰিব পাৰি ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.