ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ গানত ‘লিপছ’ মিলায় আজমলে; কোনে কৰিলে এই কটাক্ষ ?

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 8:32 AM IST

Lok sabha election: গৌৰৱ গগৈক বিজেপিৰ মানুহেই ভোট দি জয়ী কৰাব বুলি দাবী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ । সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় হুছেইনে ৷

Congress leader Rakibul Hussain allegations that AIUDF Badruddin Ajmal matches 'lips' to Assam CM Himanta Biswa Sarmas song
হিমন্ত বিশ্ব শৰ্মাৰ গানত ‘লিপছ’ মিলায় আজমলে; ৰকিবুল হুছেইন

নগাঁও, 17 মাৰ্চ: দেশৰ ভিতৰতে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত কংগ্ৰেছ নেতা গৌৰৱ গগৈ জয়ী হ'ব বুলি দেওবাৰে দাবী কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে । সমান্তৰালভাৱে, যোৰহাটৰ বিজেপিৰ ভোটাৰেই গৌৰৱ গগৈক জয়ী কৰাব বুলিও কয় হুছেইনে । দেওবাৰে নগাঁৱত অৱস্থিত নিজ বাসগৃহত ইফতাৰ পাৰ্টীৰ আয়োজন কৰে হুছেইনে ৷ এই অনুষ্ঠানতে সংবাদ মাধ্যমৰ সন্মুখত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক ৰাজনাথ সিঙেও এসময়ত প্ৰশংসা কৰিছিল বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে ।

একেটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰকখনক সমালোচনা কৰি কয়, "ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘু মহিলা শুই থকা অৱস্থাতো বুকুৰ মাজৰ পৰা স্বামীক উঠাই নি অত্যাচাৰ কৰিছে, ডেকা ল'ৰাক গুলীয়াইছে ।" নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিয়ে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।

সংবাদ মেলখনত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় । "বদৰুদ্দিন আজমলে কেৱল লিপছ হে মিলায়, গানটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হে গায় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাবলৈ হ’লে আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব"- এই মন্তব্য ৰকিবুল হুছেইনৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

দেওবাৰে ৰকিবুল হুছেইনৰ বাসগৃহত আয়োজন কৰা ইফটাৰ পাৰ্টীত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথে, বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে নগাঁও কংগ্ৰেছৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: নগাঁও দখলৰ নতুন কৌশল আজমল বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.