ETV Bharat / politics

এসময়ৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে চামগুৰিত প্ৰচাৰ চলাবনে হিমন্ত বিশ্ব শৰ্মাই ? - SAMAGURI BYE ELECTION 2024

তুংগত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ । বিজেপিৰ হৈ প্ৰচাৰত নামিছে কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক । ৰকিবুল হুছেইনৰ পুত্ৰৰ বিৰুদ্ধে প্ৰচাৰ চলাবনে মুখ্যমন্ত্ৰীয়ে ?

Samaguri Bye Election 2024
চামগুৰিত প্ৰচাৰ চলাবনে হিমন্ত বিশ্ব শৰ্মাই ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 6:23 PM IST

নগাঁও : উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ গৰম হৈ পৰিছে চামগুৰি সমষ্টিৰ ৰাজনৈতিক বতাহ । চামগুৰিৰ উপ-নিৰ্বাচনৰ বাবে সমষ্টিটোৰ পৰা মুঠ ১৪ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও মনোনয়ন পৰীক্ষাৰ অন্তত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত মুঠ ১১ গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুঁজত ।

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ ১১ গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে যদিও সমষ্টিটোৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে ব্য়াপক প্ৰচাৰত নামিছে তাঞ্জিল হুছেইনে প্ৰাৰ্থিত্ব লাভ কৰা দল কংগ্ৰেছৰ লগতে দিপ্লুৰঞ্জন শৰ্মাই প্ৰাৰ্থিত্ব লাভ কৰা বিজেপি দল । শাসক-বিৰোধী দুয়োটা দলেই মাৰাথন প্ৰচাৰ আৰম্ভ কৰিছে চামগুৰি সমষ্টিত ।

Samaguri Bye Election 2024
তাঞ্জিল হুছেইন (ETV Bharat Assam)

২০০১ চনৰে পৰা কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টিটো পুনৰ কংগ্ৰেছ দলৰ পৰা নিজপুত্ৰৰ নামত দখল কৰিবলৈ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে উঠি-পৰি লগাৰ বিপৰীতে কংগ্ৰেছৰ পৰা সমষ্টিটো উদ্ধাৰৰ বাবে যেন সৰ্বশক্তি প্ৰয়োগ কৰাত তিলমানো কৃপণালি কৰা নাই শাসক দল বিজেপিয়ে ।

বিজেপি দলৰ পৰা দিপ্লুৰঞ্জন শৰ্মাক দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি দলৰ নেতা, মন্ত্ৰী-বিধায়কসকল । বিগত কিছুদিন ধৰি কংগ্ৰেছ-বিজেপিয়ে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে যদিও আজি পৰ্যন্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপ-নিৰ্বাচনৰ প্ৰচাৰ নচলোৱাক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা ।

চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এসময়ৰ ঘনিষ্ঠ সম্পৰ্ক সৰ্বজনবিদিত । এনে অৱস্থাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এসময়ৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবনে নাই তাকে লৈয়ো চামগুৰিৰ ৰাজনীতিত আৰম্ভ হৈছে চৰ্চা ।

চামগুৰিলৈ কেতিয়া আহিব হিমন্ত বিশ্ব শৰ্মা ?

Samaguri Bye Election 2024
দিপ্লুৰঞ্জন শৰ্মা (ETV Bharat Assam)

সম্প্ৰতি ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এসময়ৰ বন্ধু ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চামগুৰিলৈ আহিব কেতিয়া ?

চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ ৭ অক্টোবৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি ই টিভি ভাৰত অসমক জনাইছে বিজেপিৰ নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথে । লগতে চামগুৰি সমষ্টিত পূৰ্বে থকা ৰকিবুল হুছেইনৰ শক্তিশালী ভেটিত ইতিমধ্যেই বিজেপিয়ে কঁপনি তুলিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে । আনহাতে, মুখ্যমন্ত্ৰীৰ প্ৰচাৰৰ পাছত সমষ্টিটোত কংগ্ৰেছ একপ্ৰকাৰ তচনচ হৈ পৰিব বুলিও বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথে ই টিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত দাবী কৰে ।

উল্লেখ্য যে চামগুৰি সমষ্টিত ৰকিবুলপুত্ৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাৰ পাছত সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশে কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :চামগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নে তাঞ্জিল হুছেইন ? ধৰিব পৰা নাই দিপ্লুৰঞ্জন শৰ্মাই
লগতে পঢ়ক :চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.