ETV Bharat / politics

ওদালগুৰিত মিত্ৰদলৰ নেতাৰে আলোচনা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 8:48 PM IST

Lok Sabha Election 2024: ওদালগুৰিৰ সাপখাটিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মিত্ৰদলৰ শীৰ্ষ নেতাসকলৰ লগত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ দিলীপ শইকীয়া ৩ লাখ ভোটত জয়লাভ কৰাটো নিশ্চিত বুলি দাবী ড৹ শৰ্মাৰ ৷

HIMANTA BISWA SARMA
ওদালগুৰিত মিত্ৰদলৰ নেতাৰে আলোচনা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ওদালগুৰি, 30 মাৰ্চ: শনিবাৰে ওদালগুৰিৰ সাপখাটিত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অসম গণ পৰিষদ, বিজেপি, ইউপিপিএল, এজিপি, জিএছপি মিত্ৰদলৰ শীৰ্ষ নেতাসকলৰ লগত আলোচনাত মিলিত হয় । মণ্ডল পৰ্যায়ৰ বিষয়ববীয়াৰ সৈতে মন বিনিময় কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপি দল ইতিমধ্যে সাজু হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ৪ এপ্ৰিলত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই মনোনয়ন পত্ৰ দাখিল কৰিব ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত । মন কৰিবলগীয়া যে এইবাৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত পূৰ্বতকৈ অতিৰিক্ত ২ লাখ ৯০ হাজাৰ ভোটাৰ সোমাইছে । সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই এইবাৰ ৩ লাখ ভোটত জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

আনহাতে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে বদৰদ্দিন আজমল ধুবুৰীত জয়ী হ’লে অসমৰ মানুহ শান্তিত থাকিব ৷ আনহাতে ৰকিবুল জয়ী হ’লে কাজিৰঙাৰ গঁড়কেইটা শান্তিত থাকিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

মিত্ৰজোঁটে অসমত এইবাৰ ১৩ খন আসন লাভ কৰাটো নিশ্চিত বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ । আজিৰ দলীয় সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, গোবিন্দ চন্দ্ৰ বসুমতাৰী, জয়ন্ত মল্লবৰুৱা, দিগন্ত কলিতাৰ লগতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বিধায়কসকল, EM, MCLAসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা মিত্ৰজোঁটৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.