ETV Bharat / politics

5 লাখ ভোটৰ ব্যৱধানত জিকিব বিজুলী কলিতা মেধি : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

গুৱাহাটীত এইবাৰ বিজুলী কলিতা মেধি 5 লাখ ভোটৰ ব্যৱধানত জিকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ আজি প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হোৱা 5 টা লোকসভা সমষ্টিত ইতিমধ্যেই জয়লাভ কৰা বুলি মন্তব্য কৰে তেওঁ ৷

GUWAHATI LOK SABHA CONSTITUENCY
জনসভা সম্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 5:51 PM IST

বিজুলী কলিতা মেধীৰ মনোনয়ন দাখিল

গুৱাহাটী, 19 এপ্ৰিল : গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা বিশাল সমদল কৰি বিজুলী কলিতা মেধিয়ে ছয়মাইল, গণেশগুৰি হৈ হেঙেৰাবাৰীত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ৷ ইয়াৰ পূৰ্বে খানাপাৰা খেলপথাৰত এক বিশাল সভা অনুষ্ঠিত কৰে বিজেপিয়ে ৷

এই সভাত সমবেত হোৱা বিজেপিৰ দলীয় সমৰ্থক, কাৰ্যকৰ্তা সকলক উদ্দেশ্যি কিছু সময়ৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰে ৷ দলীয় সমৰ্থক তথা কৰ্মী সকলক উদ্দেশ্যে দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে গুৱাহাটীত এইবাৰ বিজুলী কলিতা মেধি 5 লাখ ভোটৰ ব্যৱধানত জিকিব ৷ গুৱাহাটী লোকসভা সমষ্টি নিজৰ বুলি উল্লেখ কৰি যিমানদূৰ পাৰে তেওঁ গুৱাহাটীৰ প্ৰতিটো সমষ্টিলৈ প্ৰচাৰৰ বাবে যাবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰে ৷

সভাত ৰাজ্যৰ 14 খন আসনৰ 14 খনেই বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে আজি প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হোৱা 5 টা লোকসভা সমষ্টিত ইতিমধ্যেই কোনো সন্দেহ নোহোৱাকৈ জয়লাভ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ এই সভাত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিৰ বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অসম গণ পৰিষদৰ নেতৃত্ব উপস্থিত থাকে ৷

লগতে পঢ়ক : হাজাৰ হাজাৰ সমর্থকৰ ৰেলীৰ মাজেৰে গৈ বিজুলী কলিতা মেধিৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.