গোলাঘাট, ১১ মাৰ্চ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গোলাঘাট সমন্বয় ক্ষেত্ৰত বিকাশৰ যাত্ৰা শীৰ্ষত কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইয়াৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত কেইবাটাও গুৰুত্বপূৰ্ণ আচঁনিৰ আধাৰশিলাও স্থাপন কৰিব । যাক লৈ বিজেপিৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইয়াৰ সমান্তৰালকৈ বিজেপিয়ে জিলাখনৰ কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । বিজেপিৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰো আৰম্ভ হৈছে ।
ইয়াৰ মাজতে গোলাঘাটৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগে দাবী কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক গোলাঘাট জিলাৰ অন্তৰ্গত ৫ টা সমষ্টিৰ পৰা আটাইতকৈ বেছি ভোট দি জয়যুক্ত কৰোৱা হ'ব । দেওবাৰে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাট মণ্ডল বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰি ৰাইজৰ হৈ প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক ভোটদানৰ আহ্বান জনায় ।
উল্লেখ্য যে, বৰপথাৰ মণ্ডলৰ পৰা বিশাল বাইক ৰেলীৰে উৰিয়ামঘাটলৈকে লোকসভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ লগতে বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাক আদৰি অনা হয় ৷ ইফালে বিৰোধী দলৰ যিকোনো প্ৰাৰ্থীয়েই এইবাৰ কাজিৰঙাত জয়লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷
সমষ্টিবাসীক প্ৰতাৰণা কৰি বিধায়ক হিচাপে জয়লাভ কৰিব নোৱাৰা ৰ'জলীনা তিৰ্কীয়ে কিদৰে সাংসদৰ বাবে ভোট বিচাৰি আহিব বুলি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে দাবী কৰে ।
লগতে পঢ়ক :কাজিৰঙাত মুকলি গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন