ETV Bharat / politics

ধলাইত ভোটগ্ৰহণ অব্যাহত: বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ নাম নাই ভোটাৰ তালিকাত !

উপ-নিৰ্বাচনত ধলাই সমষ্টিটোৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ'ব । ধলাইত শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে ।

Dholai Assembly constituency
ধলাই বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 1:20 PM IST

শিলচৰ: ধলাই বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্রহণ প্রক্রিয়া । এই উপ-নিৰ্বাচনত ধলাই সমষ্টিটোৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ'ব । পুৱাৰে পৰাই ভোটকেন্দ্ৰসমূহত শাৰী পাতিছে ভোটাৰ ৰাইজে । সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব তাক লৈ ভোটাৰ ৰাইজৰ মাজত ব্য়াপক চৰ্চা অব্য়াহত আছে । ইতিমধ্য়ে কেইবাগৰাকীও প্ৰাৰ্থীয়ে সাব্য়স্ত কৰিলে ভোটাধিকাৰ । অৱশ্য়ে বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ সমষ্টিটোৰ ভোটাৰ তালিকাত নাম নথকা বাবে ভোটদান কৰিব পৰা নাই ।

আজি পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিলে ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৷ ধলাই বাম প্ৰেমানন্দ এম ই স্কুলৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ধ্ৰুৱজ্যোতি পুৰকায়স্থই এইবাৰ তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে । বিগত সময়ত এই সমষ্টিটোত বিজেপিৰ বিধায়কগৰাকীয়ে কোনো উন্নয়নমূলক কাম নকৰা বুলি অভিযোগ উত্থাপন কৰে ধ্ৰুৱজ্যোতি পুৰকায়স্থই ।

ধলাই বিধানসভা সমষ্টি (ETV Bharat Assam)

ইপিনে, পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰে শিলচৰ সাংসদ পৰিমল শুক্লবৈদ্যই ৷ ১১৮ নম্বৰ আইৰংমাৰা এলপি স্কুল ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে সাংসদ পৰিমল শুক্লবৈদ্যই । সাংসদগৰাকীয়ে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে বৃহৎ ব্য়ৱধানত বিজয়ী হ'ব বুলি দাবী কৰে ।

ভোটাৰ তালিকাত নাম নাই বিজেপি প্ৰাৰ্থীৰ

ধলাইৰ সমষ্টিত ভোটাধিকাৰ নাই যদিও বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে পুৱাৰে পৰাই সমষ্টিটোৰ বিভিন্ন ভোটকেন্দ্ৰত উপস্থিত হয় । ধলাইৰ বিভিন্ন ভোটকেন্দ্ৰত উপস্থিত হৈ বিশাল ব্যৱধানত জয়ী হ'ব বুলি দাবী বিজেপি প্ৰাৰ্থীগৰাকীয়ে দাবী কৰিছে ।

ধলাইত শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে । সমষ্টিটোৰ বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই এই কথা সদৰী কৰিছে । উপ- নিৰ্বাচনক কেন্দ্ৰ কৰি যাতে ধলাইত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ আছে বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:ধলাই সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৯৬,৭৭২ গৰাকী ভোটাৰে

বঙাইগাঁৱত আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য় নিৰ্ণয় কৰিব ১৮২৩৫৪ গৰাকী ভোটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.