ETV Bharat / politics

মুখ্য়মন্ত্ৰী হিমন্ত থকালৈকে অসম আক্ৰমণৰ সপোনো দেখিব নোৱাৰে মিঞাই: বিজেপি - Ashok Sarma joins Congress

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:11 PM IST

Ashok Sarma in Congress: বিজেপি এৰি কংগ্ৰেছলৈ যোৱা অশোক শৰ্মাক সমালোচনা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ ৷ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্য়াৰে অশোক শৰ্মাৰ মানসিকতাৰ ওপৰত প্ৰশ্ন তুলিলে কিশোৰ উপাধ্যায়ে ৷

Ashok Sarma in Congress
Ashok Sarma joins Congress (ETV Bharat Assam)

তেজপুৰ, ৯ আগষ্ট: কংগ্ৰেছত যোগ দিলে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই ৷ কংগ্ৰেছত যোগ দিয়াৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অশোক শৰ্মাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়ে ৷ ‘‘অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বেই যে কংগ্ৰেছৰ দীক্ষা লৈছে সেয়া প্ৰমাণিত হৈছে । অশোকদা এজন বহু সন্মানীয় ব্যক্তি আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ৷ তেওঁ বিজেপি দল ত্যাগ কৰাৰ পাছতে এই ধৰণৰ কথা কোৱাটো শোভা নাপায় ৷’’ এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়ৰ ।

অশোক শৰ্মাক সমালোচনা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ (ETV Bharat Assam)

কংগ্ৰেছত যোগদান কৰাৰ আগে আগে বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা বিজেপিৰ কাৰুকাৰ্যৰ বাবে এদিন বাংলাদেশৰ দৰে অসমৰ পৰিস্থিতি হ’ব বুলি মন্তব্য কৰিছিল ।

অশোক শৰ্মাই কি কৈছিল:

বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা আৰু সংঘ পৰিয়ালৰ পৰা আঁতৰি শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰা অশোক শৰ্মাই বৃহস্পতিবাৰে নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছিল ৷ তেওঁ কৈছিল, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ যি ৰাজনীতি আৰম্ভ হৈছে, তাৰ বাবে পৰৱৰ্তী সময়ত অসমত বাংলাদেশৰ বৰ্তমানৰ দৰে পৰিস্থিতি হ’ব ৷’’ ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়ে ই টিভি ভাৰতক এক আছুতীয়া সাক্ষাৎকাৰত কয়, ‘‘তেওঁ পৰোক্ষভাৱে ভাবুকি দিছে যে অসমৰ ৪০ শতাংশ মিঞা মুছলমান লোকে বাংলাদেশৰ দৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক আক্ৰমণ কৰিব ।’’

কিশোৰ উপাধ্যায়ৰ প্ৰতিক্ৰিয়া:

উপাধ্যায়ে কয়, ‘‘বিজেপি এৰাৰ লগে লগেই তেওঁ হিন্দুসকলক আক্ৰমণ কৰাৰ যি ভাবুকি দিছে সেয়া আমি অত্যন্ত দুখ পাইছো । বাংলাদেশত মিঞাই হিন্দুক আক্ৰমণ কৰিছে সেয়া হ’ব পাৰে ৷ সেই ভাবুকি অশোক শৰ্মাৰ দৰে সংঘৰ প্ৰাক্তন ব্যক্তিয়ে কৰাটো দুখজনক ৷ কিন্তু ইয়াত মিঞাই হিন্দুক আক্ৰমণ কৰাৰ কথা কেতিয়াও হ’ব নোৱাৰে ৷ যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে ই সম্ভৱ নহয় ।’’ তেওঁ লগতে কয়, ‘‘বাংলাদেশত এচাম ধৰ্মীয় মৌলবাদীয়ে মৌলবাদ চলাবলৈ এনে কাম কৰিছে আৰু তাকে লৈ অশোক শৰ্মাই ভাবুকি দিছে ।’’

নতুন বাংলাদেশীৰ অনুপ্ৰৱেশ নঘটে অসমত:

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়ে কয়, ‘‘বাংলাদেশৰ আন্দোলনৰ যি চৰিত্ৰ, তাত ISI সমৰ্থিত মানুহ আছে বুলি বহুতে কয়, কিন্তু আমি নাজানো ৷ তাত থকা ইস্ক'ন মন্দিৰ ভাঙি পেলোৱা হৈছে, শ্বেখ মজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছে । যি ইস্ক'ন মন্দিৰত ১৯৭১ চনত ছয় মাহ দৈনিক ২ লাখ বাংলাদেশী মানুহক খাদ্য যোগান ধৰা হৈছিল, সেই মন্দিৰকেই ভাঙি দিয়া হৈছে ৷ গতিকে তাত মৌলবাদীৰ উত্থান হৈছে । বাংলাদেশৰ পৰা এতিয়া কোনো ধৰণৰ নতুন লোকে অসমত প্ৰৱেশ কৰিব নোৱাৰে ৷ সেয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে ।"

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ আচৰণৰ বাবেই অসমতো বাংলাদেশৰ দৰে অৱস্থা হ’ব: অশোক শৰ্মা - Ashok Sarma to join Congress

কংগ্ৰেছত থাকিও যেন অশোক শৰ্মাই আৰ এছ এছৰ কথা, হিন্দুৰ কথা কৈ থাকে : মুখ্যমন্ত্ৰী - Ashok Sharma joins Congress

কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ: বিজেপিত ভয়-ভাবুকিৰ ৰাজনীতি চলাৰ ভয়ংকৰ অভিযোগ - Ashok Sharma joins congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.