গুৱাহাটী : নতুন বছৰ ২০২৫ ভাল হ’ব অসম কংগ্ৰেছৰ বাবে । কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰিছে যে প্ৰাক্তন মন্ত্ৰী-বিধায়ক, আন দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিব ।
কংগ্ৰেছত অচিৰেই হ’ব বৃহৎ যোগদান কাৰ্যসূচী
শেহতীয়াভাৱে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ ধাৰাবাহিকভাৱে অনুষ্ঠিত হ'ব লাগিছে ইটোৰ পিছত সিটো কাৰ্যসূচী । শুকুৰবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী । যোগদান কাৰ্যসূচীৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
ভূপেন বৰাই কয়, “বিজেপিবিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো বিচাৰোঁ । বিজেপিৰ অপশাসনৰ বিৰুদ্ধে আমাৰ দলত যোগদান কাৰ্যসূচী চলি থাকিব ৷ অতি শীঘ্ৰেই বহু প্ৰাক্তন মন্ত্ৰী-বিধায়কে কংগ্ৰেছত যোগদান কৰিব ৷"
বিজেপিৰ নতুন চাৰি মন্ত্ৰী দবাখেলৰহে মন্ত্ৰী
শুকুৰবাৰে দেখা গ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰাই । “এইখন চৰকাৰত এজনেই মানুহ আছে, এজনেই মন্ত্ৰী আছে, এজনেই মুখ্যমন্ত্ৰী আছে বেলেগ কোনো নাই । মাজতে দাদা ব্ৰিগেডৰ দুজনমানে ধৰফৰাই থাকে । এটা পৰিয়ালৰ ক্ষমতা আৰু সম্পত্তি বৃদ্ধিত এইখন চৰকাৰ উছৰ্গিত। ইয়াত লুটপাত কৰি কেনেকৈ ঝাড়খণ্ডত নিৰ্বাচন খেলিব, ইয়াত ছিণ্ডিকেটৰ নামত লুটপাত কৰি মহাৰষ্ট্ৰত কেনেকৈ চৰকাৰ ভাঙিব, গোৱাত কেনেকৈ চৰকাৰ ভাঙিব তাৰ প্ৰাণকেন্দ্ৰত পৰিণত কৰিছে অসমক ।” এনেদেৰ মুখ্যমন্ত্ৰীক পোনপটীয়া আক্ৰমণ ভূপেন বৰাৰ ।
আনহাতে, অসম মন্ত্ৰীসভাত নতুন চাৰিজন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা প্ৰসংগত এ পি চি চিৰ সভাপতিগৰাকীয়ে কয়, “পুতলা মন্ত্ৰীতো ভালেই ৷ এওঁলোক দবাখেলৰ মন্ত্ৰীহে ৷ যেতিয়াই য’তে মন যায় দিব পাৰে ৷ অসমৰ মন্ত্ৰীসভাত এতিয়া এজনেই মন্ত্ৰী ৷ তেৱেঁই সৰ্বেসৰ্বা ৷”
এক দেশ এক নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীক কটাক্ষ
শেহতীয়াকৈ এক দেশ, এক নিৰ্বাচন নীতিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন প্ৰসংগতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ভূপেন বৰাৰ । মোদী চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটে এক দেশ, এক নিৰ্বাচন বিধেয়কত অনুমোদৰ জনোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপক আদৰণি জনায় । লগতে অসমত ২০২৬ চনত হ’বলগীয়া চৰকাৰখন মাত্ৰ তিনি বছৰহে থাকিব বুলি বৃহস্পতিবাৰে ওড়িশাত ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে ।
এই প্ৰসংগত মুখ্যমন্ত্ৰীক উভতি ধৰি ভূপেন বৰাৰ মন্তব্য, “হিমন্ত বিশ্ব শৰ্মা কেতিয়াৰ পৰা নিৰ্বাচন আয়ুক্ত হ’ল ? তেওঁ কেতিয়াৰ পৰা সাংসদৰ অধিকাৰ পালে ? হিমন্ত বিশ্ব শৰ্মাই কেতিয়াৰ পৰা ৰাষ্ট্ৰপতিৰ অধিকাৰ পালে ? তেওঁ কোন এইবোৰ কথা ক’বলৈ ? বিষয়টো সংসদত আলোচনা হ’ব । আমাৰো সংসদত ১০০ জন সাংসদ আছে । ইণ্ডিয়াৰো যথেষ্ট সাংসদ আছে ৷ আলোচনা হোৱাৰ পিছতহে সিদ্ধান্ত হ’ব ৷ আলোচনাত কি হয় আমি লক্ষ্য ৰাখিম ৷”
কোনে কোনে যোগ দিলে কংগ্ৰেছত ?
ৰাজীৱ ভৱনত শুকুৰবাৰে কেইবাগৰাকীও আদিবাসী নেতাকে ধৰি বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ কেইবাজনো নেতাই কংগ্ৰেছত যোগদান কৰে ৷ আছাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাক্ৰা, প্ৰাক্তন উপ-সভাপতি মেলকাছ তপ্প, এ আই ইউ ডিএ ফৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক আনোৱাৰ আলী, ডাঃ হাৰুণ আহমেদৰ লগতে মুঠ ১৫ গৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলত শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে । অনুষ্ঠানত এ পি চি চি সভাপতি ভূপেন বৰাৰ উপৰি অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙো উপস্থিত থাকে ।