ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 'হত্যাকাৰী' আখ্যা লুৰীণজ্যোতি গগৈৰ - CONGRESS WORKER DIES DURING PROTEST

কংগ্ৰেছৰ ৰাজভৱন যাত্রা কাৰ্যসূচীত কংগ্ৰেছী নেতাৰ মৃত্যুক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধা প্ৰদেশ কংগ্ৰেছৰ ।

AJP president Lurinjoyti Gogoi react on congress protest incident
হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 'হত্যাকাৰী' আখ্যা লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 10:42 PM IST

গুৱাহাটী: বিজেপি চৰকাৰক হত্যাকাৰী চৰকাৰ আখ্যা দিলে অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে । প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন যাত্রা কাৰ্যসূচীত ভাগ লৈ মৃদুল ইছলাম নামৰ অধিবক্তাগৰাকীৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয়, "প্ৰতিবাদকাৰীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী বাহিনীয়ে কৰা নিৰ্মম অত্যাচাৰ আৰু এগৰাকী প্ৰতিবাদকাৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ । আজি ৰাজভৱনৰ সন্মুখত প্ৰতিবাদকাৰী আৰু সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰি অসম আৰক্ষীয়ে চৰকাৰৰ দমন নীতি আৰু ফেচিষ্ট মানসিকতাক উদঙাই দিলে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ফেচিবাদী দমনমূলক কৰ্মকাণ্ডৰে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ জুইত ইন্ধন প্ৰদানৰহে কাম কৰিছে । চৰকাৰৰ এনে অহংকাৰেই এইখন চৰকাৰৰ পতনৰ মূল কাৰণ হ'ব ।"

হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 'হত্যাকাৰী' আখ্যা লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

তেওঁ লগতে কয়,"কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা মৃদুল ইছলামক আৰক্ষীয়ে নিৰ্মমভাৱে অত্যাচাৰ কৰি কন্দুৱা গেছ নিক্ষেপ কৰি হত্যা কৰে । এই ঘটনা অত্যন্ত ভয়ংকৰ আৰু ভয়াৱহ । এই হত্যাকাণ্ডক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ । বিজেপি চৰকাৰখনে জংঘলৰাজ চলাইছে । এই চৰকাৰখন এখন হত্যাকাৰী চৰকাৰ। তেওঁলোকে গণতান্ত্রিক আন্দোলনৰ ভাষা কেতিয়াও নুবুজে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই হত্যাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগিব ।"

ইয়াৰোপৰি তেওঁ কয়,"যিগৰাকী বিষয়া এই ঘটনাত জড়িত আছে তেওঁৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ আমি আমি দাবী জনাইছোঁ । আনহাতে সংবাদ মাধ্যমৰ লোকৰ ওপৰতো বিভিন্ন ধৰণে অত্যাচাৰ কৰা হৈছে । মুখ্যমন্ত্রীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিব লাগিব । ঘটনাৰ তদন্ত কৰি জড়িতসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদানৰ আমি দাবী জনাইছোঁ ।"

ৰাজীৱ ভৱনত মৃদুল ইছলামৰ শেষ শ্ৰদ্ধা নিবেদন প্ৰদেশ কংগ্ৰেছৰ:

প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন যাত্রা কাৰ্যসূচীত অংশ লৈ মৃত্যু হোৱা কামৰূপ জিলাৰ বকোৰ অধিবক্তা মৃদুল ইছলামৰ নশ্বৰ দেহ বুধবাৰে সন্ধিয়া ৰাজীৱ ভৱনলৈ অনা হয় । ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি নেতা-কৰ্মীসকলে মৃদুল ইছলামৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে । সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়,"কংগ্ৰেছৰ আন্দোলনক ভয়-ভাবুকি দিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্রৰ বাবে আজি আমি মৃদুল ইছলামক হেৰুৱালোঁ ।"

তেওঁ লগতে কয়,"মৃদুল ইছলাম আমাৰ লিগেল চেলৰ সম্পাদক আছিল । তেওঁলোকে ভাবিছে মৃদুল ইছলামক হত্যা কৰি আমাক ভয় খুৱাব । কিন্তু আমি ভয় নাখাও । মৃদুল ইছলাম বিজেপি চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ বিৰোধী আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ । কাইলৈ জিলাই জিলাই অৱস্থান ধৰ্মঘট পালন কৰা হ'ব । সৰ্বধৰ্ম প্ৰাৰ্থনা কৰা হ'ব । জিলা আয়ুক্তৰ যোগেদি ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰা হ'ব ।"

অসম আৰক্ষীক কটাক্ষ কৰি বৰাই কয়, "পুলিচে জানি-বুজি এটা স্থানত তিনিটাকৈ কন্দুৱা গেছ নিক্ষেপ কৰিলে । এইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিকল্পিত হত্যাকাণ্ড ।" আনহাতে মহানগৰ আৰক্ষী আয়ুক্তই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে কংগ্ৰেছে অনুমতি লোৱা নাছিল বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয়, "ৰাজভৱনৰ সন্মূখত প্ৰতিবাদ কৰিবলৈ যাওতে পুলিচে বাধা দিবলৈ অধিকাৰ ক'ত পালে । আমি বন্দুক, লাঠি লৈ গৈছিলো নেকি ? আমি আইন-শৃংখলা ভংগ কৰা নাই । দেশ বুলিলে আদেশ নালাগে । গণতান্ত্রিক আন্দোলন কৰিবলৈ নাগৰিকৰ অধিকাৰ আছে । অনুমতি লোৱা নাছিল যদি গ্ৰেপ্তাৰ কৰিব লাগিছিল, কিয় মাৰিলে ? আৰক্ষী চিকিৎসক নেকি তেওঁৰ মৃত্যুৰ কাৰণ ক'বলৈ ।"

লক্ষণীয় বিষয় যে আৰক্ষী আয়ুক্তই ৰাজভৱন যাত্রাৰ বাবে প্ৰদেশ কংগ্ৰেছে কোনো ধৰণৰ অনুমতি লোৱা নাই বুলি মন্তব্য কৰিছে । আৰক্ষী আয়ুক্তৰ এনে মন্তব্যৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছে ৰাজহুৱা কৰিছে অনুমতি লোৱা পত্র । ১৭ ডিচেম্বৰত মহানগৰ আৰক্ষী আযুক্তলৈ দিয়া পত্রখনত "ৰাজভৱন চলো"ৰ কথা উল্লেখ কৰা হৈছে । পত্রখন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে গ্ৰহণ কৰিছে । তেনেস্থলত কোন সঁচা কোন মিছা সেয়া ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক: কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই - CONGRESS WORKER DIES DURING PROTEST

এইখন বিধেয়কে সংবিধানৰ নীতি উলংঘা কৰিছে: গৌৰৱ গগৈ - ONE NATION ONE ELECTION BILL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.