ETV Bharat / politics

দলীয় প্ৰাৰ্থীক নিৰ্বাচনত সহায় নকৰাৰ বাবে আপে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত - AAP BISWANATH

আপৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰল এদিন পিছতে অপসাৰণ কৰিলে আপৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক ।

AAP Biswanath District President Removal
আপৰ বিশ্বনাথ জিলাৰ সভাপতিক অপসাৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 12:04 PM IST

গুৱাহাটীত : আম আদমী পাৰ্টীৰ বিশ্বনাথ জিলাৰ সভাপতিক অপসাৰণ । দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত অপসাৰণ কৰে সভাপতিগৰাকীক । উপ-নিৰ্বাচনত বিহালীত দলীয় প্ৰাৰ্থীক সহযোগ নকৰাৰ বাবেই অপসাৰণ কৰা হয় আপৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক । ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে প্ৰেৰণ কৰিছিল শ্ব'কজ ন'টিচ । শ্ব'কজ নটিচৰ উত্তৰ দিয়া নাছিল মেহুৱেল বসুমতাৰীয়ে ।

শনিবাৰে ঘোষণা হৈছিল ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল । ফলাফল অনুসৰি বিহালী সমষ্টিত বিজয়ৰ মুকুট পিন্ধিলে দিগন্ত ঘাটোৱালে । ইফালে আপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অনন্ত গগৈয়ে লাভ কৰে ১,২১৭টা ভোট । ইয়াৰ পিছতে দেওবাৰে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া স্বাক্ষৰিত নিৰ্দেশনা অনুসৰি মেহুৱেল বসুমতাৰীক অপসাৰণৰ পিচত তৎকালীনভাৱে অনন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ।

আপে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰা মতে, সদ্য সমাপ্ত বিহালী বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ আৰু অন্যান্য দলীয় কাম-কাজৰ পৰা অকর্তৃত্বশীলভাৱে মেহুৱেল বসুমতাৰী আঁতৰি আছিল । দল আৰু দলীয় প্রার্থীলৈ কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাছিল ।

AAP Biswanath District President Removal
আপৰ বিশ্বনাথ জিলাৰ সভাপতিক অপসাৰণ (ETV Bharat Assam)

এই সম্পৰ্কত যোৱা ১৭ নৱেম্বৰত সাত দিনৰ ভিতৰত উত্তৰ বিচাৰি কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল যদিও নির্দিষ্ট সময়ৰ ভিতৰত পৰা কোনোধৰণৰ উত্তৰ পোৱা নগ'ল । সেয়ে আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ নির্দেশক্রমে আম আদমি পাৰ্টীৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি পদৰ পৰা মেহুৱেল বসুমতাৰীক তৎকালে কাৰ্যকৰী হোৱাকৈ অপসাৰণ কৰা হয় ।

এই নির্দেশতে আম আদমি পাৰ্টীৰ বিশ্বনাথ জিলাৰ পৰৱৰ্তী কাম-কাজ চলাই নিবৰ বাবে আৰু স্থায়ী সভাপতি নিযুক্ত হোৱালৈকে জিলাৰ অন্যতম উপ-সভাপতি অনন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অর্পন কৰা হৈছে ।

লগতে পঢ়ক: গৌৰৱ গগৈয়ে ৰক্ষা কৰিব নোৱাৰিলে কংগ্ৰেছক: বিহালীত জিকিল দিগন্ত ঘাটোৱাল

মুখথেকেচা খালে গৌৰৱ গগৈয়ে, বিৰোধী ঐক্য বিঘ্নিত কৰিও বিহালীত জয়ী হ'ব নোৱাৰিলে কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.