ETV Bharat / opinion

সিন্ধু জল চুক্তিৰ পুনৰ আলোচনা; পাকিস্তান আগবাঢ়ি আহিবনে ? - Indus Waters Treaty

author img

By Aroonim Bhuyan

Published : 2 hours ago

Renegotiating Indus Waters Treaty : ইছলামাবাদে স্থায়ী সিন্ধু আয়োগৰ সৈতে সিন্ধু জল চুক্তি সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিব বিচাৰেনে ? এই বিষয়ত পুনৰ আলোচনাৰ বাবে আল্টিমেটাম প্ৰদান কৰাৰ কেইসপ্তাহমানৰ মূৰত ইছলামাবাদে কৈছে যে তেওঁলোকে আলোচনা আগবঢ়াই নিবলৈ ইচ্ছুক । কিন্তু সিন্ধু জল চুক্তি কি আৰু ইয়াক লৈ শেহতীয়া কি বিতৰ্কৰ সৃষ্টি হৈছে ? জানিবলৈ পঢ়ক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন ।

Renegotiating Indus Waters Treaty
সিন্ধু জল চুক্তিৰ পুনৰ আলোচনা (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২১ ছেপ্টেম্বৰ : শেহতীয়াভাৱে ভাৰতে জাননী প্ৰদানৰ পিচত পাকিস্তানে সিন্ধু জল চুক্তিৰ (Indus Waters Treaty, IWT) ওপৰত পুনৰ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু তথাপিও এই মুহূৰ্তত এটা প্ৰশ্নৰ সৃষ্টি হৈ আছে যে সঁচাকৈয়ে অনাগত দিনত ইছলামাবাদে এই আলোচনাৰ বাবে আগবাঢ়ি আহিবনে ? এতিয়া সকলোৱে এই প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছে ।

উল্লেখ্য যে সিন্ধু জল চুক্তি ১৯৬০ চনত স্বাক্ষৰ হৈছিল । কিন্তু ইয়াৰ পিচত এই চুক্তি কাৰ্যকৰীকৰণত গেথেলা মাৰে । চুক্তি স্বাক্ষৰ হোৱাৰ পিচত ভূ-ৰাজনৈতিক আৰু পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ দৰে মৌলিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আই ডব্লিউ টিৰ চৰ্তাৱলী আৰু নিয়মাৱলী পুনৰ আলোচনা নকৰালৈকে দুয়োপক্ষৰ মাজত আৰু কোনো আলোচনা নহ'ব বুলি উল্লেখ কৰি ভাৰতে চূড়ান্ত আল্টিমেটাম দিয়াৰ কেইসপ্তাহমান পিচত পাকিস্তানে নিজৰ ইচ্ছা ব্যক্ত কৰে ।

এক সাপ্তাহিক সংবাদ মাধ্যম সম্বোধনৰ সময়ত বৃহস্পতিবাৰে ইছলামাবাদত পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে এক প্ৰশ্নৰ উত্তৰত কয়, "সিন্ধু জল চুক্তি হৈছে এক গুৰুত্বপূৰ্ণ চুক্তি । এই চুক্তিয়ে বিগত কেইবা দশক ধৰি পাকিস্তান আৰু ভাৰত দুয়োখন দেশকে ভালদৰে সেৱা আগবঢ়াইছে । আমি বিশ্বাস কৰো যে ই হৈছে পানী ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিৰ স্বৰ্ণমান আৰু পাকিস্তান ইয়াৰ ৰূপায়ণৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । আমি আশাকৰোঁ যে ভাৰতেও এই চুক্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব ।"

লগতে পঢ়ক :সিন্ধু জলচুক্তি : পাকিস্তানী প্ৰতিনিধি দলৰ ভ্ৰমণে ভাৰতৰ চিন্তা বৃদ্ধি কৰিব নেকি ? - Indus Waters Treaty

সিন্ধু জল চুক্তি কি ?

সিন্ধু জল চুক্তি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত পানী বিতৰণৰ এক চুক্তি । এই চুক্তিৰ ব্যৱস্থা আৰু মধ্যস্থতা বিশ্ব বেংকৰ দ্বাৰা কৰা হয় । সিন্ধু নদী আৰু ইয়াৰ উপনদীসমূহত উপলব্ধ পানী ব্যৱহাৰ কৰাৰ ওপৰত চুক্তিখনত ব্যৱস্থাৰ কথা উল্লেখ আছে । ১৯৬০ চনৰ ছেপ্টেম্বৰত কৰাচীত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানী ৰাষ্ট্ৰপতি আয়ুব খানে চুক্তিখনত স্বাক্ষৰ কৰিছিল ।

এই চুক্তিয়ে ভাৰতক তিনিখন ‘‘পূব নদী’’ ক্ৰমে বিয়াছ, ৰবি আৰু চুতলেজৰ পানীৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰিছে । আনহাতে, তিনিখন ‘‘পশ্চিম নদী’’ ক্ৰমে সিন্ধু, চেনাব আৰু ঝিলামৰ পানীৰ ওপৰত নিয়ন্ত্ৰণ পাকিস্তানৰ ওচৰত আছে । এই চুক্তিয়ে পাকিস্তানক আৱণ্টন কৰা পশ্চিমীয়া নদী আৰু ভাৰতক আৱণ্টন কৰা পূবৰ নদীসমূহৰ ব্যৱহাৰ সম্পৰ্কে দুয়োখন দেশৰ মাজত তথ্য আদান-প্ৰদানৰ বাবে এক সহযোগিতামূলক ব্যৱস্থা স্থাপন কৰিছে ।

চুক্তিৰ প্ৰস্তাৱনাত সদিচ্ছা, বন্ধুত্ব আৰু সহযোগিতাৰ ভাবনাৰে সিন্ধু প্ৰণালীৰ পৰা পানীৰ সৰ্বোত্তম ব্যৱহাৰত প্ৰতিখন দেশৰ অধিকাৰ আৰু দায়বদ্ধতাক স্বীকৃতি দিয়া হৈছে । এই চুক্তিয়ে ভাৰতক সীমিত জলসিঞ্চন ব্যৱহাৰ আৰু সীমাহীন অনা-ব্যৱহাৰযোগ্য ব্যৱহাৰ যেনে বিদ্যুৎ উৎপাদন, জল পৰিবহণ, ভাসমান সম্পত্তি আৰু মৎস্য পালনৰ বাবে পশ্চিমীয়া নদীৰ পানী ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে ।

এই চুক্তিৰ অধীনত এক স্থায়ী সিন্ধু আয়োগ স্থাপন কৰা হৈছিল । প্ৰতিখন দেশৰ পৰা এজন আয়ুক্ত থকা এই আয়োগে সমন্বয়মূলক ব্যৱস্থাৰ তত্ত্বাৱধান কৰে । লগতে চুক্তিৰ পৰা উদ্ভৱ হোৱা অজস্ৰ বিষয় আলোচনা কৰিবলৈ দুয়োখন দেশে বাৰ্ষিকভাৱে (ভাৰত আৰু পাকিস্তানত বৈকল্পিকভাৱে) মিলিত হোৱাটো নিশ্চিত কৰে ।

লগতে পঢ়ক :Indus Water Row : সিন্ধু নদীৰ পানী বিতৰ্ক; ভিয়েনাত নিৰপেক্ষ বিশেষজ্ঞ কাৰ্যক্ৰমত উপস্থিত ভাৰত পাকিস্তান

ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত কেইবাখনো যুদ্ধ আৰু উত্তেজনাময় পৰিস্থিতিৰ বাবে এই চুক্তিখন ছয় দশকৰো অধিক সময় ধৰি স্থগিত কৰি ৰখা হৈছে । অৱশ্যে শেহতীয়া বছৰবোৰত পানীৰ ব্যৱহাৰ, বান্ধ নিৰ্মাণ আৰু চুক্তি ৰূপায়ণক লৈ একাধিক বিবাদে ইয়াক পুনৰ এবাৰ চৰ্চালৈ আনিছে ।

চুক্তিখনক লৈ শেহতীয়া বিতৰ্ক কি ?

‘‘পশ্চিমীয়া নদী’’ হিচাপে মনোনীত কৰা ঝিলাম আৰু চেনাবৰ উপনদীত অৱস্থিত কিষাণগংগা (330 মেগাৱাট) আৰু ৰাটল (850 মেগাৱাট) জলবিদ্যুৎ প্ৰকল্পৰ কাৰিকৰী ডিজাইনৰ বৈশিষ্ট্য সম্পৰ্কে পাকিস্তানে আপত্তি দৰ্শোৱাৰ পিচত দুয়োখন দেশে বিপৰীত মেৰুত উপনীত হয় ।

অৱশ্যে আই ডব্লিউ টিৰ কিছুমান অনুচ্ছেদৰ অধীনত ভাৰতক এই নদীবোৰত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ অনুমতি দিয়া হৈছে । আনহাতে, পাকিস্তানে তেতিয়া এই দুটা প্ৰকল্পৰ সৈতে সম্পৰ্কিত উদ্বেগবোৰ সমাধান কৰিবলৈ মধ্যস্থতাকাৰী আদালত স্থাপনৰ সুবিধাৰ বাবে বিশ্ব বেংকৰ কাষ চাপে । ইফালে ভাৰতে চুক্তিৰ মতভেদ আৰু বিবাদ নিষ্পত্তিৰ ওপৰত আই ডব্লিউ টিৰ নৱম অনুচ্ছেদৰ দফা ২.১ ৰ বাবে এগৰাকী নিৰপেক্ষ বিশেষজ্ঞ নিযুক্তিৰ বাবে অনুৰোধ জনায় ।

২০২২ চনৰ অক্টোবৰ মাহত বিশ্ব বেংকে দক্ষিণ এছিয়াৰ দুয়োখন চুবুৰীয়া দেশৰ অনুৰোধ মানি লৈ মিচেল লিনোক নিৰপেক্ষ বিশেষজ্ঞ আৰু ছিন মাৰ্ফিক মধ্যস্থতা আদালতৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰে ।

ভাৰতে তেতিয়া কৈছিল যে কিষাণগংগা আৰু ৰাটল প্ৰকল্পৰ সৈতে সম্পৰ্কিত চলিত বিষয়ত এগৰাকী নিৰপেক্ষ বিশেষজ্ঞ আৰু মধ্যস্থতা আদালতৰ অধ্যক্ষ নিয়োগ কৰাৰ বিশ্ব বেংকৰ ঘোষণাটো লক্ষ্য কৰিছে ।

"বিশ্ব বেংকে 'একেলগে দুটা প্ৰক্ৰিয়া সম্পাদন কৰাটোৱে ব্যৱহাৰিক আৰু আইনী প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে' বুলি ঘোষণা কৰি ভাৰতে বিষয়টো মূল্যায়ন কৰিব ।" নতুন দিল্লীয়ে কয় । লগতে কয়, "ভাৰতে বিশ্বাস কৰে যে সিন্ধু জল চুক্তিৰ ৰূপায়ণ চুক্তিখনৰ মূল ভিত্তিৰ ওপৰত হ'ব লাগিব ।"

লগতে পঢ়ক :Indus Waters Treaty: সিন্ধু জল চুক্তিৰ সংশোধন বিচাৰি পাকিস্তানলৈ ভাৰতৰ পত্ৰ

তাৰ পিচত ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতে পাকিস্তানলৈ প্ৰথম জাননী প্ৰেৰণ কৰে । এই জাননীত ১৯৬০ চনত চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত ভূ-ৰাজনৈতিক আৰু পাৰিপাৰ্শ্বিক দৃশ্যপটত মৌলিক পৰিৱৰ্তন হিচাপে নতুন দিল্লীৰ অভিপ্ৰায়ৰ বিষয়ে উল্লেখ কৰে । ইয়াত জনসংখ্যা বৃদ্ধি, কৃষিৰ প্ৰয়োজনীয়তা আৰু ১৯৬০ চনত চুক্তিৰ আৰম্ভণিৰ পৰা বৃদ্ধি পোৱা পানীৰ ব্যৱহাৰৰ পৰিস্থিতিৰ কথা উল্লেখ কৰা হৈছে ।

অৱশ্যে যোৱা বছৰৰ জুলাই মাহত আন্তৰ্জাতিক মধ্যস্থতা আদালতে (International Court of Arbitration, ICA) কৈছিল যে ছিন মাৰ্ফিৰ নেতৃত্বত মধ্যস্থতা আদালতৰ আই ডব্লিউ টি সম্পৰ্কীয় বিষয়বোৰ সমাধান কৰাৰ 'দক্ষতা' আছে । কিন্তু নতুন দিল্লীয়ে উল্লেখ কৰে যে ইছলামাবাদৰ অনুৰোধত গঠন কৰা মধ্যস্থতা আদালতৰ দ্বাৰা দিয়া কোনো ৰায় তেওঁলোকে গ্ৰহণ নকৰে ।

ভাৰতে কৈছিল যে "তথাকথিত মধ্যস্থতা আদালত সিন্ধু জল চুক্তি ব্যৱস্থাৰ উলংঘন" ।

"কিষাণগংগা আৰু ৰাটল প্ৰকল্পৰ সৈতে সম্পৰ্কিত বিবাদৰ বিষয়ে এগৰাকী নিৰপেক্ষ বিশেষজ্ঞক ইতিমধ্যে জনোৱা হৈছে ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত কয় । লগতে কয়, "নিৰপেক্ষ বিশেষজ্ঞৰ প্ৰক্ৰিয়া হৈছে এই মুহূৰ্তত একমাত্ৰ চুক্তি-ভিত্তিক প্ৰক্ৰিয়া । এই চুক্তিত একেটা বিষয়ৰ সমান্তৰাল প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হোৱা নাই ।"

শেহতীয়া পৰিস্থিতি কি ?

প্ৰতিবেদন অনুসৰি, ২০২৩ চনৰ জানুৱাৰীত প্ৰথম জাননীৰ পিচত যদিও এই বিষয়ত কেইবাবাৰো সোঁৱৰাই দিয়া হৈছিল, তৎসত্ত্বেও পাকিস্তানে ইয়াৰ সঁহাৰিৰ প্ৰতি অনাগ্ৰহী হৈ আছে ।

অৱশেষত চলিত বছৰৰ 30 আগষ্টত ভাৰতে পাকিস্তানলৈ আল্টিমেটামৰ সৈতে জাননী প্ৰেৰণ কৰে । ইয়াৰে কেইসপ্তাহমান পিচত পাকিস্তানে চুক্তিখন সন্দৰ্ভত পুনৰ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে । কিন্তু এতিয়া চুক্তিখনৰ পুনৰ আলোচনাৰ বাবে পাকিস্তান আলোচনাৰ মেজলৈ আহে নে নাহে সেইটো লক্ষণীয় হ'ব ।

লগতে পঢ়ক :পাকিস্তানৰ আপত্তিৰ পাছতো জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.