ETV Bharat / international

বিশ্ব সৰ্প দিৱস : ইতিহাস আৰু গুৰুত্ব - World Snake Day 2024

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 11:53 PM IST

World Snake Day 2024 : সাপক লৈ চৌদিশে চলি থকা নেতিবাচক ধাৰণা আৰু এই বিষয়ে পৌৰাণিক কাহিনী থকা সত্ত্বেও, নিগনিৰ সংখ্যা নিয়ন্ত্ৰণ কৰা আৰু ৰোগ বিয়পাটো প্ৰতিহত কৰাৰ বাবে সাপ হৈছে অত্যাৱশ্যকীয় প্ৰাণী । ভাৰতত প্ৰায় 300 টা সাপৰ প্ৰজাতি আছে আৰু বিশ্ব সৰ্প দিৱস হৈছে সাপৰ প্ৰতি থকা ভুল ধাৰণা দূৰ কৰা আৰু সাপ সংৰক্ষণৰ গুৰুত্ব বৃদ্ধি কৰাৰ এক উৎকৃষ্ট সময় । বিশ্ব সৰ্প দিৱস সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।

World Snake Day 2024
বিশ্ব সৰ্প দিৱস ২০২৪ (ETV Bharat)

সমগ্ৰ বিশ্বজুৰি ১৬ জুলাইত বিশ্ব সৰ্প দিৱস পালন কৰা হয় । এই দিৱস পালনৰ উদ্দেশ্য হৈছে বিশ্বজুৰি বিভিন্ন প্ৰজাতিৰ সাপৰ প্ৰতি সজাগতা বৃদ্ধিৰ আহ্বান জনোৱা । বিশ্বত প্ৰায় 3,789 বিধ সাপৰ প্ৰজাতিৰ আছে । ইয়াৰে ভিতৰত আপোনাক আকৰ্ষিত কৰা বা পূৰ্বতে এই প্ৰজাতিৰ জ্ঞাত নোহোৱাটো একো অস্বাভাৱিক নহয় ।

বিশ্ব সৰ্প দিৱসত পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখা আৰু সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰচাৰ কৰাত সাপে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বিচৰা হয় ।

অৱশ্যে সাপক লৈ চৌদিশে চলি থকা নেতিবাচক ধাৰণা আৰু এই বিষয়ে পৌৰাণিক কাহিনী থকা সত্ত্বেও, নিগনিৰ সংখ্যা নিয়ন্ত্ৰণ কৰা আৰু ৰোগ বিয়পাটো প্ৰতিহত কৰাৰ বাবে সাপ হৈছে অত্যাৱশ্যকীয় প্ৰাণী । ভাৰতত প্ৰায় 300 টা সাপৰ প্ৰজাতি আছে আৰু বিশ্ব সৰ্প দিৱস হৈছে সাপৰ প্ৰতি থকা ভুল ধাৰণা দূৰ কৰা আৰু সাপ সংৰক্ষণৰ গুৰুত্ব বৃদ্ধি কৰাৰ এক উৎকৃষ্ট সময় ।

বিশ্ব সৰ্প দিৱসৰ ইতিহাস

এই দিৱস পালন কেতিয়া আৰম্ভ হৈছিল সেই তথ্য যদিও ভালদৰে নথিভুক্ত কৰা হোৱা নাই, ভাৰতত ইয়াৰ গুৰুত্ব দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৌৰাণিক কাহিনীৰ পৰা পোৱা যায় । ভাৰতীয় পৌৰাণিক কাহিনীত সাপ, যাক নাগ বুলিও কোৱা হয়, পৱিত্ৰ প্ৰাণী হিচাপে বৰ্ণনা কৰা হৈছিল । ভাৰতীয় ফেঁটী (ইণ্ডিয়ান কোব্ৰা), ৰজা ফেঁটী (কিং কোব্ৰা) আৰু চকৰী ফেঁটীকে (ৰাছেলছ ভাইপাৰ) ধৰি ভাৰতত পোৱা বিভিন্ন ধৰণৰ সাপৰ প্ৰজাতিৰ পৰিপ্ৰেক্ষিতত, এই দিৱস পালনৰ উদ্দেশ্য হৈছে বাসস্থান হেৰুওৱা আৰু মানৱ-জন্তুৰ সংঘাতৰ বাবে এই প্ৰজাতিবোৰৰ হ্ৰাস হোৱা জনসংখ্যাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা । শেহতীয়া বছৰবোৰত সাপ উদ্ধাৰ আৰু পুনৰ্সংস্থাপনৰ দৰে পদক্ষেপবোৰে বহুতো সাপৰ জীৱন ৰক্ষা কৰাত আৰু পৰিৱেশতন্ত্ৰত সেইবোৰৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায়ক হৈছে ।

ভাৰতত বিশ্ব সৰ্প দিৱস বিভিন্ন শৈক্ষিক আৰু সংৰক্ষণ কাৰ্যকলাপ যেনে সজাগতা অভিযান, সাপৰ বিষয়ে সজাগতা কৰ্মশালা আৰু প্ৰদৰ্শনীৰ জৰিয়তে পালন কৰা হয় । এই অনুষ্ঠানবোৰৰ উদ্দেশ্য হৈছে পৰিৱেশতন্ত্ৰত সাপে পালন কৰা অত্যাৱশ্যকীয় ভূমিকা, সিহঁতৰ সঠিক সঞ্চালন আৰু সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক শিক্ষিত কৰা । প্ৰকৃতি ক্লাব, শিক্ষানুষ্ঠান আৰু বেচৰকাৰী সংগঠনবোৰে এই অনুষ্ঠানবোৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । এই সৰীসৃপবোৰৰ বাবে উন্নত জ্ঞান আৰু বুজাবুজিৰ বাবে বন্যপ্ৰাণী বিশেষজ্ঞ আৰু সৰ্প বিশেষজ্ঞৰ নেতৃত্বত কৰ্মশালাৰ আয়োজন কৰে । বিশ্ব সৰ্প দিৱস প্ৰতিবছৰে ১৬ জুলাইত পালন কৰা হয় ।

বিশ্ব সৰ্প দিৱসৰ তথ্য

  • সাপ হৈছে ৰূপ সলোৱাত পাকৈত, দক্ষ চিকাৰী আৰু চেম্পিয়ন ভোজনকাৰী । এই মাংসভোজী সৰীসৃপবোৰৰ বিষয়ে আপুনি নজনা বহু আচৰিত তথ্য ইয়াত সন্নিৱিষ্ট কৰা হৈছে ।
  • নেচনেল জিঅ'গ্ৰাফীকৰ মতে, প্ৰায় 600 প্ৰজাতিৰ সাপ বিষাক্ত আৰু 200ৰ ভিতৰত সাত শতাংশইহে এজন মানুহক হত্যা বা গুৰুত্বপূৰ্ণভাৱে আঘাত কৰিবলৈ সক্ষম হয় ।
  • সাপে নিজৰ মূৰতকৈ 75%-100% ডাঙৰ জন্তু গিলিবলৈ সক্ষম ।
  • শেহতীয়া গণনা অনুসৰি, 3,789 টা সাপৰ প্ৰজাতি আছে । যাৰ ফলত জেঠীৰ পিচত সৰীসৃপৰ দ্বিতীয় সৰ্ববৃহৎ গোট হৈছে এই সাপ । সাপক ৩০ টা বিভিন্ন পৰিয়াল আৰু অসংখ্য উপ-পৰিয়ালত বিভক্ত কৰা হৈছে । অষ্ট্ৰেলিয়াত সাপৰ প্ৰায় ১৪০ টা প্ৰজাতিয়ে বাস কৰে ।
  • ভাৰতীয় সংস্কৃতিত, ফেঁটীসাপক সাপৰ ৰজা বুলি গণ্য কৰা হয় আৰু ইয়াৰ অবিশ্বাস্য শক্তি আছে বুলি বিশ্বাস কৰা হয় । হিন্দু পৌৰাণিক কাহিনীত ফেঁটীসাপক প্ৰায়ে নাগ বা নাগা বুলি কোৱা হয় আৰু বহুতো কাহিনী এই শক্তিশালী প্ৰাণীবিধক কেন্দ্ৰ কৰি সৃষ্টি হৈছে । ইয়াক কেতিয়াবা অৰ্ধ-মানৱ আৰু অৰ্ধ-সৰ্প হিচাপেও চিত্ৰিত কৰা হয় ।
  • হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা ভগৱান শিৱক প্ৰায়ে ডিঙিত সাপ এডালেৰে দেখুওৱা হয় । ই হৈছে মৃত্যু আৰু পুনৰ্জন্মৰ ওপৰত তেওঁৰ শক্তিৰ প্ৰতীক ।
  • কেতিয়াবা হয়তো ভাবিছে যে সাপে আপোনাক কিয় এক ভয়ংকৰ অনুভৱ দিব পাৰে ? সাপৰ চকুৰ পতা নাই! ইয়াৰ অৰ্থ হৈছে সাপে চকু টিপিয়াই নাথাকে আৰু চকু মেলি শুব লাগে । চকুৰ পতাৰ সলনি সিহঁতৰ সুৰক্ষাৰ বাবে প্ৰতিটো চকুত পাতল আৱৰণ সংলগ্ন থাকে । এই আৱৰণটোক 'ব্ৰিল' বুলি কোৱা হয় । জাৰ্মান ভাষাত ইয়াৰ অৰ্থ হৈছে চছমা ।
  • সাপৰ নাক থাকে, কিন্তু সিহঁতে সেইবোৰ গোন্ধ ল'বলৈ ব্যৱহাৰ নকৰে । তাৰ পৰিৱৰ্তে সাপে জিভাৰে আৰু মুখৰ ছালত সিহঁতৰ জেকবছন অংগটো ব্যৱহাৰ কৰি গোন্ধ ল'বলৈ বিকশিত হৈছে । সিহঁতৰ গোন্ধ লোৱাৰ সামৰ্থ্য যথেষ্ট উৎকৃষ্ট আৰু ইয়াক 'ষ্টিৰিঅ'ত গোন্ধ' বুলিও বৰ্ণনা কৰা হৈছে । সাপৰ এডাল দ্বি-বিভাজিত জিভা আৰু একাধিক ৰিচেপ্টৰ আছে, যিয়ে বিভিন্ন পৰিমাণৰ ৰাসায়নিক সংকেত ল'বলৈ সক্ষম ।

কল্পনা কৰক যে ঘাঁহনিৰ মাজেৰে এডাল সাপ বিচৰণ কৰি আছে । আপোনাৰ মনত কি ছবি আহিব ? প্ৰসিদ্ধ সাপৰ চলাচল ? ইয়াত আচৰিত নহ'ব । কিয়নো এইটো হৈছে সাপৰ সচৰাচৰ আটাইতকৈ প্ৰচলিত বিচৰণৰ প্ৰকাৰ, যাক পাৰ্শ্বীয় ঢৌ বুলিও কোৱা হয় । কিন্তু সাপৰ আন চাৰি প্ৰকাৰৰ চলাচল থাকে । উদাহৰণ স্বৰূপে, আৰ্বোৰিয়েল সাপবোৰে এক প্ৰকাৰৰ চলন ব্যৱহাৰ কৰে, যাৰ দ্বাৰা সাতগুণ অধিক শক্তি ব্যৱহাৰ কৰে । ইয়াক কনচাৰ্টিনা বুলি কোৱা হয় । আনকি যেতিয়া সাপ এডালে মসৃণ পৃষ্ঠত পলাই যাবলৈ চেষ্টা কৰে, তেতিয়া এক বিশেষ চলন ব্যৱহাৰ কৰে । ইয়াক শ্লাইড গতি বুলি কোৱা হয় ।

  • বেছিভাগ সাপে কণী দিয়ে । কিন্তু সাগৰীয় সাপকে ধৰি কিছুমান প্ৰজাতিয়ে সন্তান জন্ম দিয়ে ।
  • কেৱল সঙ্গমৰ বতৰৰ বাহিৰে সাপবোৰ বেছিভাগ সময়তে অকলশৰীয়া হৈ থাকে ।
  • যদি সাপে নিজৰ শোৱনি কোঠাৰ দুৱাৰত 'মোক অকলশৰে থাকিবল দিয়ক' বুলি ফলক আঁৰি ৰাখিব পাৰিলেহেঁতেন, তেন্তে নিশ্চয় সেয়া কৰিলেহেঁতেন । কিয়নো সাপ হৈছে অতি শান্তিপ্ৰিয় প্ৰাণী ।
  • এণ্টাৰ্কটিকা আৰু উত্তৰ আৰু দক্ষিণ মেৰুৰ বাহিৰত আৰু গ্ৰীণলেণ্ড, আইচলেণ্ড, আয়াৰলেণ্ড আৰু নিউজীলেণ্ডৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে সাপ পোৱা যায় ।
  • কিছুমান সাগৰীয় সাপে সিহঁতৰ ছালৰ মাজেৰে আংশিকভাৱে উশাহ ল'ব পাৰে । যাৰ ফলত সিহঁত পানীৰ তলত দীঘলীয়া সময় থাকিব পাৰে ।
  • সাপ হাড়যুক্ত । সাপৰ 1,200 ডাললৈকে হাড় থাকিব পাৰে ।
  • সাপৰ স্কেলত (আৰু ৰেটলস্নেক ৰেটল) কেৰাটিন থাকে । ই মানুহৰ চুলি আৰু নখত পোৱা একেই পদাৰ্থ ।
  • কিছুমান সাপৰ সন্তান জন্ম দিব পৰা শক্তি থাকে; সৰু ব্ৰাহ্মণী অন্ধ সাপ বা ফ্লাৱাৰপট সাপ হৈছে একমাত্ৰ সাপৰ প্ৰজাতি, যি কেৱল মাইকী প্ৰজাতিৰ, অৰ্থাৎ সিহঁতে নিজে নিজৰ সন্তান জন্ম দিব পাৰে ।

সাপে আমাক কেনেদৰে সহায় কৰিব পাৰে ?

  • সাপে চিকাৰী হিচাপে, চিকাৰ হিচাপে, পৰিৱেশতন্ত্ৰৰ অভিযন্তা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু মানুহক অৰ্থনৈতিক আৰু চিকিৎসামূলক লাভালাভ প্ৰদান কৰে ।
  • সাপ বহু ঔষধৰো উৎস । সৰ্পদংশনৰ বাবে একমাত্ৰ প্ৰমাণিত আৰু কাৰ্যকৰী চিকিৎসা- সাপৰ বিষপ্ৰতিৰোধী এণ্টিভেনম সাপৰ বিষৰ পৰায়ে আহৰণ কৰা হয় ।
  • ঘোঁৰা আৰু ভেড়াৰ শৰীৰত সাপৰ বিষ সুমুৱাই দিয়া হয় । এই বিষৰ বিপৰীতে এণ্টিবডী থকা জন্তুবোৰৰ প্লাজমা সংগ্ৰহ কৰা হয় আৰু জীৱন ৰক্ষাকাৰী এণ্টিভেনম প্ৰস্তুত কৰিবলৈ বিশুদ্ধ কৰা হয় ।
  • সাপে ৰোগ প্ৰতিৰোধত এক বিশেষ ভূমিকা পালন কৰে আৰু কৃষি সম্প্ৰদায়ক লাভান্বিত কৰে । নিগনি হৈছে বহুতো জুনোটিক ৰোগৰ (জীৱ-জন্তুৰ পৰা হোৱা) বাহক (যেনে লাইম ৰোগ, লেপ্টোস্পাইৰোচিছ, লিচমেনিয়াচিছ, হাণ্টাভাইৰাছ) । ই মানুহ, কুকুৰ, গৰু, ভেড়া আৰু অন্যান্য ঘৰুৱা জন্তুক প্ৰভাৱিত কৰে ।
  • সাপে 'পৰিস্থিতিতন্ত্ৰ-অভিযন্তা' হিচাপে 'গৌণ বীজ বিচ্ছুৰণ'ৰ সুবিধা প্ৰদান কৰে, এনেদৰে উদ্ভিদৰ প্ৰজননত অৰিহণা যোগায় ।
  • নিগনি-এন্দুৰ খোৱাৰ ফলত সাপে ইহঁতৰ জনসংখ্যা নিয়ন্ত্ৰণত ৰাখে । এনেদৰে জুনোটিক ৰোগ সংক্ৰমণ প্ৰতিহত কৰে আৰু খাদ্য সুৰক্ষাত অৰিহণা যোগায় ।

বিশ্বৰ আটাইতকৈ বিষাক্ত সাপ

ব্লেক মাম্বা, বুমশ্লাং, ফাৰ-ডি-লেন্স, ৰাছেলছ ভাইপাৰ, ইষ্টাৰ্ণ টাইগাৰ স্নেক, চাও-স্কেলড ভাইপাৰ, বেণ্ডেড ক্ৰেইট, ৰজা ফেঁটী (কিং কোব্ৰা), কোষ্টাল টাইপান, ইনলেণ্ড টাইপান ।

বিশ্বজুৰি সৰ্পদংশনত মৃত্যু

মূল তথ্যসমূহ

  • বিশ্বজুৰি আনুমানিক ৫.৪ নিযুত লোকক প্ৰতিবছৰে সাপে দংশন কৰে আৰু ১.৮-২.৭ নিযুত এনভেনমিঙৰ ঘটনা ঘটে ।
  • প্ৰতিবছৰে প্ৰায় 81,410-1,37,880 জন লোক সৰ্পদংশনৰ ফলত মৃত্যুমুখত পৰে আৰু বছৰি প্ৰায় তিনিগুণ অঙ্গচ্ছেদ আৰু অন্যান্য স্থায়ী বিকলাঙ্গতা সৰ্পদংশনৰ ফলত হয় ।
  • বিষাক্ত সাপে দংশনৰ ফলত পক্ষাঘাত হ'ব পাৰে । ই উশাহ-নিশাহ, ৰক্তক্ষৰণৰ বিকাৰলৈ পৰ্যৱসিত কৰিব পাৰে, যাৰ ফলত মাৰাত্মক ৰক্তক্ষৰণ, অপৰিৱৰ্তনীয় বৃক্ক বিকল হোৱা আৰু কোষকলাৰ ক্ষতি হ'ব পাৰে । ইয়াৰ ফলত স্থায়ী বিকলাঙ্গতা আৰু হাত-ভৰি কাটিবলগা হ'ব পাৰে ।
  • কৃষিকৰ্মী আৰু শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয় । শিশুৱে প্ৰায়ে প্ৰাপ্তবয়স্কতকৈ অধিক গুৰুতৰ প্ৰভাৱত ভোগে, তেওঁলোকৰ শৰীৰৰ ভৰ কম হোৱাৰ বাবে ।

ভাৰতীয় সাপ

ভাৰত জৈৱ-বৈচিত্ৰ্যত সমৃদ্ধ । আনহাতে, সাপ এই বৈচিত্ৰ্যৰ এক অবিচ্ছেদ্য অংশ । ভাৰতত 300-তকৈও অধিক প্ৰজাতিৰ সাপ পোৱা যায় । ইয়াৰে ভিতৰত 60 টাতকৈ অধিক প্ৰজাতি বিষাক্ত। পৃথিৱীৰ কিছুমান আটাইতকৈ বিষাক্ত সাপ ভাৰতত পোৱা যায় । ইয়াৰ ভিতৰত আছে ৰজা ফেঁটী (কিং কোব্ৰা), ভাৰতীয় ক্ৰেইট আৰু ৰাছেলছ ভাইপাৰ ।

অতিৰিক্তভাৱে ভাৰতক প্ৰায়ে 'সাপ নচুওৱাৰ দেশ' বুলি কোৱা হৈছিল । কিয়নো ইয়াৰ এক দীঘলীয়া ইতিহাস আৰু সাপ নচুওৱাৰ আকৰ্ষণীয় পৰম্পৰা আছিল । স্নেক চাৰ্মিং হৈছে এক প্ৰদৰ্শন কলা, য'ত এজন সৰ্প পালকে এক বাদ্যযন্ত্ৰ বজাই সাপক সন্মোহিত কৰা দেখা যায় । তালিকাৰ শীৰ্ষত ভাৰতৰ কি কি সাপে স্তান লাভ কৰিছে এবাৰ চাওঁ আহক

ভাৰতত 10 বিধ আটাইতকৈ বিষাক্ত সাপ

ভাৰতৰ আটাইতকৈ বিষাক্ত সাপ

  • কিং কোব্ৰা, ভাৰতীয় ক্ৰেইট, ৰাছেলছ ভাইপাৰ, ছ'-স্কেল্ড ভাইপাৰ, ইণ্ডিয়ান কোব্ৰা (নাজা নাজা), মালাবাৰ পিট ভাইপাৰ, বেণ্ডেড ক্ৰেইট, বেম্ব' পিট ভাইপাৰ, হাম্প-নোচেড পিট ভাইপাৰ, আন্দামান পিট ভাইপাৰ ।

ভাৰতত সৰ্প দংশনত মৃত্যুৰ তথ্য

বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান মতে, প্ৰতিবছৰে প্ৰায় 5 নিযুত সৰ্পদংশনৰ ঘটনা সংঘটিত হয় । যাৰ ফলত 2.7 নিযুতলৈকে সাপৰ বিষৰ দ্বাৰা প্ৰভাৱিত হয় । প্ৰকাশিত প্ৰতিবেদন অনুসৰি, প্ৰতিবছৰে ৮১,০০০ ৰ পৰা ১,৩৮,০০০ লোকৰ সৰ্পদংশনত মৃত্যু হয় । সৰ্পদংশনৰ বিষৰ ফলত প্ৰায় 400,000 অঙ্গচ্ছেদ আৰু অন্যান্য স্থায়ী বিকলাঙ্গতা হয় । অৱশ্যে বহুতো সৰ্পদংশনৰ ঘটনা অগোচৰে থাকি যায় । কিয়নো প্ৰায়ে ভুক্তভোগীসকলে অনা-চিকিৎসা উৎসৰ পৰা অৰ্থাৎ বেজ-কবিৰাজ আদিৰ পৰা চিকিৎসা বিচাৰে বা স্বাস্থ্য সেৱা লাভ নকৰে । ফলস্বৰূপে এইটো অনুমান কৰা হয় যে সৰ্পদংশনৰ বহুতো ঘটনাৰ প্ৰতিবেদন লাভ কৰা নহয় ।

সাপৰ এণ্টিভেনম হৈছে সৰ্পদংশনৰ বেছিভাগ ক্ষতিকাৰক প্ৰভাৱ প্ৰতিৰোধ বা বিপৰীত কৰাৰ বাবে কাৰ্যকৰী চিকিৎসা । বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় ঔষধৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু য'ত সৰ্পদংশনৰ ঘটনা হয় তাত সেইবোৰ যিকোনো প্ৰাথমিক স্বাস্থ্য-যত্ন পেকেজৰ অংশ হ'ব লাগে ।

কিন্তু দুৰ্ভাগ্যবশতঃ বহু লোকে এণ্টিভেনম নাপায় বা তাৰ বাবে মূল্য পৰিশোধ কৰিব নোৱাৰে । বহুতো পৰিয়ালে কাৰোবাক সৰ্পদংশন কৰাৰ পিচত এণ্টিভেনম লাভ কৰিবলৈ সম্পত্তি পৰ্যন্ত বিক্ৰী কৰে বা ঋণ ল'বলগা হয় ।

এণ্টিভেনমৰ সঠিক নিয়ন্ত্ৰণ আৰু পৰীক্ষা নিশ্চিত কৰাত অসুবিধাই ভাল গুণমানৰ, কাৰ্যকৰী সামগ্ৰীৰ উপলব্ধতা প্ৰভাৱিত কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই 2017 চনৰ জুন মাহত অৱহেলিত ক্ৰান্তীয় ৰোগৰ (neglected tropical diseases, NTDs) অগ্ৰাধিকাৰ তালিকাত সৰ্পদংশন এনভেনমিং যোগ দিছিল । এক ৰাষ্ট্ৰীয় প্ৰতিনিধিত্বমূলক অধ্যয়নত (Million Death study) উল্লেখ কৰা হৈছে- ৰাষ্ট্ৰীয়ভাৱে 45,900 বাৰ্ষিক সৰ্পদংশনৰ ফলত মৃত্যু হয় । ভাৰতত প্ৰায় 90% সৰ্পদংশনৰ ঘটনা চাৰি প্ৰকাৰৰ সাপৰ ফলত হয়- কমন ক্ৰেইট, ইণ্ডিয়ান কোব্ৰা, ৰাছেলছ ভাইপাৰ আৰু ছ'-স্কেল্ড ভাইপাৰ । শিক্ষা আৰু এণ্টিভেনম ব্যৱস্থাৰ সৈতে জড়িত কাৰ্যকৰী হস্তক্ষেপে ভাৰতত সৰ্পদংশনৰ মৃত্যু হ্ৰাস কৰিব পাৰে ।

এ ডি এছ আইৰ তথ্য অনুসৰি সৰ্পদংশনত মৃত্যু (2018-2022)

বছৰ আঘাতপ্ৰাপ্ত ব্যক্তিৰ সংখ্যা মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা
2018708962
2019399224
2020 62 9822
20216410382
20223110096

উৎস : ADSI প্ৰতিবেদন

ভাৰতত শীৰ্ষ পাঁচখন ৰাজ্যৰ সৰ্পদংশনত মৃত্যুৰ তথ্য (2022)

ৰাজ্য মৃত্যু
মধ্যপ্ৰদেশ ২৪৮৭
ওড়িশা ১০৫২
ছত্তীশগড় ৮৬৯
মহাৰাষ্ট্ৰ ৭৭১
ৰাজস্থান ৭৫৪

উৎস : ADSI প্ৰতিবেদন

Source: https://www.worldanimalprotection.org.au/news/7-cool-facts-about-snakes/

https://www.petaindia.com/blog/15-facts-about-snakes/

https://www.wincalendar.com/in/World-Snake-Day

https://www.georgeinstitute.org.in/our-impact/policy-and-recommendations/snakes-the-ecosystem-and-us-its-time-we-change

https://www.who.int/news-room/fact-sheets/detail/snakebite-envenoming

https://www.jagranjosh.com/general-knowledge/list-of-top-10-most-venomous-snakes-in-india-1698666865-1

https://www.who.int/india/health-topics/snakebite

https://pib.gov.in/PressReleasePage.aspx?PRID=2013803

লগতে পঢ়ক :সাপৰ ত্ৰাস: বন্ধ হৈ পৰিল বিদ্যালয়ত পাঠদান - Snake Rescue in School
লগতে পঢ়ক :বিশ্ব কাবাব দিৱস : প্ৰিয়জনক আপ্যায়ন কৰক বিশেষ কাবাবেৰে - World Kebab Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.