ETV Bharat / international

আমেৰিকান কংগ্ৰেছৰ সমীপতে আমেৰিকাৰ পতাকা দাহ: উৰিল পেলেষ্টাইনী পতাকা - Pro Palestinian Protest in US - PRO PALESTINIAN PROTEST IN US

Pro Palestinian Protest in US : আমেৰিকান কংগ্ৰেছৰ যুটীয়া অধিবেশনত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ দি থকাৰ সময়ত প্ৰতিবাদ । কেইবাশ প্ৰতিবাদকাৰীয়ে মধ্যপ্ৰাচ্যত আমেৰিকাৰ নীতি, গাজা আৰু পেলেষ্টাইনৰ কিছু অংশত ইজৰাইলী বাহিনীৰ দ্বাৰা নিৰীহ নাগৰিকৰ ওপৰত বোমা বিস্ফোৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰে । লগতে এখন আমেৰিকান পতাকা জ্বলাই দিয়ে ।

Pro Palestinian Protest in US
প্ৰতিবাদকাৰীৰ একাংশ (AP Photo)
author img

By PTI

Published : Jul 25, 2024, 9:17 AM IST

নিউজ ডেস্ক, ২৫ জুলাই : পেলেষ্টাইনপন্থী প্ৰতিবাদকাৰীয়ে বুধবাৰে আমেৰিকান কংগ্ৰেছৰ পৰা কেইটামান ব্লক দূৰৈত এখন আমেৰিকান পতাকা নমাই জ্বলাই দিয়ে । আনহাতে, আমেৰিকান পতাকাৰ ঠাইত এখন পেলেষ্টাইনী পতাকা উত্তোলন কৰে । ঘটনাটো আমেৰিকান কংগ্ৰেছৰ ওচৰৰ ইউনিয়ন ষ্টেচনৰ সন্মুখত সংঘটিত হয় । সেই সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকান কংগ্ৰেছৰ যুটীয়া অধিবেশনত ভাষণ দি আছিল ।

কেইবাশ প্ৰতিবাদকাৰীয়ে মধ্যপ্ৰাচ্যত আমেৰিকাৰ নীতি আৰু গাজা আৰু পেলেষ্টাইনৰ কিছু অংশত ইজৰাইলী বাহিনীৰ দ্বাৰা নিৰীহ নাগৰিকৰ ওপৰত বোমা বিস্ফোৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ।

ইফালে এই ঘটনাত স্থানীয় আৰক্ষীয়ে ছয়জন লোকক গ্ৰেপ্তাৰ কৰে । অনলাইন প্লেটফৰ্মত পোষ্ট কৰা ভিডিঅ'বোৰত দেখা গৈছে যে প্ৰতিবাদকাৰীসকলে হামাছপন্থী আৰু ইজৰাইল-বিৰোধী শ্লোগান দি আছে । তেওঁলোকে ব্যস্ত ইউনিয়ন ষ্টেচনৰ সন্মুখত আমেৰিকাৰ এখন বিশাল পতাকা নমাই জ্বলাই দি তাৰ ঠাইত এখন সৰু পেলেষ্টাইনৰ পতাকা উত্তোলন কৰে ।

আনহাতে, নেতান্যাহুৱে কংগ্ৰেছক সম্বোধন কৰাৰ লগে লগে চহৰখনৰ কেইবাটাও ঠাইত প্ৰতিবাদ সাব্যস্ত কৰা হয় । বহু প্ৰতিবাদকাৰীয়ে তেওঁ থকা হোটেলৰ বাহিৰতো তেওঁৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা যায় । ইফালে আন কেইবাজনো প্ৰতিবাদকাৰীক চহৰখনৰ কিছুমান ঐতিহাসিক স্মাৰক বিকৃত কৰা আৰু দেৱাল আৰু মূৰ্তিৰ ওপৰত হামাছ লিখা দেখা যায় ।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন আৰু কাৰ্যালয়ৰ চাৰিওফালে বেৰিকেড স্থাপন কৰা হয় । ইয়াৰ ভিতৰত আছে হোৱাইট হাউছ আৰু আমেৰিকান কংগ্ৰেছ । আৰক্ষীয়ে ইউ এছ কেপিটলৰ বাহিৰত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে পেপাৰ স্প্ৰে’ ব্যৱহাৰ কৰে ।

'দ্য ৱাশ্বিংটন পোষ্ট'ৰ বাতৰি অনুসৰি, নেতান্যাহুৰ ডি চি ভ্ৰমণৰ প্ৰতিবাদত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰাৰ সময়ত আমেৰিকাৰ পতাকা জ্বলাই দিয়া হয় । এই ঘটনাত ২৩ জনক গ্ৰেপ্তাৰ কৰা হয় ।

অৱশ্যে বেছিভাগ প্ৰতিবাদেই শান্তিপূৰ্ণ আছিল আৰু শ্লোগান দি সমদল কৰিছিল যদিও স্থানীয় আৰক্ষীৰ সৈতে কিছু সংঘৰ্ষৰো সৃষ্টি হয় আৰু ডি চি আৰু কেপিটল আৰক্ষীয়ে মুঠ 15 জন লোকক গ্ৰেপ্তাৰ কৰে । আনহাতে, আমেৰিকাৰ পাৰ্ক পুলিচে আঠজন লোকক গ্ৰেপ্তাৰ কৰা বুলিও উল্লেখ কৰা হৈছে ।

আনহাতে, প্ৰতিবাদকাৰীসকলে নেতান্যাহুৰ এটা পুত্তলিকাও দাহ কৰে । ইয়াৰ উপৰি ক্ৰিষ্টোফাৰ কলম্বাছ ফাউণ্টেইন আৰু ওচৰৰ লিবাৰ্টী বেলত ফ্ৰী গাজা, ইহুদীসকল চয়তান, ফ্ৰী পেলেষ্টাইন আদি শ্লোগান লিখে ।

লগতে পঢ়ক :আমেৰিকান গণতন্ত্ৰ ৰক্ষাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে নতুন প্ৰজন্মক বাট এৰি দিয়া: বাইডেন - US President Election
লগতে পঢ়ক :কানাডাত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ - Canada Hindu temple vandalised

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.