ETV Bharat / health

বিশ্ব যক্ষ্মা দিৱস 2024: ভাৰতত হ্ৰাস পাইছে যক্ষ্মা ৰোগীৰ সংখ্যা - World Tuberculosis Day 2024

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 4:47 PM IST

World Tuberculosis Day 2024 : যক্ষ্মা ৰোগৰ সমস্যা ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ । ইয়াৰ মুখ্য কাৰণ হৈছে পুষ্টিহীনতা, বহুতো গুৰুতৰ ৰোগত ভুগি থকা, স্বাস্থ্যখণ্ডত সঠিক যত্নৰ অভাৱ । পঢ়ক আজিৰ এই প্ৰতিবেদন...

World Tuberculosis Day 2024
ভাৰতত হ্ৰাস পাইছে যক্ষ্মা ৰোগীৰ সংখ্যা

নেশ্যনেল ডেস্ক, 24 মাৰ্চ : প্ৰতি বছৰে সমগ্ৰ বিশ্বতে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ লাখ লাখ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷ কেৱল ২০২২ চনত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ ১.৩ নিযুতৰো অধিক লোকৰ মৃত্যু হয় । বিশ্বজুৰি প্ৰতি বছৰে 24 মাৰ্চত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় ৷

স্বাস্থ্য, সামাজিক আৰু অৰ্থনৈতিক পৰিণামৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰাৰ লগতে বিশ্বব্যাপী যক্ষ্মা মহামাৰী সমাপ্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ প্ৰতি বছৰে এই বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় । 1882 চনৰ এই দিনটোতেই ডাঃ ৰবাৰ্ট কোচে ঘোষণা কৰিছিল যে তেওঁ যক্ষ্মা ৰোগৰ কাৰক বেক্টেৰিয়াটো আৱিষ্কাৰ কৰিছিল ৷ যাৰ ফলত এই ৰোগ নিৰাময় আৰু চিকিৎসাৰ পথ প্ৰশস্ত হৈছিল । এই উদ্ভাৱনৰ বাবে ৰবাৰ্ট কোচক 1905 চনত নবেল বঁটা প্ৰদান কৰা হৈছিল ।

বিশ্ব যক্ষ্মা দিৱস 2024 ৰ বিষয়বস্তু হৈছে, "হয়! আমি যক্ষ্মা ৰোগ সমাপ্ত কৰিব পাৰো ৷"

যিকোনো ব্যক্তিৰ যক্ষ্মা ৰোগৰ লক্ষণসমূহ তেওঁৰ শৰীৰৰ কোনটো অংশত সংক্ৰমিত হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে ৷ যক্ষ্মা ৰোগ সাধাৰণতে হাঁওফাঁও, মগজু, বৃক্ক, মেৰুদণ্ড আৰু ছালত সংক্ৰমিত হয় । এনে যক্ষ্মা ৰোগৰ সচৰাচৰ লক্ষণবোৰ তলত উল্লেখ কৰা ধৰণৰ-

  1. জ্বৰ
  2. ভাগৰ
  3. অলসতা
  4. বুকুৰ বিষ
  5. ওজন হ্ৰাস
  6. নিশা অত্যধিক ঘমা
  7. দীঘলীয়া কাহ
  8. কেতিয়াবা কাহৰ সময়ত হোৱা ৰক্তক্ষৰণ

কিছু পৰিস্থিতিত, যক্ষ্মা ৰোগৰ আশংকা অধিক :

  • পুষ্টিহীন
  • ধপাত ব্যৱহাৰকাৰী
  • দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী
  • ডায়েবেটিচ (উচ্চ ৰক্ত শৰ্কৰা)
  • এইচ.আই.ভি. অথবা এইডছৰ ৰোগী

এজন ব্যক্তি যক্ষ্মা ৰোগত আক্ৰান্ত হ’লে প্ৰাৰম্ভিক সময়ত বহুবাৰ ইয়াৰ লক্ষণসমূহ দেখা নাযায়। কেইবামাহ ধৰি মৃদু লক্ষণে দেখা দিয়াৰ পিচত, যক্ষ্মা ৰোগীৰ পৰা তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকলৈও এই ৰোগ বিয়পে । কিছুমান ৰোগীৰ দেহত যক্ষ্মা সংক্ৰমণ সুপ্তভাৱে হয়, তেতিয়া এই ৰোগৰ বিষয়ে জনা নাযায় ৷

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি -

  1. 2022 চনত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মুঠ 1.3 নিযুত লোকৰ মৃত্যু হৈছিল (এইচ.আই.ভি.-ত আক্ৰান্ত 167,000 লোকসহ)। বিশ্বব্যাপী, কোভিড-19 -ৰ পিচত যক্ষ্মা হৈছে দ্বিতীয় অন্যতম মহামাৰী (ইয়াৰোপৰি এইচ.আই.ভি. আৰু এইডছ)।
  2. 2022 চনত, আনুমানিক বিশ্বব্যাপী 10.6 নিযুত লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল, যাৰ ভিতৰত আছিল 5.8 নিযুত পুৰুষ, 3.5 নিযুত মহিলা আৰু 1.3 নিযুত শিশু। সকলো দেশতে আৰু বয়সৰ লোক যক্ষ্মা ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ যক্ষ্মা ৰোগ চিকিৎসাযোগ্য আৰু প্ৰতিৰোধযোগ্য।
  3. মাল্টিড্ৰাগ-প্ৰতিৰোধী যক্ষ্মা (এমডিআৰ-টিবি) ৰাজহুৱা স্বাস্থ্য সংকট আৰু স্বাস্থ্য সুৰক্ষাৰ ভাবুকি হিচাপে দেখা দিছে । 2022 চনত, ঔষধ-প্ৰতিৰোধী যক্ষ্মা ৰোগত আক্ৰান্ত 5 জনৰ ভিতৰত মাত্ৰ 2 জন লোকেহে চিকিৎসা প্ৰাপ্ত কৰিব পাৰে।
  4. যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ কৰা বিশ্বব্যাপী প্ৰচেষ্টাই 2020 চনৰ পৰা আনুমানিক 75 নিযুত লোকৰ জীৱন ৰক্ষা কৰিছে
  5. 2018 চনৰ ৰাষ্ট্ৰসংঘৰ উচ্চ-পৰ্যায়ৰ বৈঠকত যক্ষ্মা ৰোগৰ প্ৰতিৰোধ, ৰোগ নিৰ্ণয়, চিকিৎসা আৰু যত্নৰ বাবে ওপৰত বিশ্বব্যাপী লক্ষ্য প্ৰাপ্ত কৰিবলৈ বছৰি 13 বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন হয় ।
  6. 2030 চনৰ ভিতৰত যক্ষ্মা মহামাৰী নোহোৱা কৰাটো ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছ.ডি.জি.) অন্যতম স্বাস্থ্য লক্ষ্য।

ভাৰতত যক্ষ্মা ৰোগীৰ সংখ্যা:

  1. 2022 বৰ্ষত ভাৰতত সৰ্বাধিক 24.22 লাখ যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছিল।
  2. যক্ষ্মা ৰোগ চিনাক্ত কৰিবলৈ ভাৰত চৰকাৰে অবিৰামভাৱে ৰণনীতি সলনি কৰি আছে।
  3. যক্ষ্মা ৰোগৰ পৰীক্ষা বিকেন্দ্ৰীকৃত কৰা হৈছে । এই প্ৰক্ৰিয়াটো ব্যক্তিগত অংশীদাৰৰ দ্বাৰাও অন্তৰ্ভুক্ত কৰা হয় ।
  4. বিশ্ব স্বাস্থ্য সংস্থাই 2023 চনৰ 7 নৱেম্বৰত বিশ্ব যক্ষ্মা প্ৰতিবেদন 2023 প্ৰকাশ কৰিছিল।
  5. প্ৰতিবেদন অনুসৰি, দেশত যক্ষ্মা ৰোগ চিনাক্ত কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ্ৰ বাবে প্ৰশংসা কৰা হৈছিল ।
  6. প্ৰতিবেদন অনুসৰি, যক্ষ্মা চিকিৎসাৰ পদ্ধতি পূৰ্বতকৈ উন্নত হৈছে। বিগত বৰ্ষতকৈ যক্ষ্মা চিকিৎসাৰ পদ্ধতি 19 শতাংশ অধিক উন্নত হৈছে ফলত ই ৰোগীসকলক সুস্থ কৰি তোলাত 80 শতাংশলৈ উপনীত হৈছে।
  7. 2015 চনৰ পৰা 2022 চনলৈ ভাৰতত যক্ষ্মা ৰোগীৰ সংখ্যা 16% হ্ৰাস পাইছে । বিশ্বব্যাপী যক্ষ্মা ৰোগীৰ হ্ৰাসৰ হাৰ হৈছে 8.7 শতাংশ । বিশ্বব্যাপী যক্ষ্মা ৰোগৰ আৰোগ্যৰ অনুপাততকৈ ভাৰতত আৰোগ্যৰ প্ৰগতি প্ৰায় দুগুণ ।
  8. 2015 আৰু 2022 চনৰ ভিতৰত, সমগ্ৰ বিশ্বতে যক্ষ্মা ৰোগৰ মৃত্যুৰ হাৰ 18 শতাংশলৈ হ্ৰাস পাইছে । 2021 চনত বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি যক্ষ্মা মৃত্যুৰ হাৰ আছিল 4.94 লাখ। 2022 চনত, ই 3.31 লাখলৈ হ্ৰাস পাইছিল । এবছৰৰ ভিতৰত যক্ষ্মা ৰোগীৰ মৃত্যুৰ সংখ্যা 34 শতাংশলৈ হ্ৰাস পাইছে ৷

লগতে পঢ়ক: আৰোগ্য হ’বলৈ টিবি ৰোগীক প্ৰয়োজন সঠিক সময়ৰ চিকিৎসা - World Tuberculosis Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.