ETV Bharat / health

মূৰৰ আঘাত সংক্ৰান্তীয় বিষয়ত প্ৰয়োজন সজাগতাৰ: ডাঃ নভনীল বৰুৱা - World Head Injury Awareness Day

World Head Injury Awareness Day 2024: আজি ২০ মার্চ বিশ্ব মূৰৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস ৷ মূৰৰ আঘাতৰ পৰা হ'ব পৰা মাৰাত্মক প্ৰভাৱৰ পৰা সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰা হয় ৷

World Head Injury Awareness Day
মূৰৰ আঘাত সংক্ৰান্তীয় বিষয়ত প্ৰয়োজন সজাগতাৰ: ডাঃ নভনীল বৰুৱা
author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:28 PM IST

ডাঃ নভনীল বৰুৱা

গুৱাহাটী, 20 মাৰ্চ: আজি বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস ৷ প্ৰতিবছৰে ২০ মার্চত বিশ্ব মূৰৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন কৰি অহা হৈছে ৷ দুৰ্ঘটনা বা আন যিকোনো কাৰণত মূৰৰ আঘাত হ'ব পাৰে ৷ এই আঘাত বোৰৰ প্ৰভাৱ মাৰাত্মকও হ'ব পাৰে ৷ সেয়েহে, আঘাত গুৰুতৰ হওঁক বা স্বাভাৱিক হওঁক, মূৰৰ আঘাতক কেতিয়াও উপেক্ষা কৰিব নালাগে ৷ মূৰৰ আঘাত আৰু ইয়াৰ পৰা হ'ব পৰা ভিন্ন মাৰাত্মকও প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে মহানগৰী জিএনআৰচি হাস্পতালত বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস পালন কৰা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দিৱসটিৰ লগত সংগতি ৰাখি মূৰৰ আঘাত আৰু সম্ভাব্য দুৰ্ঘটনাসমূহ প্ৰতিৰোধৰ ওপৰত অনুষ্ঠিত হয় এটি আলোচনাচক্ৰ ৷ চিকিৎসালয়খনৰ স্নায়ুশল্য চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ নভনীল বৰুৱাই দুৰ্ঘটনাজনিত মূৰৰ আঘাত আৰু ইয়াৰ পৰা হ’ব পৰা ভয়াৱহতাৰ বিষয়ে বাখ্যা কৰে ৷ তেখেতে মন্তব্য কৰি কয় যে,' মূৰৰ যি আঘাত সেয়া বৰ্তমান সময়ত মাৰাত্মক ধৰণে বৃদ্ধি পাইছে ৷ প্ৰতি তিনি মিনিটত এগৰাকী লোকৰ মৃত্যু হয় মূৰৰ আঘাতৰ ফলত ৷

এই আঘাত কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি ?

সৰহসংখ্যাক মূৰৰ আঘাতৰ কাৰণ হৈছে যান-বাহনৰ দুৰ্ঘটনা ৷ সেয়ে মদ্যপান কৰি কেতিয়াও গাড়ী চলাব নালাগে ৷ সদায় হেলমেট পৰিধান কৰিহে বাহন চলাব লাগে ৷ গাড়ী বা মটৰ চাইকেল চলাওঁতে কেতিয়াও মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে এইবোৰকে ধৰি যান-বাহনৰ সকলো নিয়ম পালন কৰিব লাগে ৷

ইয়াৰোপৰি বাথৰুমত সদায় খহটা টাইলচ ব্যৱহাৰ কৰিব লাগে ৷ বয়োজ্যেষ্ঠ লোকসকল বাবে ৰেলিঙৰ ব্যৱস্থা কৰিব লাগে ৷ শিশুসকলৰ ক্ষেত্ৰতো বিশেষভাৱে নজৰ ৰাখিব লাগে ৷

লগতে পঢ়ক: মূৰৰ সামান্য আঘাতে আপোনাৰ জীৱনলৈ কেনেকৈ মাতিব পাৰে ডাঙৰ বিপদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.