ETV Bharat / health

আত্মহত্যাৰ পূৰ্বে দেখা দিয়ে এই লক্ষণ...এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় জানো আহক - Warning Signs of Suicide

author img

By ETV Bharat Health Team

Published : Sep 14, 2024, 3:49 PM IST

Updated : Sep 14, 2024, 5:17 PM IST

Warning Signs of Suicide: আত্মহত্যাৰ চিন্তা মানুহৰ মনলৈ অকাৰণে নাহে আৰু ইয়াৰ আঁৰত কেতিয়াবা লুকাই থাকে বহু কাৰণ । কিন্তু এই ধাৰণা মনলৈ আহিলেই সকলোৱে এই পদক্ষেপ লোৱাটো জৰুৰী নহয় । আত্মহত্যাৰ চিন্তা কৰা ব্যক্তিৰ ক্ষেত্ৰত বহু লক্ষণ দেখা দিব পাৰে যাক আওকাণ কৰাটো উচিত সেয়ে আজি আমি গৱেষণাৰ মাধ্যমেৰে এই বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰোঁ আহক-

Warning Signs of Suicide
আত্মহত্যাৰ পূৰ্বে দেখা দিয়ে এই লক্ষণ...এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় জানো আহক (ETV Bharat Assam)

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা আজিও কোনোৱেও পাহৰিব পৰা নাই । ৩৪ বছৰীয়া যুৱ শিল্পী এজনে এনেদৰে আত্মহত্যা কৰাৰ খবৰৰ পিচত ছবিজগতৰ লগতে নেটিজেনকো মৰ্মাহিত কৰি তুলিছিল । কোনেও ভবা নাছিল যে ইমান প্ৰতিভাশালী এগৰাকী অভিনেতাইও এনে কাম কৰিব পাৰে ৷

শেহতীয়াকৈ মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাৰ আত্মহত্যাৰ খবৰো খুবেই চৰ্চিত হৈ পৰিছে ৷ হঠাৎ পিতৃয়ে লোৱা এই পদক্ষেপে মালাইকাক বাৰুকৈয়ে মৰ্মাহিত কৰি তুলিছে ৷ খবৰ অনুসৰি সুশান্ত সিং ৰাজপুত আৰু অনিল মেহতাৰ আত্মহত্যাৰ আঁৰৰ প্ৰধান কাৰণ হ’ল হতাশা ।

শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ১০ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয় । যাতে জনসাধাৰণৰ মাজত এই বিষয়ে সজাগতা সৃষ্টি কৰিব পৰা যায় আৰু যাতে লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায় । আত্মহত্যাৰ কথা আলোচনা কৰাটো গুৰুত্বপূৰ্ণ কাৰণ বিগত কেইবছৰমানৰ পৰা আত্মহত্যাৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে ।

এতিয়া সাধাৰণতে প্ৰশ্ন উত্থাপন হয় যে, ডিপ্ৰেচনৰ এনে কোনটো পৰ্যায় আছে য’ত এগৰাকী ব্যক্তিয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলৈ বাধ্য হয় আজি এই বিষয়ে জানো আহক-

Diagnostic and Statistical Manual of Mental Disorders চমুকৈ DSMত আত্মহত্যাৰ আচৰণ বিকাৰ (SBD) প্ৰৱৰ্তন কৰা হৈছিল । গৱেষণা আত্মহত্যাৰ পূৰ্বে দেখা দিয়া কিছুমান লক্ষণৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰা হয় আজি এই লক্ষণসমূহৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কঁৰো আহক-

হঠাৎ কোনেও নকৰে আত্মহত্যা

কোনো ব্যক্তিয়ে হঠাৎ আত্মহত্যাৰ দৰে ডাঙৰ পদক্ষেপ গ্ৰহণ নকৰে । বিশেষজ্ঞৰ মতে, আত্মহত্যা কৰা এজন ব্যক্তিয়ে বহু দীঘলীয়া সময়ৰ পৰা আত্মহত্যাৰ কথা চিন্তা কৰি থাকে ।

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ NIHMৰ মতে, কোনেও সহজে এই পন্থা বাচি নলয় । এই সকলোবোৰ কথা ব্যক্তিজনে বহুদিন ধৰি চিন্তা কৰি থাকে । এই সন্দৰ্ভত আমাৰ আশে-পাশে থকা লোকৰ কিছুমান লক্ষণ চিনাক্ত কৰি জানিব পাৰো যে ব্যক্তিগৰাকীয়ে আত্মহত্যাৰ কথা চিন্তা কৰিছে ৷

তলত উল্লেখ কৰা এই আচৰণবোৰ কোনোবাই আত্মহত্যাৰ কথা চিন্তা কৰাৰ পূৰ্বে দেখিবলৈ পোৱা কিছুমান লক্ষণ হ’ব পাৰে-

কথা কওঁতে:

  • মৃত্যুৰ হেঁপাহ বা মৃত্যুৰ ইচ্ছা প্ৰকাশ কৰা
  • ডাঙৰ অপৰাধবোধ বা লজ্জাবোধ কৰা
  • আনৰ বাবে বোজা হৈ পৰা বুলি ভবা

অনুভৱ:

  • শূন্যতা, আশাহীন, আৱদ্ধ হোৱা যেন অনুভৱ, বা জীয়াই থকাৰ কোনো কাৰণ নোহোৱা
  • অত্যন্ত দুখী, অধিক উদ্বিগ্ন, উত্তেজিত বা ক্ৰোধেৰে ভৰা
  • অসহ্যকৰ আৱেগিক বা শাৰীৰিক বিষ বা যন্ত্ৰণা

আচৰণ সলনি কৰা, যেনে:

  • পৰিকল্পনা কৰা বা মৃত্যুৰ উপায়ৰ ওপৰত গৱেষণা কৰা
  • বন্ধু-বান্ধৱীৰ পৰা আঁতৰি থকা, বিদায় লোৱা, গুৰুত্বপূৰ্ণ বস্তু দিয়া বা will বনোৱা
  • অত্যন্ত বেগেৰে গাড়ী চলোৱাৰ দৰে বিপদজনক ৰিস্ক লোৱা
  • চৰম মেজাজৰ দোলাচল প্ৰদৰ্শন কৰা
  • কমকৈ খোৱা বা কমকৈ শোৱা
  • ড্ৰাগছ বা মদ্যপান সঘনাই খাবলৈ ইচ্ছা কৰা

ইয়াৰ বাহিৰেও এইসমূহ লক্ষণ দেখা দিব পাৰে

অনবৰতে দুখ মনেৰে থকা

অহৰহ পাই থকা দুখৰ বাবেই মানুহ আত্মহত্যাৰ দৰে এটা ডাঙৰ পদক্ষেপ ল’বলৈ সাজু হৈ উঠে । NIHMৰ মতে, যিসকল লোকে সদায় দুখী হৈ থাকে তেওঁলোকৰ আত্মহত্যাৰ সম্ভাৱনা বেছি । তেওঁৰ কথাত দুখ আৰু হতাশাৰ চিন স্পষ্টকৈ দেখা যায় । এনে লোকে যিকোনো বিষয়ত ইতিবাচক হোৱাৰ পৰিৱৰ্তে সদায় নিৰাশাবাদী ভাবে চিন্তা কৰে ।

ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব

আত্মহত্যা কৰা এজন ব্যক্তিয়ে নিজৰ চৌপাশৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে । দেখা গৈছে যে ৰাজহুৱা স্থানতো এনে লোকে দূৰত্ব বজাই ৰাখে । অনুষ্ঠান বা বন্ধুৰ সৈতেও ফুৰিবলৈ যোৱা আদিত অংশগ্ৰহণ নকৰে । ছ’চিয়েল মিডিয়াৰ দৰে প্লেটফৰ্মৰ পৰাও তেওঁলোকৰ দূৰত্ব দেখিবলৈ পোৱা যায় । প্ৰায়ে এনে লোকে নিজৰ পুৰণি পোষ্টবোৰ ডিলিট কৰে ।

যদি কোনো ব্যক্তিয়ে এনেকুৱা কাম কৰি আছে তেন্তে সম্ভৱ যে তেওঁ আত্মহত্যাৰ দৰে এটা ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছে । ব্যক্তিজনে আন কিবা কাৰণতো সম্ভৱতঃ ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিব পাৰে, কিন্তু এই লক্ষণসমূহক কেতিয়াও আওকাণ কৰিব নোৱাৰি ।

কোনো কথাক লৈ ভয় কৰা

এজন ব্যক্তিয়েও কোনো কথাক লৈ ভয়ত আত্মহত্যাৰ দৰে এটা ডাঙৰ পদক্ষেপ ল’ব পাৰে । বিশেষজ্ঞৰ মতে, বহু ক্ষেত্ৰত এনেকুৱা হয় যে কোনো কথাক লৈ ভয়ত মানুহে আত্মহত্যা কৰিবলৈ বাধ্য হয় । উদাহৰণ স্বৰূপে ক’ৰনাৰ প্ৰাদূৰ্ভাৱৰ সময়ত দিল্লীৰ এগৰাকী আই আৰ এছ বিষয়াই কৰ’নাৰ ভয়ত এচিড খাই আত্মহত্যা কৰিছিল ।

আত্মহত্যাৰ পূৰ্বে আপোনজনৰ লগত শেষবাৰৰ বাবে কথা পতাৰ হেঁপাহ

আত্মহত্যা কৰা পূৰ্বে ব্যক্তিগৰাকীয়ে নিশ্চিতভাৱে শেষ মুহূৰ্তত আপোনজনৰ লগত কথা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰে । আত্মহত্যাৰ বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে যে আত্মহত্যাৰ আগতে ব্যক্তিজনে নিশ্চিতভাৱে তেওঁৰ আটাইতকৈ ভালপোৱা ব্যক্তিজনৰ লগত কথা পাতে ।

বহু ক্ষেত্ৰত দেখা যায় যে আত্মহত্যা কৰাৰ পূৰ্বে ব্যক্তিজনে নিজৰ আপোনজনৰ ওচৰতো ক্ষমা বিচাৰে । যদি আপুনি ভালপোৱা কোনোবাই আপোনাক ফোন কৰি আপোনাৰ লগত বেলেগ ধৰণে কথা পাতে বা আপুনি অনুভৱ কৰে যে ফোন কৰা ব্যক্তিজনে কিবা বিপদত পৰিছে, তেন্তে তেওঁক তৎক্ষণাত সহায় কৰিবলৈ চেষ্টা কৰক ।

পেনিক এটেক

অতি বিৰল ক্ষেত্ৰত এনেকুৱা হয় যে এজন ব্যক্তিৰ পেনিক এটেক হ’বলৈ আৰম্ভ কৰে । পেনিক এটেক হোৱাটো আত্মহত্যাৰ লক্ষণ বুলি ধৰিব পাৰি । যদি আপোনাৰ ওচৰ-চুবুৰীয়া কোনোবা বা আপোনাৰ কোনো পৰিচিত ব্যক্তিৰ পেনিক এটেক হয়, তেন্তে আপুনি তেওঁক সহায় কৰা উচিত ।

পেনিক এটেক কি ?

উদ্বেগ আৰু ভয়ৰ আৰম্ভণিক পেনিক এটেক বোলা হয় । পেনিক এটেকত এজন ব্যক্তি হঠাৎ নাৰ্ভাছ হ’বলৈ আৰম্ভ কৰে আৰু অতি ভয় অনুভৱ কৰিবলৈ আৰম্ভ কৰে ।

পেনিক এটেকৰ লক্ষণ

  • অতিপাত ঘাম ওলোৱা
  • উদ্বিগ্নতা
  • উশাহ লোৱাত অসুবিধা হোৱা
  • শ্বাসৰুদ্ধ হোৱা যেন অনুভৱ হোৱা
  • মূৰ ঘূৰোৱা বা মূৰটো লঘু হোৱা অনুভৱ কৰা
  • ঠাণ্ডা অনুভৱ কৰা
  • অজ্ঞান হৈ পৰা
  • মৃত্যুলৈ ভয়

এনে লক্ষণ সমূহ আমি চিনাক্ত কৰি আমি আমাৰ আপোনজন বা কোনো পৰিচিত লোকৰো জীৱন ৰক্ষা কৰিব পাৰো ৷ মনত ৰাখিব এনে অৱস্থাত থকা ব্যক্তিক কেতিয়াবা তেওঁৰ সৈতে কথা পাতি বা তেওঁৰ সমস্যাৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আমি তেওঁক জীয়াই থকাৰ উৎসাহ যোগোৱাৰ বাবে চেষ্টা কৰিব পাৰো ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

Ref:-https://www.nimh.nih.gov/health/publications/warning-signs-of-suicide

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC7891495/

লগতে পঢ়ক: মানুহৰ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ আত্মহত্যা

Last Updated : Sep 14, 2024, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.