ETV Bharat / health

সাৱধান! হাৰ্ট এটেক অহাৰ পূৰ্বে দেখা দিয়ে এই লক্ষণ - Heart Attack - HEART ATTACK

Heart attack: শেহতীয়াকৈ হাৰ্ট এটেকৰ ফলত বহুলোকৰ মৃত্যু হৈছে ৷ ইয়াৰ ভিতৰত বহু চেলিব্ৰিটিও অন্তৰ্ভুক্ত ৷ কিন্তু আপুনি জানেনে কিছু প্ৰাৰম্ভিক লক্ষণ জানি ল’লে আৰু সাৱধান হ’লে আপুনি এই স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিব পাৰে ৷

These symptoms occur before a heart attack
সাৱধান! হাৰ্ট এটেক অহাৰ পূৰ্বে দেখা দিয়ে এই লক্ষণ (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 5:57 PM IST

সম্প্ৰতি সমগ্ৰ আমাৰ দেশত হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ বয়সীয়ালটো বাদেই, খুব কম বয়সীয়া ব্যক্তিও হাৰ্ট এটেকত আক্ৰান্ত হৈ প্ৰাণ দিবলগীয়া হৈছে ৷ কিন্তু, ইয়াৰ লক্ষণ জানি লৈ সাৱধান হ’লে আপুনি এই স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিব পাৰে ৷ প্ৰায় ৫০ শতাংশ লোকৰ শৰীৰতে হাৰ্ট এটেকৰ পূৰ্বে লক্ষণ দেখুৱায় ৷

চিকিৎসকৰ মতে, হাৰ্ট এটেক হোৱাৰ ১০ ৰ পৰা ২ দিনৰ পূৰ্বে শৰীৰত লক্ষণে দেখা দিয়ে ৷ হয়, এই লক্ষণসমূহ চিনি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'লে আপুনি আপোনাৰ বহুমূলীয়া প্ৰাণ বচাব পাৰে ৷ এই লক্ষণসমূহ হৈছে-

দ্ৰুত উশাহ

দ্ৰুত উশাহ বা উশাহ লোৱাত অসুবিধা হোৱাটো হাৰ্ট এটেকৰ মুখ্য লক্ষণ ৷ বহু সময়ত মানুহে এই লক্ষণক সাধাৰণ অসুবিধা বুলি উপেক্ষা কৰে ৷ কিন্তু এতিয়াৰে পৰা আপোনাৰ শৰীৰত এনে লক্ষণে দেখা দিলে ভুলতো অৱজ্ঞা নকৰিব ৷

কঁকালৰ বিষ

কঁকালত বিষ বা জঠৰতা অনুভৱ কৰাটোও হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে ৷ যদি আপুনিও শৰীৰত এনে লক্ষণ দেখিছে, বিশেষজ্ঞৰ পৰামৰ্শ লওঁক ৷

মূৰ ঘূৰোৱা

হাৰ্ট এটেকৰ কেইদিনমান আগতে বাৰে বাৰে মূৰ ঘূৰাব পাৰে ৷ যদি আপুনি বাৰে বাৰে দুৰ্বলতা বা মূৰ ঘূৰোৱাৰ দৰে অনুভৱ কৰে, তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল’ব ৷

হনুৰ বিষ

হনুৰ বিষ হোৱাটোও হাৰ্ট এটেকৰ অন্যতম লক্ষণ ৷ এই বিষক প্ৰায়ে সাধাৰণ সমস্যা বুলি ভাবি লোৱা হয় ৷ যদি আপুনিও শৰীৰত এনে বিষ অনুভৱ কৰে, চিকিৎসকৰ সহায় ল'ব ৷

বুকুৰ বিষ

হাৰ্ট এটেকৰ পূৰ্বে ৰোগীয়ে বুকুত বা বাহুৰ চাৰিওফালে বিষ অনুভৱ কৰে ৷ এনে হ’লে সাধাৰণতে সকলোৱে গেছৰ সমস্যা বুলিয়েই আওকাণ কৰে ৷ কিন্তু এতিয়াৰে পৰা এনে লক্ষণ শৰীৰত দেখিলে সাৱধান হ'ব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পৰামৰ্শ পঢ়ে, তেন্তে সেই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: খাদ্য খোৱাৰ পূৰ্বে দুই ফোটা নহৰু খালে নিয়ন্ত্ৰণত থাকিব এই ৰোগ, যি হয় হাৰ্ট এটেকৰ মুখ্য কাৰণ - Garlic Health Benefits

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.