ভাৰতীয় আৰু চাহ এই সম্পৰ্ক বহু পুৰণি ৷ কফিও ভাৰতত সেৱন কৰা হয় যদিও ইয়াক ভালপোৱা লোকৰ সংখ্যা যথেষ্ট কম ৷ চাহ আজিকালি প্ৰায় সকলোৰে জীৱনৰ এটা অংশস্বৰূপ হৈ পৰিছে । পুৱাৰ আৰম্ভণি বহুতে একাপ চাহৰ সৈতেই কৰে ৷ পুৱাৰ বাতৰি কাকতখনৰ সৈতে হওক বা পুৱাৰ আহাৰৰ সৈতেই হওক চাহ নাথাকিলে যেন সকলো আধৰুৱা ৷
এয়া কোৱাটো ভুল নহ’ব যে দিনক দিনে চাহ মানুহৰ বাবে এক আসক্তিলৈ পৰিণত হৈছে ৷ কিন্তু চাহ প্ৰেমিকসকলক আমি জনাবলৈ পাই অতি দুক্ষিত যে- চাহ আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হ’ব পাৰে ৷ হয়, আপুনি ঠিকেই পঢ়িছে ৷ আমাৰ কিছুমান ভুলৰ বাবে চাহে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷
কিন্তু এনে পৰিস্থিতি দীৰ্ঘদিন ধৰি চাহ খাই অহা লোকসকলৰ কি হ’ব! হঠাৎ চাহ ত্যাগ কৰাটো তেওঁলোকৰ বাবেও অসম্ভৱ ৷ তেন্তে এনে পৰিস্থিতিত চাহৰ আমি আপোনালোকক এনে কিছুমান পদ্ধতিৰ বিষয়ে ক’ম যাক অনুসৰণ কৰি আপুনি চাহৰ ক্ষতিকাৰক দিশসমূহ নোহোৱা কৰি আপোনাৰ শৰীৰক সুস্থ কৰি ৰাখিব পাৰে ৷
লগতে পঢ়ক: যিকোনো চাহতকৈ অধিক লাভদায়ক কেমোমিল চাহ; জানক ইয়াৰ লাভালাভ - Chamomile Tea Benefits
- চাহ বেছি সময় উতলাব নালাগে: চাহত কিছুমান মৌল (eg-alkaloids) থাকে যিবোৰক অত্যধিক পৰিমাণে উতলালে সক্ৰিয় হৈ পৰে । এই উপাদানসমূহে আপোনাৰ শৰীৰ আৰু মগজুত অতি নেতিবাচক প্ৰভাৱ পেলায়।
- খোৱাৰ পিচত লগে লগে চাহ খাব নালাগে: খাদ্য খোৱাৰ লগে লগে চাহ খালে শৰীৰত জিংক আৰু আইৰণ শোষণ কমি যায়, যাৰ ফলত শৰীৰত আইৰণৰ অভাৱ হ’ব পাৰে ।
- খালী পেটত চাহ খাব নালাগে: বহুতৰে ব্ৰেকফাষ্টত বেড টি বা চাহ খোৱাৰ অভ্যাস আছে, যিটো অতি বিপদজনক । ইয়াৰ ফলত পেটত জ্বলা-পোৰা অনুভৱ হ’ব পাৰে আৰু গেছৰ সমস্যাও হ’ব পাৰে ।
- চাহ পুনৰ গৰম নকৰিব: চাহত চেনি যোগ কৰা হয় আৰু সেয়েহে ইয়াক পুনৰ গৰম কৰিলে চেনিৰ বাবে বেক্টেৰিয়াৰ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায় । ইয়াৰ লগতে ইয়াৰ সুগন্ধি আৰু এন্টিঅক্সিডেন্ট গুণো কমি যায় ।
- দিনত বেছিকৈ চাহ খাব নালাগে: চিকিৎসকৰ মতে এজন ব্যক্তিয়ে দিনটোত একাপ বা দুকাপতকৈ অধিক চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে ।
লগতে পঢ়ক: আপোনাৰো চাহ প্ৰিয় নেকি ? সত্যটো জনাৰ পিচত আপুনি ভাবিব চাহত চুমুক দিয়াৰ কথা - ICMR on milk tea