ETV Bharat / health

শৰীৰৰ বাবে কোনো ঔষধতকৈ কম নহয় ৰ’দ: সঠিক সময়ত গ্ৰহণ কৰি পাওক এই লাভ - BENEFITS OF SUNBATHING

ৰ’দ লোৱাটো আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী সেয়া আমি সকলোৱে জানো ৷ কিন্তু সঠিক সময়ত গ্ৰহণ কৰিলে ই আমাৰ শৰীৰৰ বাহে কোনো ঔষধতকৈ কম নহয়-

Start Your Day Off Right: The Advantages of Sun Exposure
শৰীৰৰ বাবে কোনো ঔষধতকৈ কম নহয় ৰ’দ: সঠিক সময়ত গ্ৰহণ কৰি পাওক এই লাভ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 11, 2024, 5:19 PM IST

আমাৰ শৰীৰত ভিটামিন ডিৰ এক মূল উৎস হৈছে সূৰ্যৰ ৰশ্মি ৷ সূৰ্যৰ ৰশ্মি হৈছে স্বাস্থ্যৰ বাবে কোনো ঔষধতকৈ কম নহয় , কিন্তু সূৰ্যৰ ৰশ্মি বা ৰ’দ সঠিক সময়ত আৰু সঠিক পৰিমাণত লোৱাটো জৰুৰী ৷ শৰীৰৰ হাড়, ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে ভিটামিন ডি অত্যাৱশ্যকীয় আৰু সেয়া আমাৰ শৰীৰত যোগান ধৰে সূৰ্যৰ ৰশ্মিয়ে ৷ সূৰ্যৰ ৰশ্মিৰ পৰা ভিটামিন ডি কেনেকৈ আৰু কেতিয়া ল’ব লাগে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

আমি সূৰ্যৰ পৰা ভিটামিন ডি কেনেকৈ পাম ?

যেতিয়া আমাৰ ছাল সূৰ্যৰ UVB ৰশ্মিৰ সংস্পৰ্শলৈ আহে, ই শৰীৰত ভিটামিন ডি৩ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে ৷ এয়া হৈছে ভিটামিন ডি-ৰ সক্ৰিয় প্ৰকাৰ, যি শৰীৰক কেলচিয়াম আৰু ফছফৰাছ শোষণ কৰাত সহায় কৰে ৷

ভিটামিন ডি গ্ৰহণ কৰাৰ সঠিক সময়

পুৱা ৰ'দৰ ৰশ্মি মৃদু, যিয়ে ছালত মৃদু প্ৰভাৱ পেলায় ৷ পুৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত সূৰ্যৰ পোহৰ পোৱাটো অধিক সুৰক্ষিত আৰু অধিক উপকাৰী ৷ এই সময়ছোৱাত ইউভিবি ৰশ্মিয়ে ছালৰ কম ক্ষতি কৰে ৷ পুৱা ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত ইউভিবি ৰশ্মি সৰ্বাধিক হয়, যাৰ ফলত ভিটামিন ডি দ্ৰুতগতিত উৎপাদন হয় ৷ অৱশ্যে, এই সময়ছোৱাত সূৰ্যৰ ৰশ্মিয়ে ছালৰ ক্ষতি কৰিব পাৰে (ছানবাৰ্ণ আৰু ছালৰ কৰ্কট ৰোগৰ আশংকা) ৷ যদি আপুনি এই সময়ত সূৰ্যৰ পোহৰ লয়, ১০-১৫ মিনিটতকৈ অধিক ৰ’দত নাথাকিব ৷

এইসমূহ দিশত মন কৰিব

  • কাপোৰ বা ছানস্ক্ৰীণেৰে আৱৰি থকা ছালে সূৰ্যৰ পোহৰ শোষণ কৰিব নোৱাৰে ৷ সেয়েহে, হাত, ভৰি আৰু মুখ উন্মুক্ত ৰাখিব ৷
  • পোনপটীয়া সূৰ্যৰ পোহৰৰ দীঘলীয়া সংস্পৰ্শলৈ অহা পৰিহাৰ কৰিব ৷
  • গ্লাচৰ ভিতৰত বহি ৰ’দ নল'ব, কিয়নো গ্লাছৰ জৰিয়তে ভিটামিন ডি প্ৰস্তুত নহয় ৷

শৰীৰৰ বাবে ভিটামিন ডি-ৰ লাভালাভ

  • হাড়ৰ শক্তি: ই কেলচিয়াম শোষণ কৰে আৰু হাড় শক্তিশালী কৰে ৷ ই অষ্টিওপোৰোচিছ আৰু ৰিকেটৰ দৰে ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷
  • ৰোগ প্ৰতিৰোধ প্ৰণালী: শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ ই চৰ্দি আৰু ফ্লুৰ দৰে ৰোগ প্ৰতিৰোধ কৰাত সহায়ক ৷
  • হৃদযন্ত্ৰৰ স্বাস্থ্য: ই হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷
  • মানসিক স্বাস্থ্য: ভিটামিন ডিয়ে হতাশা হ্ৰাস কৰাত আৰু মনোভাৱ উন্নত কৰাত সহায় কৰে ৷ ই ঋতুগত প্ৰভাৱাত্মক বিকাৰ (এছএডি) নিয়ন্ত্ৰণ কৰে ৷
  • মেদবহুলতা ,ডায়েবেটিছৰ স্তৰ নিয়ন্ত্ৰণ: ভিটামিন ডিয়ে ইনছুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰে ৷

ভিটামিন ডিৰ অভাৱৰ লক্ষণ

১. ভাগৰ আৰু দুৰ্বলতা

২. হাড় আৰু গাঁঠিত বিষ

৩. চুলি সৰা ৷

৪. সঘনাই সংক্ৰমণ

৫. পেশীৰ দুৰ্বলতা

ভিটামিন ডি শৰীৰৰ বাবে অত্যাৱশ্যকীয়, আৰু ইয়াক প্ৰাকৃতিকভাৱে প্ৰাপ্ত কৰাটো হৈছে সৰ্বশ্ৰেষ্ঠ উপায় ৷ ইয়াক সঠিক পৰিমাণত গ্ৰহণ কৰিলে আপোনাৰ হাড়, ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু সামগ্ৰিক স্বাস্থ্য উন্নত হ'ব ৷ যদি আপোনাৰ ভিটামিন ডি-ৰ অভাৱ আছে, সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব ৷

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC2290997/#:~:text=The%20best%2Dknown%20benefit%20of,lack%20of%20outdoor%20sun%20exposure.

লগতে পঢ়কে: সোনকালে বুঢ়া হ’বলৈ মন নাই যদি শৰীৰত এইবিধ ভিটামিনৰ অভাৱ হ’বলৈ নিদিব - Vitamin Deficiency

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.