ETV Bharat / health

প্ৰেয়সীৰ হৃদয় জয় কৰিবলৈ ৰাষ্ট্ৰীয় গাৰ্লফ্ৰেণ্ড দিৱসত আগবঢ়াওক এই বিশেষ উপহাৰ - National Girlfriend Day 2024

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 5:19 PM IST

National Girlfriend Day 2024: প্ৰতি বছৰে ১ আগষ্টৰ দিনটোত ৰাষ্ট্ৰীয় গাৰ্লফ্ৰেণ্ড দিৱস পালন কৰা হয় । এই দিনটোত বিশেষকৈ আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান দখল কৰা মহিলাসকলৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান প্ৰকাশ কৰাৰ উদ্দেশ্যেৰে পালন কৰা হয় ৷ সেয়া লাগিলে আপোনাৰ প্ৰেমিকা হওক, পত্নী হওক বা আপোনাৰ বন্ধু হওক । সেয়ে এই বিশেষ দিনটোত আপুনি তেওঁক তলত উল্লেখ কৰা এই বিশেষ উপহাৰসমূহ আগবঢ়াব পাৰে ৷

National Girlfriend Day 2024: Cheapest Gift Ideas for Your Girlfriend or Wife
ৰাষ্ট্ৰীয় গাৰ্লফ্ৰেণ্ড দিৱস (FREEPIK)

প্ৰতি বছৰে ১ আগষ্টৰ দিনটোত ৰাষ্ট্ৰীয় গাৰ্লফ্ৰেণ্ড দিৱস পালন কৰা হয় । আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলাসকলৰ বাবে এই দিনটো উৎসৰ্গিত কৰা হৈছে, সেয়া আমাৰ প্ৰিয় বন্ধু হওক, সংগী হওক বা জীৱনৰ সংগী হওক । ৰাষ্ট্ৰীয় গাৰ্লফ্ৰেণ্ড দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে আমাৰ জীৱনত সুখ, সমৰ্থন আৰু মৰম কঢ়িয়াই অনা মহিলাসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰা । ইয়াৰ উপৰিও এই দিৱসে বন্ধু তথা জীৱনসংগী হিচাপে মহিলাসকলৰ অৱদানৰ কথাও সোঁৱৰাই দিয়ে ৷

আপোনাৰ মহিলা বন্ধু, আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ সংগীক বিশেষ অনুভৱ কৰাবলৈ আপুনি তেওঁক গাৰ্লফ্ৰেণ্ড দিৱসত কিছু মৰমলগা উপহাৰ দিব পাৰে । ৰাষ্ট্ৰীয় গাৰ্লফ্ৰেণ্ড দিৱসৰ বাবে কিছুমান ভাল উপহাৰৰ বিকল্প তলত আগবঢ়োৱা হ’ল যিয়ে আপোনাৰ মহিলা বন্ধু বা গাৰ্লফ্ৰেণ্ডৰ হৃদয় জয় কৰাই নহয়, ইয়াৰ বাবে আপোনাৰ বিশেষ খৰচো নহয় । বাজেটত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বাবে আপোনাৰ পছন্দৰ উপহাৰ সহজেই পাব পাৰে ।

কাষ্টমাইজ গহনা

National Girlfriend Day 2024
কাষ্টমাইজ গহনা (FREEPIK)

আজিকালি কাষ্টমাইজড সামগ্ৰীৰ ট্ৰেণ্ড খুবেই চলিছে । এনেবোৰ বস্তু সেইসকল লোকৰ বাবে তৈয়াৰ কৰা বা ডিজাইন কৰা হয় যিসকলে এই উপহাৰ ব্যৱহাৰ কৰিব । মহিলাসকলে গহনা বা আনুষংগিক বস্তু পৰিধান কৰি খুবেই ভাল পায় ৷ সেয়ে আপুনি এনেবোৰ কাষ্টমাইজ উপহাৰেৰে তেওঁৰ বাবে এই দিনটো বিশেষ কৰি তুলিব পাৰে । কাষ্টমাইজ পেণ্ডেণ্ট, এংকলেট আৰু কাণফুলিৰ উপৰিও বিশেষ তাৰিখ লিখা ব্ৰেচলেটো আপুনি উপহাৰ স্বৰূপ আগবঢ়াব পাৰে, যিটো আপোনাৰ প্ৰেয়সী বা বান্ধবীয়ে প্ৰতিদিনে পিন্ধিব পাৰে ।

ইনচুলেটেড কফি মগ

National Girlfriend Day 2024
ইনচুলেটেড কফি মগ (FREEPIK)

এই ধৰণৰ কফি মগ সেইসকল মহিলাৰ বাবে যাৰ পুৱাৰ আৰম্ভণি ব্যস্ততাৰ সৈতে হয় ৷ তেওঁলোকৰ বাবে এয়া এক উত্তম উপহাৰ । ঘৰৰ কাম-কাজৰ পৰা বা অফিচ বা কলেজলৈ যোৱাৰ সময়ত একাপ কফিৰ আমেজ ল’বলৈ আপুনি এই ইনচুলেটেড কফি মগ দিব পাৰে ।

পাৰ্চ

National Girlfriend Day 2024
পাৰ্চ (FREEPIK)

এটা মৰমলগা পাৰ্চ, মানিবেগ, ক্লাচ মহিলাৰ বাবে অতি উপযোগী । আপুনি আপোনাৰ প্ৰেমিকা বা বান্ধবীক এটা মানিবেগ বা হেণ্ডবেগ উপহাৰ দিব পাৰে, যাক তেওঁ দৈনিক ব্যৱহাৰ কৰিব পাৰে । পাৰ্চ বহু ধৰণৰ আৰু প্ৰতিটো ৰেঞ্জত উপলব্ধ ৷ আপোনাৰ বাজেট অনুসৰি তেওঁৰ বাবে এটা পাৰ্চ ক্ৰয় কৰিব পাৰে ।

সুগন্ধি থকা মমবাতি

National Girlfriend Day 2024
সুগন্ধি থকা মমবাতি (FREEPIK)

সুগন্ধি থকা মমবাতিবোৰে আপোনাৰ ঘৰখনক ৰূপান্তৰিত কৰিব পাৰে । এনে মমবাতিৰ সুগন্ধিয়ে মেজাজ উন্নত কৰিব পাৰে । ভাল সুগন্ধি থকা মমবাতিয়ে উদ্বেগ কম কৰে আৰু আপোনাক শান্ত কৰে । আপুনি আপোনাৰ প্ৰেমিকাক সুগন্ধিৰে ভৰা মমবাতি উপহাৰ দিব পাৰে, যাৰ সুগন্ধিয়ে তেওঁৰ মুখত হাঁহি বিৰিঙাব পাৰে ।

প্ৰসাধন সামগ্ৰী

National Girlfriend Day 2024
মেকআপ প্ৰডাক্ট (FREEPIK)

মহিলাসকলে ছালৰ যত্ন আৰু মেকআপৰ সামগ্ৰী খুবেই ভাল পায় । সেয়ে আপুনি তেওঁক প্ৰসাধন সামগ্ৰী উপহাৰ দিব পাৰে । আপোনাৰ বাজেট অনুসৰি নেইল পেইন্ট, লিপষ্টিক বা চকুৰ মেকআপ কিট উপহাৰ দিব পাৰে । ছালৰ যত্নৰ সামগ্ৰীও দিব পাৰে । তেওঁ আপোনাৰ আই উপহাৰ নিশ্চয় ভাল পাব আৰু আনন্দেৰে ব্যৱহাৰ কৰিব ।

লগতে পঢ়ক: আপোনাৰ সংগীয়ে আপোনাৰ সৈতে বিয়া হ’ব বিচাৰে নে নাই কেনেকৈ জানিব ? - Relationship Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.