ETV Bharat / health

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি ? আজিয়েই আজিৰ ত্যাগ কৰক এইসমূহ খাদ্য... - fatty liver disease

Fatty liver: ফেটি লিভাৰ কি ? ফেটি লিভাৰ হোৱাৰ কাৰণসমূহ কি কি ? ফেটি লিভাৰৰ লক্ষণসমূহ কি কি ? এই সন্দৰ্ভত জনলে গেষ্ট্ৰ’এন্টেৰ’লৱজিষ্ট ডাঃ ছবুৰ উদ্দিন আহমেদে ।

know everything about fatty liver,  what triggers fatty liver and how to cure fatty liver
ফেটি লিভাৰ কি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 5:59 PM IST

গুৱাহাটী, 12 জুন: বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায় । মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয় । বৰ্তমান মানুহৰ মাজত আধুনিক জীৱনশৈলীৰ বাবে যিবোৰ সমস্যাই গা কৰি উঠিছে, সেইবোৰৰ ভিতৰত অন্যতম হৈছে ফেটি লিভাৰ । কিছুবছৰ পূৰ্বে এই ৰোগ সম্পৰ্কে মানুহৰ মাজত বিশেষ ধাৰণা নাছিল । কিন্তু বৰ্তমান সময়ত বয়স্ক লোকৰ পৰা আৰম্ভ কৰি কম বয়সৰ ল'ৰা-ছোৱালীৰ মাজতো এই সমস্যা বাৰুকৈয়ে পৰিলক্ষিত হয় ।

ডা: ছবুৰ উদ্দিন আহমেদে কি কয় শুনক (ETV Bharat Assam)

আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত অন্যতম হৈছে যকৃত বা লিভাৰ । সাধাৰণতে সুস্থ লিভাৰত কম অথবা কেতিয়াবা চৰ্বি নাথাকেই । যেতিয়া এগৰাকী লোকৰ যকৃতত অত্যাধিক পৰিমাণে চৰ্বি সঞ্চিত হয় অৰ্থাৎ লিভাৰত প্ৰচুৰ পৰিমাণে চৰ্বি জমা হয় তেতিয়া ইয়াক ফেটি লিভাৰ বুলি কোৱা হয় ।

ফেটি লিভাৰৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

  • ফেটি লিভাৰৰ এটা মূল কাৰণ হৈছে অত্যাধিক মদ্যপান ।
  • মানুহৰ পৰিকল্পিত খাদ্যভ্যাসো এই বেমাৰৰ অন্যতম কাৰণ ৷
  • অত্যাধিক জাংকফুড গ্ৰহণো ফেটি লিভাৰৰ মূলকাৰণ ।

আজিকালি প্ৰায়ভাগ লোকে নিজৰ পৰম্পৰাগত খাদ্য খাবলৈ বাদ দি তাৰ পৰিৱৰ্তে ফাষ্টফুড, জাংকফুড আদি খায় । এনে ধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হয় । ইয়োৰোপৰি ডায়েবেটিছ, উচ্চৰক্তচাপ, মেদবহুলতা আদি থকা লোক সকলৰো এই ৰোগ হ'ব পাৰে ।

ফেটি লিভাৰৰ লক্ষণসমূহ কি কি ?

প্ৰথম অৱস্থাত এই ৰোগৰ কোনো ধৰণৰ বিশেষ লক্ষণ ফুটি নুঠে । সেইবাবে বেছিভাগে লোকেই প্ৰথমে ফেটি লিভাৰ হোৱাৰ কথা গমেই নাপায় । কেতিয়াবা কেতিয়াবা এনে ৰোগীয়ে পেটৰ সোঁফালে ওপৰ অংশত সামান্য বিষ অনুভৱ কৰিব পাৰে বা কেতিয়াবা কেতিয়াবা এনে ৰোগীৰ বমি অথবা ওকালি ভাৱো আহিব পাৰে । আনহাতে, যেতিয়া এই সমস্যাই জটিল ৰূপ ধাৰণ কৰে অৰ্থাৎ লিভাৰ চিৰ’ছিছ হয় তেতিয়া বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে । আক্ৰান্তৰ ছালৰ খজুৱতি হয় । ৰোগীৰ পেট ফুলি উঠিব পাৰে । পেটত পানী জমা হ’ব পাৰে । কেতিয়াবা শ্বাস প্ৰস্বাসৰ সমস্যাই দেখা দিব পাৰে । ছালখন আৰু চকুৰ ৰং হালধীয়া হয় যাক জণ্ডিছ বুলি কোৱা হয় ।

ফেটি লিভাৰৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগিব ?

মদ্যপানৰ অভ্যাস ত্যাগ কৰিব লাগিব । দৈনন্দিন খাদ্যৰ তালিকাত অত্যধিক চৰ্বিযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব নালাগিব । ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব লাগিব । শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰাখিলেও এই সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা নাথাকে । নিয়মীয়াকৈ শাৰীৰিক শ্ৰম কৰিব লাগিব ।

লগতে পঢ়ক : ভাগৰুৱা অনুভৱ কৰা বা ভোক নলগা যেন অনুভৱ হয় নেকি ? হ’ব পাৰে লিভাৰ চিৰ’ছিছৰ লক্ষণ - Liver Cirrhosis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.