ETV Bharat / health

তেলীয়া ছাল-মুখৰ ক’লা দাগৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে নেকি ? তেন্তে এয়া লওক উপায় - Home Remedies for Oily Skin

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 5:21 PM IST

Home Remedies for Oily Skin: কিছুমান মানুহৰ ছাল যিকোনো সময়তে তেলীয়া হোৱা দেখা যায় । লগতে দেখা যায় ক’লা দাগৰ সমস্যা ৷ যি প্ৰায়ে মহিলাৰ সৌন্দৰ্য ম্লান পেলায় ৷ কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ ঘৰতে প্ৰস্তুত কৰিব পৰা এই ফেচপেকে অতি সহজে দিব আপোনাৰ এই সমস্যাৰ সমাধান ৷ জানক কেনেকৈ-

home remedies for oily skin and black spots and how to avoid black spots and oily skin
তেলীয়া ছাল তথা মুখৰ ক’লা দাগৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে নেকি ? তেন্তে এয়া লওক উপায় (FREEPIK)

প্ৰতিগৰাকী মহিলাই ধুনীয়া চিকচিকিয়া ছাল বিচাৰে মুখত সৰু সৰু পিম্পল আৰু ক’লা দাগ থকাটো কোনো মহিলাই সহ্য কৰিব নোৱাৰে । এনে বহু মহিলা আছে যিয়ে তেলীয়া ছালৰ সমস্যাৰ সৈতে যুঁজিবলগীয়া হয় ৷ বিশেষজ্ঞসকলে কয় যে এই সমস্যা সমাধানৰ বাবে আপুনি ঘৰতে উপলব্ধ সামগ্ৰীৰে ফেচ পেক তৈয়াৰ কৰি প্ৰয়োগ কৰিব পাৰে । ইয়াৰ ফলত আপুনি এখন উজ্জ্বল গৰাকী হ’ব পাৰিব । জানো আহক এই ফেচপেকসমূহ নো কি আৰু ইয়াক ঘৰতে কেনেকৈ তৈয়াৰ কৰিব পাৰি ৷

চৰ্বি কমোৱাৰ বাবে:

আধা চামুচ চন্দন আৰু মুলতানী মাটি লৈ দুয়োটা গোলাপ পানীত মিহলাই পেক এটা বনাওক ।

এই মিশ্ৰণটো মুখত লগাই পোন্ধৰ পৰা বিশ মিনিট ৰাখিব ।

তাৰ পিচত ঠাণ্ডা পানীৰে ধুই পেলাব । বিশেষজ্ঞসকলে কয় যে, এনে কৰিলে মুখমণ্ডলত জমা হোৱা সহজে তেল আঁতৰি যাব ।

২০১৬ চনত "জাৰ্নেল অৱ কচমেটিক ডাৰ্মাট'লজী"ত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে ৪ সপ্তাহৰ বাবে মুলতানি মাটি আৰু চন্দনৰ ফেচ পেক ব্যৱহাৰ কৰিলে মুখত তেলৰ জমা হোৱাটো যথেষ্ট হ্ৰাস পায় ।

নাৰ্জি ফুলৰ ফেচ পেক:

  • কোমল নাৰ্জি ফুলৰ পাহি- আধা চামুচ
  • আমলখি গুড়ি - আধা চামুচ
  • দৈ - আধা চামুচ
  • নেমুৰ ৰস – ছয় টোপাল

পদ্ধতি:

  • প্ৰথমে আমলখি গুড়িখিনি লৈ ​​নাৰ্জি ফুলৰ এক মিশ্ৰণ তৈয়াৰ কৰি ল’ব ।
  • তাৰ পিচত এই মিশ্ৰণত পাঁচ টোপাল নেমুৰ ৰস দি ভালদৰে মিহলাই লওক ।
  • তাৰ পিচত তাত আধা চামুচ দৈ দিব ।
  • এই পেষ্টটো ওঁঠ আৰু চকুৰ তলৰ অংশক এৰি গোটেই মুখমণ্ডলত লগাওক আৰু বিশ মিনিট ৰাখিব ।

মুখৰ ক'লা দাগ আঁতৰাবলৈ:

  • ভাল পৰিমাণৰ মৌ লওক । ক’লা দাগবোৰত পোনপটীয়াকৈ লগাই পোন্ধৰ-বিশ মিনিট ৰাখি তাৰ পিচত পৰিষ্কাৰ পানীৰে ধুই লওক । কোৱা হয় যে দৈনিক নিয়মিত মুখত মৌ প্ৰয়োগ কৰিলে মুখৰ ক’লা দাগবোৰ দূৰ হৈ ক্ৰমান্বয়ে আপোনাৰ ছালখন উজ্বল কৰি তোলে ।
  • কিন্তু যিহেতু এই দাগবোৰ ইমান সোনকালে কমি নাযায়, গতিকে কোৱা হয় যে ধৈৰ্যৰে এই টিপচ্ নিয়মিতভাৱে এমাহ ধৰি মানি চলিলে ভাল ফলাফল পোৱা যাব ।
  • ২০১৬ চনত "জাৰ্নেল অৱ ডাৰ্মেট'লজী"ত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে ক'লা দাগত নিয়মিতভাৱে ৮ সপ্তাহ ধৰি মৌ প্ৰয়োগ কৰিলে ইয়াৰ দাগবোৰ বহু সহজে দূৰ হয় ।
  • চুডানৰ মেডিচিন এণ্ড ফাৰ্মাচী বিশ্ববিদ্যালয়ৰ ছালৰ বিশেষজ্ঞ ডাঃ আব্দুলৰহিম বাদালদিনে এই গৱেষণাত অংশগ্ৰহণ কৰিছিল ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: বাৰিষাত চুলি আৰু ছালৰ যতন কেনেদৰে ল’ব লাগে জানেনে ? - Monsoon Hair and Skin Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.