ETV Bharat / health

সাৱধান ! কণ্ডম-লুব্ৰিকেণ্টে বৃদ্ধি কৰিব পাৰে কেন্সাৰ-বন্ধ্যাত্বৰ সম্ভাৱনা - New Study Reveals

author img

By ETV Bharat Health Team

Published : Aug 2, 2024, 1:20 PM IST

Condom lubricants Contain Toxic Chemicals : শেহতীয়া এক অধ্যয়ন অনুসৰি বহু ভাল আৰু সুপৰিচিত ব্ৰেণ্ডৰ কণ্ডম আৰু লুব্ৰিকেণ্টৰ সামগ্ৰীত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ পোৱা গৈছে । যিয়ে আপোনাৰ জীৱনলৈ মাতিব পাৰে বিপদ ৷

Condom lubricants Contain Toxic Chemicals
সাৱধান! কণ্ডম-লুব্ৰিকেণ্টে বৃদ্ধি কৰিব পাৰে কেন্সাৰ-বন্ধ্যাত্বৰ সম্ভাৱনা (FREEPIK)

নিৰাপদ যৌন সম্পৰ্ক স্থাপনৰ বাবে মানুহে প্ৰায়ে লুব্ৰিকেণ্ট ব্যৱহাৰ কৰে । যিটো এটা ভাল অভ্যাস । ইয়াৰ উপৰিও যৌন সংক্ৰামক ৰোগ (STD)ৰ লগতে HIV ৰ দৰে অন্যান্য যৌন সংক্ৰামক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে । একে সময়তে যৌন সম্পৰ্ক স্থাপনৰ সময়ত জ্বলন আৰু ফ্ৰিক্সন কমোৱাৰ বাবে লুব্ৰিকেণ্ট বা লুব ব্যৱহাৰ কৰা হয় ।

বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে কণ্ডম-লুব্ৰিকেণ্টে (FREEPIK)

কিন্তু যদি আপুনি গম পায় যে ইয়াক ব্যৱহাৰ কৰিলে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, তেন্তে কি তেন্তে আপুনি কি বুলি ক’ব । হয়, কণ্ডম আৰু লুব ব্যৱহাৰ কৰা লোকসকলে কেন্সাৰ আৰু বন্ধ্যাত্ব(Infertility)ত ভুগিব পাৰে ।

কণ্ডম আৰু লুবত পোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ

শেহতীয়াকৈ পৰিৱেশ সুৰক্ষা সংস্থাৰ এক অধ্যয়নত দেখা গৈছে যে বহু ভাল আৰু সুপৰিচিত ব্ৰেণ্ডৰ কণ্ডম আৰু লুব্ৰিকেণ্টত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় । অধ্যয়ন অনুসৰি এইবোৰ তৈয়াৰ কৰাত PFAS (১৫ হাজাৰ কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰ এটা গোট) ব্যৱহাৰ কৰা হয় ।

কণ্ডম আৰু লুবত পোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ (FREEPIK)

এই ৰাসায়নিক পদাৰ্থ বহু ব্ৰেণ্ডৰ আল্ট্ৰা থিন কণ্ডম আৰু জেলীৰ দৰে লুব্ৰিকেণ্টত পোৱাটো নিশ্চিত কৰা হৈছে । কণ্ডমত সাধাৰণতে PFAS ব্যৱহাৰ কৰা হয়, যাতে ইয়াৰ আৰ্দ্ৰতা আৰু তৰল পদাৰ্থ ধৰি ৰাখিব পৰা যায় ।

হ’ব পাৰে কেন্সাৰৰ কাৰণ

PFAS ৰ ওপৰত কৰা কিছুমান গৱেষণাৰ মতে, ইয়াৰ সংস্পৰ্শলৈ আহিলেও কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । কেতিয়াবা ইয়াৰ ফলত অণ্ডকোষৰ কৰ্কট ৰোগ হোৱাৰ লগতে বৃক্কৰ কৰ্কট ৰোগো হ’ব পাৰে । কিছুমান ক্ষেত্ৰত ইয়াৰ অত্যধিক ব্যৱহাৰেও বন্ধ্যাত্বৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

এই ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে প্ৰষ্টেট কেন্সাৰৰ লগতে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় । এণ্ডোমেট্ৰিয়েল কেন্সাৰৰ উপৰিও ইয়াৰ ফলত থাইৰয়ড কেন্সাৰৰো সৃষ্টি হ’ব পাৰে ।

PFASৰ দ্বাৰা হোৱা অন্যান্য ক্ষতি

  • এই ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে কেৱল পুৰুষৰ শৰীৰেই নহয়, মহিলাৰ শৰীৰৰো ক্ষতি হ’ব পাৰে ।
  • বিশেষজ্ঞসকলৰ মতে, PFAS ৰ সংস্পৰ্শলৈ আহিলে শুক্ৰাণুৰ সংখ্যাত প্ৰভাৱ পৰে, যাৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে ।
  • PFAS ৰ সংস্পৰ্শলৈ আহিলে যকৃতৰ ক্ষতি হোৱাৰ লগতে থাইৰয়ডৰ সমস্যাও হ’ব পাৰে ।
  • এই ৰাসায়নিক পদাৰ্থই কেতিয়াবা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰাৰ লগতে আন সমস্যাৰো সৃষ্টি কৰিব পাৰে ।
লগতে পঢ়ক: Penile Fracture: পিনাইল ফ্ৰেক্সাৰ মানে কি ? পুৰুষসকলে নিশ্চয় ইয়াৰ বিষয়ে জনাটো উচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.