ETV Bharat / state

পুনৰ অশান্ত ৰাজ্য : ৯ আৰু ১০ ছেপ্টেম্বৰত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান - Manipur crisis

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:48 AM IST

Manipur crisis: যোৱা কিছুদিন ধৰি মণিপুৰত পুনৰ হিংসাত্মক ঘটনা আৰম্ভ হৈছে । এনে পৰিস্থিতিত মঙলবাৰলৈ চৰকাৰে সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰিছে ।

Manipur crisis
পুনৰ অশান্ত মণিপুৰ;বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান (ETV Bharat)

তেজপুৰ, ৯ ছেপ্টেম্বৰ : অগ্নিগৰ্ভা মণিপুৰ । উত্তৰ পূৱৰ ৰাজ্যখনত পুনৰ হিংসা আৰম্ভ হোৱাৰ লগে লগে চৰকাৰী তথা বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় ১০ ছেপ্টেম্বৰলৈ বন্ধৰ ঘোষণা চৰকাৰৰ । দেওবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগে এক জাননী জাৰি কৰি এই কথা উল্লেখ কৰে । ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগে ৰকেট আৰু বোমা বিস্ফোৰণৰ ঘটনাৰ পিচতে শনিবাৰে চৰকাৰী বিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰিছিল ।

বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল :

একেদৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক টি শান্তিকুমাৰ সিঙে সংশ্লিষ্ট সকলোকে জনাইছে যে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ২০২৪ চনৰ আজিৰে পৰা অৰ্থাৎ ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ইউ জি আৰু পি জি পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে । পৰীক্ষাৰ নতুন তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি তেওঁ অৱগত কৰিছে ।

এই ক্ষেত্ৰত সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে পৰীক্ষা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় শেহতীয়া তথ্যৰ সৈতে আপডেট লৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে । শীৰ্ষ কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে এই জাননী জাৰি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, বিষ্ণুপুৰ জিলাৰ ঘটনাৰ পিচত জিৰিবামত সংঘটিত হিংসাত্মক ঘটনাত আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰিছে আৰু বহুতো গোলাবাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ চিনাক্তকৰণ কৰি নাম প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বাবে ক'ক'মিয়ে তাৎক্ষণিকভাৱে জৰুৰীকালীন বন্ধ ঘোষণা কৰিছিল । দেওবাৰে পুনৰ ইয়াৰ মাজতে ক'ক'মিয়ে কিছু সময়ৰ বাবে ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ ঘোষণা প্ৰত্যাহাৰ কৰে । ক'ক'মিয়ে প্ৰকাশ কৰিছে যে স্কুল, কলেজ, বজাৰকে ধৰি ৰেড জ'নত থকা অঞ্চলসমূহত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত ।

মণিপুৰত নতুন হিংসাত্মক ঘটনা :

জিৰিবাম জিলাৰ অন্তৰ্গত নুংচাপ্পি গাঁৱত কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰাৰ ফলত ১ গৰাকী জ্যেষ্ঠ নাগৰিকৰ মৃত্যু হয় । ইয়াৰ উপৰিও এই কাণ্ডৰ পিচত জিৰিবামৰ ৰছিদপুৰ দ্বিতীয় খণ্ডৰ চাহ বাগিচাত বিভিন্ন গোটৰ মাজত প্ৰচণ্ড গুলীচালনা হয় ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী তথা নিৰাপত্তা বাহিনী সেই স্থানত উপস্থিত হয় । আৰক্ষীৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ৰছিদপুৰ দ্বিতীয় খণ্ডৰ চাহ বাগিচাত এই গুলীচালনাৰ পিচত ঘটনাস্থলীত মুঠ ৫ টা মৃতদেহ উদ্ধাৰ হয় । তাৰ ভিতৰত ৪ টা মৃতদেহ পিচত চিনাক্ত কৰা হয় । তাৰে ৩ টা কুকি উগ্ৰপন্থীৰ (কে এল এ) সদস্যৰ আৰু এটা গাঁৱৰ স্বেচ্ছাসেৱক বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, কুকি উগ্ৰপন্থী ৩ টা চুৰাচান্দপুৰ জিলাৰ বাসিন্দা আছিল আৰু এই বিধ্বংসী কাৰ্যকলাপসমূহ সম্পন্ন কৰিবলৈ তেওঁলোকে জিৰিবামলৈ বহু দূৰ অতিক্ৰম কৰি আহিছিল । আন এটা মৃতদেহ পিচত চিনাক্ত কৰা হয় । মৃতদেহটো জিৰিবাম জিলাৰ ডিবং খুনৌৰ বাসিন্দা ইউএনএলএফ (পি)ৰ সদস্য বাস্পতিমায়ুম লখী কুমাৰ শৰ্মা বুলি জানিব পৰা গৈছে । ইফালে গুলীচালনাৰ ঘটনাটোৰ পিচতে অঞ্চলটোৰ পৰা আৰক্ষী তথা সামৰিক বাহিনীয়ে বহু অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :পুনৰ জ্বলিছে মণিপুৰ : বোমা বিস্ফোৰণত কেবাগৰাকী লোকৰ মৃত্যু - Manipur crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.