ETV Bharat / bharat

কথমপি ৰক্ষা পৰিল কালিন্দী এক্সপ্ৰেছৰ শ শ যাত্ৰী ! - Kalindi Express incident

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 11:44 AM IST

Kalindi Express incident: উত্তৰ প্ৰদেশত কালিন্দী এক্সপ্ৰেছ বগৰাই দিয়াৰ ষড়যন্ত্ৰ দুৰ্বৃত্তৰ ! ৰে'লপথত ৰখা চিলিণ্ডাৰত খুন্দা মাৰিলে ৰে'লখনে । ফলত চিলিণ্ডাৰটো বিস্ফোৰণ হয় । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Kalindi Express incident
কথমপি ৰক্ষা পৰিল কালিন্দী এক্সপ্ৰেছৰ শ শ যাত্ৰী (ETV Bharat)

নেশ্যনেল ডেস্ক, ৯ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ কানপুৰত চাঞ্চল্যকৰ ঘটনা । ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভিৱানী অভিমুখী কালিন্দী এক্সপ্ৰেছ । ৰে'লখন আনৱাৰগঞ্জ-কাচগঞ্জ ৰে'লপথত থকা এটা গেছ চিলিণ্ডাৰত খুন্দা মাৰে । ফলত চিলিণ্ডাৰ বিস্ফোৰণ হয় । এই ঘটনাক লৈ যাত্ৰী আৰু স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

কালিন্দী এক্সপ্ৰেছ ঘটনা

চিলিণ্ডাৰ বিস্ফোৰণৰ পিচতে আৰক্ষী আৰু ৰে'ল বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । ৰে'লপথৰ পৰা কিছু দূৰত পেট্ৰ'লৰ বটলসহ চিলিণ্ডাৰ আৰু অন্যান্য সন্দেহজনক বস্তুৰ অৱশেষ উদ্ধাৰ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে কোনো দুস্কৃতিকাৰীয়ে ৰে'লখন বগৰাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল । যাৰ বাবে দুস্কৃতিকাৰীয়ে ৰে'লপথত চিলিণ্ডাৰটো ৰাখিছিল ।

ৰে'লপথত চিলিণ্ডাৰ বিস্ফোৰণ

জানিব পৰা মতে ঘটনাটো নিশা প্ৰায় ৮:৩০ বজাত সৰজাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত সংঘটিত হৈছিল । কানপুৰৰ পৰা ভিৱানীলৈ কালিন্দী এক্সপ্ৰেছ (১৪১১৭) আনৱাৰগঞ্জ-কাচগঞ্জ পথেৰে গৈ আছিল । ৰে'লখন মুন্দেৰী ক্ৰছিং পাৰ হোৱাৰ লগে লগে ৰে'লখনে এলপিজি চিলিণ্ডাৰত খুন্দা মাৰে যাৰ ফলত এক প্ৰচণ্ড শব্দ হয় আৰু চিলিণ্ডাৰটো বিস্ফোৰিত হয় । লোকো পাইলটে লগে লগে ৰে'লখন ৰখাই দিয়ে ।

তদন্ত আৰম্ভ

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে'ল বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু আৰক্ষীৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় । ঘটনাস্থলীৰ কিছু দূৰত এটা এলপিজি চিলিণ্ডাৰ, এটা দিয়াশলাই বাকচ আৰু পেট্ৰ'লভৰ্তি বটল উদ্ধাৰ কৰাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে । ফৰেনচিকৰ এটা দলে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে । ইফালে ৰে'ল সুৰক্ষা বাহিনীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।

ঘটনাটোৰ পিচতে ৰে'লখন প্ৰায় ২০ মিনিট ৰখাই থোৱা হৈছিল । পিচত ৰে'লখন পৰৱৰ্তী ষ্টেচনলৈ ৰাওনা হয় যদিও অনুসন্ধানৰ বাবে বিলহাউৰ ষ্টেচনত পুনৰ ৰে'লখন ৰখাই দিয়া হয় ।

লগতে পঢ়ক :ইউটিউবত ভিডিঅ’ চাই পাথৰৰ অস্ত্ৰোপচাৰ: ৰোগীয়ে প্ৰাণ হেৰুওৱাত পলায়ন চিকিৎসকৰ - Patient died during operation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.