ETV Bharat / state

সুধাকণ্ঠলৈ ওপজা দিনৰ ওলগ : গীতে-মাতে জীপাল গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মীয়মান প্ৰেক্ষাগৃহ - 99th Bhupen Hazarika Birthday

author img

By ETV Bharat Entertainment Team

Published : Sep 9, 2024, 10:40 AM IST

Bhupen Hazarika's birth anniversary : গুৱাহাটী ক্লাবত সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগজ্যোতি কমিউনিকেশ্যনচৰ উদ্যোগত সুধাকণ্ঠৰ ওপজা দিনৰ কাৰ্যসূচী । গীতে-মাতে জীপাল হ’ল নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মীয়মান প্ৰেক্ষাগৃহ ৷

Dr Bhupen Hazarika birthday celebrations at Guwahati club
সুধাকণ্ঠলৈ ওপজা দিনৰ ওলগ (ETV Bharat)

গুৱাহাটী, 9 ছেপ্টেম্বৰ : সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 99 সংখ্যক ওপজা দিন । ওপজা দিন উপলক্ষে দেওবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি অনুষ্ঠিত কৰা হয় ভিন্ন কাৰ্যসূচী । মহানগৰীৰ গুৱাহাটী ক্লাবত অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগজ্যোতি কমিউনিকেশ্যনচৰ যৌথ উদ্যোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মীয়মান প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় সুধাকণ্ঠৰ ওপজা দিনৰ কাৰ্যসূচী ।

প্ৰাগজ্যোতি কমিউনিকেশ্যনচৰ অধ্যক্ষ দীপাংক হাজৰিকাই আঁতধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে নিউ আৰ্ট প্লেয়াৰ্ছৰ সভাপতি অজয় কুমাৰ দত্তই সুধাকণ্ঠক স্মৰণ কৰাৰ লগতে উপস্থিত অতিথিসকলক আদৰণি জনায় ৷ উক্ত অনুষ্ঠানত যশস্বী আবৃত্তিকাৰ উপম শইকীয়াৰ পৰিচালনাত ‘‘শব্দম স্কুল অৱ ৰিচাইটেচন’’ৰ ছাত্ৰ-ছাত্ৰীসকলে সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশনৰ লগতে নৃত্যৰো এক অনুষ্ঠান পৰিৱেশন কৰে ।

অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট তবলাবাদক, শাস্ত্ৰীয় সংগীতৰ গৱেষক তথা ইউনেস্ক’ৰ অন্তৰ্গত সংস্থা আইক’মচৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ দিলীপ চাংকাকতি । চাংকাকতিয়ে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰু তেখেতৰ গীতত ইয়াৰ প্ৰয়োগ সন্দৰ্ভত এক তথ্যসমৃদ্ধ বক্তব্য প্ৰদান কৰাৰ লগতে অনুষ্ঠানত উপস্থিত অতিথিসকলৰ সৈতে এটি অন্তৰংগ আলাপত মিলিত হয় ৷

লগতে পঢ়ক : সুধাকণ্ঠলৈ সন্মান, প্ৰতিচ্ছবি অংকনেৰে গঢ়িলে ৰেকৰ্ড - Bhupen Hazarika

ইফালে এই অনুষ্ঠানতে নিউ আৰ্ট প্লেয়াৰ্ছৰ শিল্পীসকলে সুধাকণ্ঠৰ কালজয়ী গীতৰ আধাৰত বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে ৷ বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ডাঃ মিৰনন্দা বৰঠাকুৰৰ সুধাকণ্ঠৰ গীতৰ সুৰত নৃত্য আৰু দেৱাশী শৰ্মা তামুলী, ভূষান তালুকদাৰ আৰু গৰিষ্ঠা শৰ্মাই পৰিৱেশন কৰা দলীয় নৃত্যই দৰ্শকৰ প্ৰসংশা লাভ কৰে ৷

পৰৱৰ্তী কাৰ্যসূচীত বিশিষ্ট সুৰকাৰ, সংগীত পৰিচালক অনুপম চৌধুৰীৰ পৰিচালনাত নিউ আৰ্ট প্লেয়াৰ্ছৰ মহিলা শিল্পীসকল ক্ৰমে সুনয়না গোস্বামী, চেমিমা খাতুন, ড৹ মল্লিকা শইকীয়া বৰুৱা, নিৰদা চক্ৰৱৰ্তী আৰু ইনা চক্ৰৱৰ্তীৰ কণ্ঠত বৃন্দগান আৰু কৃতাঞ্জলি গোস্বামীয়ে পৰিৱেশন কৰা ভূপেন্দ্ৰ সংগীতে দৰ্শকৰ ভূয়সী প্ৰসংশা লাভ কৰে ৷

অনুষ্ঠানৰ শেষত অনুপম চৌধুৰীৰ একৰডিয়ানত সুধাকণ্ঠৰ কালজয়ী গীতৰ সুৰ বজাই প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ ইফালে এই অনুষ্ঠানত গুৱাহাটী ৰিডাৰ্ছ ফ'ৰামৰ সদস্যসকলেও সক্ৰিয় সহযোগ কৰে ৷

লগতে পঢ়ক : টাইম কেপচুলৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - DR BHUPEN HAZARIKA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.