সুস্থ হৈ থাকিবলৈ মানুহে প্ৰায়ে স্বাস্থ্যসন্মত ব্যায়াম আৰু খাদ্যাভ্যাস মানি চলে ৷ ব্যস্ত দৈনন্দিন জীৱনত মানুহৰ নিজৰ বাবে সময়ো নাথাকে ৷ এনে পৰিস্থিতিত এতিয়া নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ মানুহে এনে কিছুমান ব্যায়াম নিজৰ ৰুটিনত অন্তৰ্ভুক্ত কৰে, যাৰ ফলত কম সময়ত তেওঁলোকৰ অধিক সোনকালে সুফল লাভ কৰে ৷ ইয়াৰে ভিতৰত খোজকঢ়াটো অন্যতম, যিটো বহু লোকৰ জীৱনশৈলীৰ এটা অংশ ৷ খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে বহুতো উপকাৰিতা সাধন হয় ৷
এনে পৰিস্থিতিত আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক পুৱা সোনকালে উঠি খোজকঢ়াৰ কিছু উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিম ৷ পুৱাৰ খোজকঢ়া বা মৰ্ণিং ৱাকৰ কিছু উপকাৰিতা জানো আহক-
পুৱা সোনকালে উঠি খোজ কাঢ়িলে বহু গুৰুতৰ ৰোগৰ সম্ভাৱনা কম কৰিব পৰা যায় ৷ পুৱা সোনকালে উঠি খোজ কাঢ়িলে টাইপ ২ ডায়েবেটিছ, মেদবহুলতা, হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু কিছুমান প্ৰকাৰৰ কেন্সাৰ আদি গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয় ৷
লগতে পঢ়ক: যদি সুস্থ হৈ থাকিব বিচাৰে তেন্তে কোনে কিমান দূৰ খোজ কঢ়াটো উচিত ? - WALKING ACCORDING TO AGE
হাড় আৰু গাঁঠি শক্তিশালী কৰা
বয়স বৃদ্ধিৰ লগে লগে আমাৰ হাড়ৰ ঘনত্বও কমিবলৈ আৰম্ভ কৰে, যাৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে ৷ এনে পৰিস্থিতিত স্বাস্থ্যসন্মত খাদ্যৰ সৈতে খোজকঢ়াৰ অভ্যাসে আমাৰ হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে আৰু অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা দূৰ কৰিব পাৰে ৷
ওজন হ্ৰাস কৰাত সহায়ক
মধ্যম বেগত ৩০ মিনিট খোজ কাঢ়িলেও ওজন হ্ৰাস কৰাত সহায়ক হয় ৷ প্ৰতিদিনে আধা ঘণ্টা খোজ কাঢ়িলে ১৫০ কেলৰি পৰ্যন্ত বাৰ্ন হ’ব পাৰে আৰু এইদৰে আপুনি আপোনাৰ ওজন হ্ৰাসৰ লক্ষ্যত উপনীত হ’ব পাৰে ৷
মানসিক স্বাস্থ্য উন্নত কৰা
প্ৰতিদিনে পুৱা ৩০ মিনিট খোজ কাঢ়িলে আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন হয় ৷ খোজকঢ়াৰ অভ্যাসে আপোনাৰ মেজাজ উন্নত কৰাৰ লগতে মনক সুস্থ ৰখাত সহায় কৰিব পাৰে আৰু মানসিক চাপ, উদ্বেগ, ভাগৰ আৰু হতাশাৰ লক্ষণসমূহ দূৰ কৰিব পাৰে ৷
শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি কৰে
পুৱা বাহিৰত খোজ কাঢ়িলে আপোনাৰ শক্তিৰ মাত্ৰাত যথেষ্ট প্ৰভাৱ পৰে ৷ জাৰ্নেল অৱ এনভাইৰনমেণ্টেল চাইক’লজীত প্ৰকাশিত এক অধ্যয়নৰ মতে, পুৱা ২০ মিনিট খোজকঢ়া প্ৰাপ্তবয়স্কসকলে ঘৰৰ ভিতৰত খোজকঢ়াতকৈ অধিক শক্তি অনুভৱ কৰে ৷
টোপনিৰ মানদণ্ড উন্নত কৰে
যদি আপুনি প্ৰতিদিনে নিয়মিতভাৱে খোজ কাঢ়ে তেন্তে ই আপোনাৰ টোপনিৰ চক্ৰ উন্নত কৰাত সহায় কৰে ৷ খোজ কাঢ়িলে আপোনাৰ শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে আপোনাক গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে ৷
লগতে পঢ়ক: Walking On Grass: খালী ভৰিৰে ঘাঁহনিত খোজ কঢ়াটো শৰীৰৰ বাবে কিমান উপকাৰী জানি লওক এই প্ৰতিবেদনত