ETV Bharat / health

গৰ্ভাৱস্থাৰ সময়ত ৰঙালাও খাব লাগেনে ? - Pumpkin During Pregnancy - PUMPKIN DURING PREGNANCY

Pumpkin During Pregnancy: গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলৰ সৈতে প্ৰায়েই এনেকুৱা হয় যে কি খাব কি নাখাব কি খাদ্যই তেওঁৰ শৰীৰত শক্তিৰ যোগান ধৰিব ৷ এনে ক্ষেত্ৰত গৰ্ভৱতী মহিলাসকলৰ বাবে ৰঙালাও এক উত্তম বিকল্প-

Do you Know the amazing Benefits of Eating Pumpkin During Pregnancy
গৰ্ভাৱস্থাৰ সময়ত ৰঙালাও খাব লাগেনে ? (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 4:00 PM IST

সকলোৱে খাই ভাল নাপালেও ৰঙালাও আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ৰঙালাওত প্ৰ'টিন, কাৰ্বহাইড্ৰেট, আইৰণকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় । ৰঙালাও খাই আমি বহুতো ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰো ৷ বিশেষকৈ গৰ্ভধাৰণৰ সময়ত ৰঙালাও খোৱাটো মহিলাসকলৰ বাবে খুব উপকাৰী । গৰ্ভধাৰণৰ সময়ত ৰঙালাও খোৱাৰ উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

গৰ্ভৱতী মহিলাৰ হৃদযন্ত্ৰৰ বাবে ৰঙালাও অতি উপকাৰী ৷ ইয়াত পোৱা পটাছিয়ামৰ গুণাগুণে গৰ্ভৱতী মহিলাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷ কেৱল এয়াই নহয়, ই হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগবোৰ আঁতৰ কৰাতো যথেষ্ট সহায়ক ৷

সন্তানৰ চকুৰ বাবে উপকাৰী

গৰ্ভস্থ শিশুৰ চকুৰ বাবেও ৰঙালাও যথেষ্ট উপকাৰী ৷ ৰঙালাওত বিটা-কেৰোটিন নামৰ পুষ্টি থাকে, যিয়ে মাতৃ আৰু শিশুৰ দৃষ্টিশক্তি বৃদ্ধি কৰা তথা তেওঁলোকৰ চকু স্বাস্থ্যৱান কৰি ৰাখে ৷

কোষ্ঠকাঠিন্যৰ পৰা সকাহ

গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ প্ৰায়ে কোষ্ঠকাঠিন্যৰ সমস্যা হয় ৷ এনে পৰিস্থিতিত, ৰঙালাও তেওঁলোকৰ বাবে অতি উপকাৰী ৷ ৰঙালাওত পৰ্যাপ্ত আঁহৰ থাকে, যি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে ৷ ৰঙালাও খালে গৰ্ভৱতী মহিলাৰ পাচন তন্ত্ৰও উন্নত হয় ৷

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

গৰ্ভধাৰণৰ সময়ত বহুপ্ৰকাৰৰ হৰমনৰ পৰিৱৰ্তন হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে ৷ এনে পৰিস্থিতিত, গৰ্ভৱতী মহিলাসকলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ ৰঙালাও খোৱাটো খুবেই জৰুৰী ।

কেৱল এয়াই নহয় ৰঙালাও এবিধ অতি স্বাস্থ্যকৰ পাচলি, ইয়াত প্ৰ’টিন, স্বাস্থ্যকৰ চৰ্বি, জিংক, পটাছিয়াম, আৰু অন্যান্য প্ৰয়োজনীয় খনিজ পদাৰ্থ আছে যিয়ে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে । এই শাক-পাচলিয়ে শিশুৰ বৃদ্ধিত সহায় কৰে, ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ইয়াৰ বাবে ইটিভি ভাৰতে দায়িত্ব লোৱা নাই । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: Pumpkin Seeds Benefits: ৰঙালাও ৰন্ধাৰ সময়ত ইয়াৰ বীজবোৰ পেলাই দিয়ে নেকি ? জানি লওক ৰঙালাওৰ বীজৰ লাভালাভসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.