ETV Bharat / health

জীৱনত সফলতা লাভ কৰিবলৈ পুৱা উঠি নিতৌ কৰক এই কাম - Tips for a Healthier Morning

author img

By ETV Bharat Health Team

Published : Sep 6, 2024, 5:31 PM IST

Tips for a Healthier Morning: আমি আমাৰ দৈনন্দিন এনে বহু কাম কৰো যাৰ ফলত আমাৰ শৰীৰ অসুস্থ হৈ পৰে সেয়ে এটি সুস্থ জীৱনশৈলী অনুসৰণ কৰাৰ বাবে আমি সদায় পুৱা সোনকালে উঠি কিছুমান কাম কৰাটো খুবেই প্ৰয়োজনীয় ৷ যাৰ ফলত আমাৰ শৰীৰ সুস্থ হৈ থকাই নহয় বৰঞ্চ আমি বিভিন্ন ৰোগৰ পৰাও সদায় হাত সাৰি থাকিব পাৰো...এই অভ্য়াসবোৰ নো কি আজি জানি লওক-

Do these things early in the morning to improve your health
জীৱনত সফলতা লাভ কৰিবলৈ পুৱা উঠি নিতৌ কৰক এই কাম (ETV Bharat)

আমি পুৱা সাৰ পোৱাৰ পিছত সদায়ে শৰীৰৰ যত্ন লোৱাটো উচিত ৷ কিয়নো, শৰীৰৰ এটা অংশ অসুস্থ হৈ পৰাৰ ফলত এগৰাকী ব্য়ক্তিৰ সুস্থ শৰীৰ গঢ়ি তোলাৰ সপোন ভাঙি পৰিব পাৰে ৷ বহুলোকে পুৱা শুই উঠিয়ে কিছুমান ডাঙৰ ভুল কৰে যিয়ে তেওঁলোকৰ শৰীৰটোক যথেষ্ট ক্ষতি কৰিব পাৰে ৷ এই ক্ষতিবোৰ পিছলৈ গৈ ইমানে বেছি গুৰুতৰ হৈ উঠে যে শৰীৰৰ প্ৰতিটো অংগ অসুস্থ হৈ পৰিব পাৰে ৷ স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পুৱাৰ এনে কিছুমান ভাল আৰু বেয়া অভ্যাসৰ বিষয়ে আজি সৱিশেষ জানো আহক-

পুৱা কি কৰা উচিত ?

সোনকালে উঠাৰ অভ্যাস কৰক

দিনটো ভালদৰে পাৰ কৰিবলৈ পুৱা সোনকালে উঠাটো খুবেই দৰকাৰী ৷ বিশেষকৈ সূৰ্য্যোদয়ৰ আগতে উঠিব পাৰিলে খুবেই ভাল ৷ ই আপোনাক গোটেই দিনটো সতেজ অনুভৱ কৰোৱাৰ লগতে বহু ৰোগৰ পৰা সুৰক্ষাও দিয়ে ৷ সোনকালে উঠিলে আপুনি গোটেই দিনটোত বহু কাম কৰিব পৰাকৈ অধিক সময় পাব ৷

তামৰ পাত্ৰৰ পানী খাব

তামৰ কেলচিয়াম, আইৰণ, জিংক, এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়া আদিৰ দৰে গুণ আছে ৷ সেয়েহে পুৱা তামৰ পাত্ৰত খোৱা পানী শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ ই পেটৰ সমস্যাসমূহ আঁতৰ কৰি উন্নত শাৰীৰিক বিকাশত সহায় কৰে ৷

যোগ-ধ্যান কৰক

জীৱনটো স্বাস্থ্যৱান হৈ উপভোগ কৰিবলৈ যোগ আৰু ধ্যান হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প ৷ সেয়েহে আপোনাৰ পেশীবোৰ সক্ৰিয় কৰি তুলিবলৈ আৰু নমনীয়তা বৃদ্ধি কৰিবলৈ শুই উঠি কিছুমান কোমল যোগাসন আৰু ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক ৷ ইয়াৰ ফলত শৰীৰৰ জঠৰতা দূৰ হ’ব আৰু ৰক্ত সঞ্চালন বৃদ্ধি পাব ৷

তেল মালিছ

পুৱা শৰীৰত তেল মালিছ কৰিলে ছিদ্ৰবোৰ খোলে আৰু উন্নত ৰক্ত সঞ্চালন হয় ৷যাৰ ফলত ছালখনে গভীৰ পুষ্টি লাভ কৰে ৷ সেয়েহে, গা ধোৱাৰ আগতে দৈনিক তেল মালিছ কৰাটো অভ্যাসত পৰিণত কৰিব লাগে ৷

দিনটোৰ পৰিকল্পনা কৰক

কেইমিনিটমান সময় উলিয়াই আপোনাৰ কৰিবলগীয়া কামৰ তালিকাখন পৰ্যালোচনা কৰক আৰু দিনটোৰ বাবে আপোনাৰ কামবোৰ পৰিকল্পনা কৰক ৷

পুৱাৰ আহাৰ গ্ৰহণ

সময় হৈছে এক বহুমূলীয়া সম্পদ ৷ প্ৰত্যেকদিনাই মূল্যৱান সময় উপভোগ কৰাৰ লগতে পুৱাই আহাৰ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷ দিনটোৰ বাবে কৰিবলগীয়া কামৰ বাবে পুৱাৰ ভাগতেই আহৰণ কৰিব লাগে শক্তি ৷ সেয়েহে সকলোৱে পুৱাই আহাৰ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷

পুৱা কি কৰিব নালাগে

  • কিছুসংখ্যক লোকে পুৱা সাৰ পোৱাৰ লগে লগে বিচনাতে চাহ অথবা কফি খাব বিচাৰে ৷ কিন্তু শুই উঠিয়ে বিচনাতে চাহ অথবা কফি খোৱাটো অত্যন্ত বেয়া অভ্যাস ৷ ইয়াৰ সলনি পুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত সদায়ে পানী খাব লাগে ৷ ই শৰীৰৰ যৌগিক প্ৰক্ৰিয়া সক্ৰিয় কৰি তুলে, হজম শক্তি আৰু পাকস্থলী স্বাস্থ্যৱান কৰি ৰাখে ৷
  • পলমকৈ সাৰ পোৱাৰ ফলত বহু সংখ্যক লোকে কামলৈ যাবলৈ পলম হোৱাৰ অজুহাতত পুৱাৰ আহাৰ এৰিবলগীয়া হয় ৷ ই শৰীৰত জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া হ্ৰাস কৰে আৰু শৰীৰৰ ওজন বৃদ্ধি কৰে ৷ গতিকে কেতিয়াও পুৱাৰ আহাৰ বাদ দিব নালাগে ৷ পুৱাৰ আহাৰত আঁহ যুক্ত খাদ্য, প্ৰ’টিন অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ পক্ষে উপকাৰী ৷
  • পুৱা শুই উঠি খোজ কঢ়া, ব্যায়াম আদি নকৰাৰ ফলত শৰীৰ পিছলৈ অলস হৈ পৰিব পাৰে আৰু শৰীৰত বিভিন্ন ৰোগে বাহ ল’ব পাৰে ৷ সেয়েহে হৃদযন্ত্ৰ, মন আৰু শৰীৰৰ অন্যান্য অংশসমূহক স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক কাৰ্ডিঅ’ ব্যায়াম অথবা খোজ কঢ়াটো নিত্যান্তই প্ৰয়োজনীয় ৷

  • মানসিক শান্তিৰ বাবে পুৱাৰ সময়খিনি সকলো ব্যক্তিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ৷ কিয়নো পুৱাৰ সময়ত যদিহে কোনো লোকৰ মনত মানসিক চাপৰ সৃষ্টি হয়, তেনেহ’লে দিনটোৰ বাবে মনটো অশান্তিৰে ভৰি থাকে আৰু কাম-কাজত বিভিন্ন খেলি-মেলিৰ সৃষ্টি হয় ৷ গতিকে পুৱা সাৰ পোৱাৰ লগে লগে সামাজিক মাধ্যমৰ পৰা দূৰৈত থকাই উচিত ৷ ইয়াৰ পৰিৱৰ্তে, পুৱা শুই উঠি অলপ সময় ধ্যান কৰক ৷
  • পুৱা সাৰ পোৱাৰ পাছতে বহুলোকৰ ধূমপান কৰাৰ অভ্যাস আছে ৷ই শৰীৰৰ যথেষ্ট ক্ষতি কৰে ৷সেয়েহে পুৱা বা যিকোনো সময়তে ধূমপান পৰিহাৰ কৰিব লাগে ৷ ধূমপান কৰাৰ ফলত শৰীৰত কৰ্কট ৰোগৰ কোষ বিকশিত হয় ৷যাৰ ফলত এইধৰণৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা দ্ৰুতগতিত বৃদ্ধি হয় ৷
লগতে পঢ়ক: চাওতে চাওতে ৰুগীয়া হৈ পৰিব আপুনি যদিহে খাদ্যত নাথাকে এই ১৫বিধ পুষ্টিকৰ উপাদান - National Nutrition Week 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.