ETV Bharat / health

কাঠফুলা বিষাক্ত হয়নে নহয় কেনেকৈ চিনাক্ত কৰিব ? চিকিৎসকৰ পৰা জানি লওক - Poisonous Mushrooms - POISONOUS MUSHROOMS

Consumption of Poisonous Mushrooms: সাৱধান ! বাৰিষাৰ সময়ত ওলোৱা বনৰীয়া কাঠফুলাই ল’ব পাৰে আপোনাৰ প্ৰাণ ৷ সেয়ে এইক্ষেত্ৰত জনসাধাৰণক এনে বিষাক্ত কাঠফুলা ভক্ষণ নকৰিবলৈ আহ্বান জনাইছে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা SDM ডাঃ যোগেন দাসে ৷

dhemaji-health-department-is-working-to-raise-awareness-about-the-dangers-of-consuming-poisonous-mushrooms
কাঠফুলা বিষাক্ত হয় নে নহয় কেনেকৈ কৰিব চিনাক্ত ? চিকিৎসকৰ পৰা জানি লওক (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 5:18 PM IST

ধেমাজি, 15 জুন: বাৰিষাৰ আগমনৰ লগে লগে বাৰী-পথাৰত সহজতে উপলব্ধ হয় বিষাক্ত কাঠফুলা ৷ প্ৰতিবছৰে এনে বিষাক্ত বনৰীয়া কাঠফুলা খাই বিভিন্নজনে আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈ আহিছে । বিশেষকৈ পাহাৰৰ দঁতিকাষৰীয়া অঞ্চলৰ বা গ্ৰামাঞ্চলৰ বহুলোকে বনৰীয়া কাঠফুলা ভক্ষণ কৰি বিপদত পৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় ৷ সেয়ে এইক্ষেত্ৰত জনসাধাৰণক এনে বিষাক্ত কাঠফুলা ভক্ষণ নকৰিবলৈ আহ্বান জনাইছে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা SDM ডাঃ যোগেন দাসে ৷

জ্যেষ্ঠ চিকিৎসক ডাঃ যোগেন দাস (FREEPIK)

তেওঁ কয় যে এইবছৰো ধেমাজি জিলাৰ পাহাৰীয়া সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰী অঞ্চলৰ ১৫জন লোকে বনৰীয়া কাঠফুলা খাই চিকিৎসাধীন হ’বলগীয়া হয় ৷ ইতিমধ্যে আটাইকেইজন লোকে আৰোগ্য লাভ কৰিছে যদিও ধেমাজি স্বাস্থ্য বিভাগে এনে অঞ্চলত মাইকিং আৰু সজাগতা সভা অনুষ্ঠিত কৰি ব্যাপক তৎপৰতা অৱলম্বন কৰা বুলি অৱগত কৰে ৷

লগতে তেওঁ এই বনৰীয়া কাঠফুলা খোৱাৰ ফলত দেখা দিয়া লক্ষণসমূহৰ কথাও ব্যক্ত কৰে ৷ যেনে প্ৰথমতে বনৰীয়া কাঠফুলা খোৱাৰ ফলত এঘন্টা বা দুঘন্টাৰ পিচত ব্যক্তিগৰাকীৰ অতিপাত পেটৰ বিষ হ’ব, বমি অহা, শৌচ পাতল হোৱাৰ দৰে লক্ষণ দেখা দিব পাৰে ৷ এনেক্ষেত্ৰত যদি ব্যক্তিগৰাকীয়ে তৎক্ষণাত চিকিৎসা গ্ৰহণ নকৰে তেন্তে তেওঁ মৃত্যুমুখতো পৰিব পাৰে ৷

কাঠফুলা বিষাক্ত হয় নে নহয় কেনেকৈ চিনাক্ত কৰিব ?

ডাঃ যোগেন দাসে কয় যে বৰ্তমান এয়া বাৰিষা বতৰ, সেয়ে এই সময়ছোৱাত বিভিন্ন বিষাক্ত কাঠফুলা ওলায় ৷ কাঠফুলাটো যিহেতু বিষাক্ত হয় নে নহয় সেয়া সকলোৱে চিনাক্ত কৰি উলিয়াব নোৱাৰে সেয়ে পৰাপক্ষত এই সময়ছোৱাত কাঠফুলা নোখোৱাটোৱেই উপকাৰী ৷

শেহতীয়াকৈ, গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত বিষাক্ত কাঠফুলা সেৱন কৰি দুটা পৰিয়ালৰ ৮ জনকৈ লোক চিকিৎসাধীন হ’বলগীয়া হয় ৷ সম্প্ৰতি তেওঁলোক সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বিষাক্ত কাঠফুলাই কাল হ'ল; চিকিৎসালয়ত ভৰ্তি ৮ গৰাকী - Consumption of poisonous mushrooms

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.